'দ্য মাইণ্ড'ৰ অভূতপূৰ্ব সফলতাৰ পাছত তাপশ্ৰী বৰুৱাই পাঠকলৈ আগবঢ়ালে তৃতীয়খন গ্ৰন্থ

'দ্য মাইণ্ড'ৰ অভূতপূৰ্ব সফলতাৰ পাছত লেখিকা তাপশ্ৰী বৰুৱাৰ তৃতীয়খন গ্ৰন্থ 'উইথ লাভ, ফ্ৰম আছাম' (With Love, From Assam) শনিবাৰে উন্মোচন কৰা হয়। 'তাদেৱশ্ৰী ৱেলফেয়াৰ ফাউণ্ডেশ্যন'ৰ উদ্যোগত.....

author-image
সংগীতা দাস
New Update
seo  উইথ লাভ, ফৰ্ম আছাম' web (1)

ডিজিটেল ডেস্ক:'দ্য মাইণ্ড'ৰ অভূতপূৰ্ব সফলতাৰ পাছত লেখিকা তাপশ্ৰী বৰুৱাৰ তৃতীয়খন গ্ৰন্থ 'উইথ লাভ, ফ্ৰম আছাম' (With Love, From Assam) শনিবাৰে উন্মোচন কৰা হয়। 'তাদেৱশ্ৰী ৱেলফেয়াৰ ফাউণ্ডেশ্যন'ৰ উদ্যোগত দেৱাংশ্ৰী বৰুৱাৰ নেতৃত্বত গুৱাহাটীৰ হোটেল পালাচিঅ'ত এই গ্ৰন্থখন উন্মোচন কৰে উদ্যোগী মহিলা ৰিনিকি ভূঞা শৰ্মাই। অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে অংশ গ্ৰহণ কৰে প্ৰসিদ্ধ পশু চিকিৎসক কুশল কোঁৱৰ শৰ্মা আৰু চলচ্চিত্ৰ সমালোচক উৎপল দত্তই।

এই গ্ৰন্থখন বাস্তৱ জীৱনৰ অনুপ্ৰেৰণামূলক কাহিনীৰ এক সংকলন। গ্ৰন্থখনত পদ্মশ্ৰী সন্মান লাভ কৰা ব্যক্তিৰ লগতে গৃহিনীৰ জীৱন কাহিনীয়েও স্থান পাইছে। গ্ৰন্থখনৰ সন্দৰ্ভত লেখিকা তাপশ্ৰী বৰুৱাই কয়, 'এদিন মই এখন বিদ্যালয়ত কেইটামান শিশুৰ সৈতে কথা পাতি থকা সময়ত মোৰ অনুভৱ হয় যে এই শিশুসকলক অনুপ্ৰেৰণাৰ প্ৰয়োজন। তেতিয়াই মোৰ অনুপ্ৰেৰণামূলক গ্ৰন্থ এখন লেখাৰ কথা মনলৈ আহিছিল। মোৰ এই গ্ৰন্থত বিভিন্ন অনুপ্ৰেৰণামূলক কাহিনীৰ লগতে আমাৰ সকলোকে আকৰ্ষিত কৰা পানবজাৰৰ বিশেষ ঠাইখিনিয়েও স্থান পাইছে। আশা কৰিছো পূৰ্বৰ দুয়োখন গ্ৰন্থৰ দৰে 'উইথ লাভ, ফ্ৰম আছাম' কোপাঠকে আদৰি ল'ব।' এই গ্ৰন্থখনৰ বিক্ৰীৰ ৩০ শতাংশ ৰয়েল্টি কন্যা শিশুৰ শিক্ষাৰ বাবে দান কৰা হ'ব বুলিও লেখিকাগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, লেখিকা তাপশ্ৰী বৰুৱাই ইউনিভাৰ্ছিটি অৱ মানচেষ্টাৰত 'গ্লবেল ফিউচাৰ্চ স্কলাৰ' হিচাপে অধ্যয়ন কৰি আছে। তেওঁ এগৰাকী অলাভজনক সংস্থা (non profit Organization)ৰ সঞ্চালক আৰু UK-ৰ এখন আন্তঃৰাষ্ট্ৰীয় দাতব্য সংস্থাৰ সৰ্বকনিষ্ঠ ট্ৰাষ্টী। নেতৃত্ব আৰু সমাজ সেৱাৰ বাবে লেখিকাগৰাকীয়ে Manchester Leadership Gold Awardও লাভ কৰিবলৈ সক্ষম হৈছে।

Frankfurt Book Fairতো উপলব্ধ  'উইথ লাভ, ফ্ৰম আছাম'

তাপশ্ৰী বৰুৱাই লেখা প্ৰথমখন গ্ৰন্থ 'পেন ডাউন' (Pen Down) ২০২১ চনত প্ৰকাশ পোৱাৰ বিপৰীতে দ্বিতীয়খন গ্ৰন্থৰ নাম 'দ্য মাইণ্ড'(The Mind) ২০২৪ত প্ৰকাশ পায় আৰু 'দ্য মাইণ্ড'য়ে এমাজনৰ 'বেষ্টচেলাৰ' গ্ৰন্থ হিচাপে স্বীকৃতি লাভ কৰে। ২০২২ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন গৃহয়ে প্ৰদান কৰা Young Adult Author of the Year বঁটা লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি, India Book of Records, Asia Book of Records (quote writing ৰ বাবে Grandmaster উপাধি) আৰু Guinness World Records-তাপশ্ৰী বৰুৱাৰ নাম অন্তর্ভুক্ত হৈছে। এগৰাকী উদীয়মান লেখিকা হিচাপে তেওঁ একাধিক আন্তঃৰাষ্ট্ৰীয় সাহিত্য আলোচনীৰ coverতো স্থান লাভ কৰিছে। তাপশ্ৰীৰ নতুন গ্ৰন্থ 'উইথ লাভ, ফ্ৰম আছাম' এতিয়া 'Frankfurt Book Fair'তো পাঠকৰ বাবে উপলব্ধ হৈছে।