আদালতত মুখ থেকেচা শিলচৰ NITৰ...

শিলচৰ এন আই টিয়ে ১০৯জন কৰ্মচাৰীক চাকৰিৰ পৰা বঞ্চিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা সিদ্ধান্তক নাকচ কৰিছে আদালতে।

author-image
Asomiya Pratidin
New Update
আদালতত মুখ থেকেচা শিলচৰ NITৰ...

ডিজিটেল ডেস্কঃ আদালতত মুখ থেকেচা শিলচৰ এন আই টি (NIT) কৰ্তৃপক্ষৰ। শিলচৰ এন আই টিয়ে ১০৯জন কৰ্মচাৰীক চাকৰিৰ পৰা বঞ্চিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা সিদ্ধান্তক নাকচ কৰিছে আদালতে। উল্লেখ্য যে, বিগত ২০-২৫ বছৰে সেৱা আগবঢ়াই যোৱা কৰ্মচাৰীসকলক চাকৰিৰ পৰা বঞ্চিত কৰি নতুনকৈ বিজ্ঞাপন দিছিল এন আই টি কৰ্তৃপক্ষই।

Advertisment

ইয়াৰ পাছতে চাকৰিৰ পৰা বঞ্চিত হ'ব লগীয়া ৩য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ একাংশই কাষ চাপিছিল আদালতৰ। তথ্য অনুসৰি যোৱা ৭ জুনত পদকেইটাৰ বাবে নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰিছিল। এন আই টিৰ এই কাৰ্যৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা কৰ্মচাৰীৰ প্ৰতি সঁহাৰি জনাই আদালতে এই পদ পূৰণত নিষেধাজ্ঞা জাৰি কৰিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে এই নিষেধাজ্ঞা। আদালতৰ নিৰ্দেশ অনুসৰি কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া নকৰাকৈ পদ পূৰণ কৰিব নোৱাৰিব এন আই টি কৰ্তৃপক্ষই। ইপিনে এন আই টিৰ খালী পদক লৈ দীৰ্ঘদিনে ৰাজনীতি হোৱাৰ অভিযোগো উত্থাপন হৈ আহিছে।

Also Read: নদীত গা-ধুবলৈ গৈ সলিল সমাধি বেটেলিয়ান জোৱানৰ

শিলচৰ NIT