৫৯ বছৰীয়া আমিৰক আকৰ্ষিত কৰা কোন এই সুন্দৰী ?

দুবাৰকৈ বিবাহ বিচ্ছেদ হোৱাৰ পাছতো আকৌ এবাৰ বিয়া পাতিবলৈ সাহ কৰিছে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানে। হয়, এই খবৰ তেওঁ খুদ ৰাজহুৱা কৰিছে। শেহতীয়া এক সাক্ষাৎকাৰত অভিনেতাজনে তেওঁৰ ব্যক্তিগত জীৱনৰ বহু কথাই মুকলিকৈ প্ৰকাশ কৰে।

author-image
Asomiya Pratidin
New Update
day

ডিজিটেল ডেস্ক: দুবাৰকৈ বিবাহ বিচ্ছেদ হোৱাৰ পাছতো আকৌ বিয়া পাতিবলৈ সাহ কৰিছে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানে। হয়, এই খবৰ তেওঁ খুদ ৰাজহুৱা কৰিছে। শেহতীয়া এক সাক্ষাৎকাৰত অভিনেতাজনে তেওঁ ব্যক্তিগত জীৱনৰ বহু কথাই মুকলিকৈ প্ৰকাশ কৰিছে।

Advertisment

এই সাক্ষাৎকাৰটোত তেওঁ কয়, 'মোৰ দুখন বিবাহ বিফল হৈছে। কিন্তু মই অকলে থাকি ভাল নাপাওঁ। মোক এজন সংগীৰ প্ৰয়োজন। মই অকলে থাকিব নোৱাৰো। সকলো সময়তে এগৰাকী সংগীৰ অভাৱ মই খুব অনুভৱ কৰো। মই এতিয়াও মোৰ প্ৰাক্তন পত্নী ৰীনা আৰু কিৰণৰ অতি ঘনিষ্ঠ। বিচ্ছেদ হৈছে যদিও আমি এতিয়াও এটা পৰিয়ালৰ দৰেই আছো।’ আমিৰৰ এই মন্তব্যৰ পাছতেই তেওঁ যে কাৰোবাৰ সৈতে সম্পৰ্কত আছে, সেয়া নিশ্চিত হৈছে।

প্ৰকৃততে, বিগত কেইদিনমানৰ পৰা এগৰাকী যুৱতীৰ সৈতে আমিৰৰ নাম উচ্চাৰিত হৈ আছে। তেওঁলোক দুয়োকে বিভিন্ন ঠাইত একেলগে দেখাও গৈছে। কিন্তু এই বিশেষ যুৱতীগৰাকীৰ সৈতে থকা সময়খিনিত আমিৰে সংবাদমাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা পৰা আঁতৰি থাকে। যাৰ বাবে এই বিষয়টোক কেন্দ্ৰ কৰি অনুৰাগীৰ উৎসুকতা বৃদ্ধি পাইছে। অৱশ্যে, এই ৰহস্যময়ী যুৱতীগৰাকীৰ পৰিচয় এতিয়া পোহৰলৈ আহিছে। ৫৯ বছৰ বয়সতো আমিৰক আকৰ্ষিত কৰা এই যুৱতীগৰাকীৰ নাম গৌৰী। বাংগালুৰুত বাস কৰা গৌৰীৰ ছবি জগতৰ সৈতে কোনো সম্পৰ্ক নাই।

উল্লেখ্য যে, ১৯৮৬ চনত পৰিয়ালৰ সমৰ্থন অবিহনে আমিৰ খানে ৰীনা দত্তৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। আমিৰ আৰু ৰীনাৰ দুটি সন্তানো আছে। তেওঁলোকৰ নাম জুনেইদ খান আৰু ইৰা খান। তেওঁলোক প্ৰায় ১৬ বছৰ ধৰি একেলগে আছিল। ইয়াৰ পাছতে আমিৰে তেওঁৰ কেৰিয়াৰৰ অন্যতম সফল ছবি 'লগন'ৰ দৃশ্যগ্ৰহণৰ  সময়ছোৱাত কিৰণ ৰাওক লগ পাইছিল। পৰৱৰ্তী সময়ত আমিৰে ৰীনাক বিবাহ বিচ্ছেদ দি কিৰণ ৰাওৰ সৈতে বিবাহ পাশত আবদ্ধ যদিও তেওঁলোক দুয়োৰো বিচ্ছেদ ঘটে।

Also Read: "তেওঁৰ নামেই অশ্লীল, নাম চুম আৰু কাম গংগোবাই"...