/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b06c2205-af42-44ae-9198-03dbfc1c611f/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী ঝাউডাঙাত জিঞ্জিৰাম নদীত গা-ধুবলৈ গৈ এজন বেটেলিয়ান জোৱানৰ সলিল সমাধি হোৱা ঘটনাই আৰক্ষী মহলত গভীৰ শোকৰ ছাঁ পেলায়। ঘটনা অনুসৰি অসম আৰক্ষীৰ ২৬ নং বেটেলিয়ানৰ বাবুলাল হাছদা নামৰ জোৱানজন দেওবাৰে বাংলাদেশ সীমান্তৱৰ্তী জিঞ্জিৰাম নদীত গা-ধুবলৈ গৈ নিখোজ হৈ পৰে। ঘটনাৰ খবৰ পাই জোৱানজনক বিচাৰি উদ্ধাৰ অভিযান চলোৱা হয় যদিও দেওবাৰে উদ্ধাৰ কৰিব পৰা নগ'ল বাবুলালৰ মৃতদেহ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4f8c34ce-e236-4960-b93f-2ac769ee31aa/2d9ab664_5298_4e26_8e91_fb4e531d5e16.jpg)
ইয়াৰ পিছতে সোমবাৰে পুৱা প্ৰায় ১০ বজাত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই নৈখনৰ পৰা বেটেলিয়ান জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মানকাচৰ থানাত জোৱানজনৰ মৃতদেহ অনাৰ পাছত জিলা আৰক্ষীয়ে বিভাগীত নীতি নিয়মত অনুসৰি সন্মান আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে, মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হয় বাবুলালৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতেই মৃতদেহ পৰিয়ালৰ ওচৰত চমজাই দিয়া হ'ব বুলি মানকাচৰ আৰক্ষীয়ে জানিবলৈ দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8fded41b-eed9-48a1-bd8d-be6f0644f8cf/68a53334_47ef_4a70_b63c_90ed58fd26f7.jpg)
বেটেলিয়ান জোৱানজনৰ ঘৰ কোকৰাঝাৰ জিলাৰ ছালাকাটীত বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে বেটেলিয়ান জোৱানজনে অতিমাত্ৰা মদ্যপান কৰাৰ বাবে যোৱা প্ৰায় এমাহ পূৰ্বে তেওঁ সহ ৬ জনক কোকৰাঝাৰ জিলাৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলালৈ বদলি কৰা হৈছিল। দেওবাৰৰ দিনটোতো তেওঁ জিঞ্জিৰাম নদীৰ পাৰত অতিমাত্ৰা মদ্যপান কৰি গা-ধুবলৈ নামিছিল বুলি ব্যক্ত কৰে বিভাগটোয়ে।
Also Read: দিল্লীৰ জি-২০ সন্মিলনীৰ বৈঠকত ভাগ নলয় চীনৰ ৰাষ্ট্ৰপতিয়ে