/asomiyapratidin/media/media_files/2025/08/25/173-2025-08-25-09-45-36.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা সমিতিৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিৱেশনখনি দেওবাৰে ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ শিক্ষাবিদ লাৱণ্য বৰগোহাঁই ক্ষেত্ৰত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ পুৱা ৮ বজাৰ পৰা গছপুলি ৰোপণ, পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পনৰ পাছতেই আগন্তুক দুটা বছৰৰ বাবে বিষয়-বাচনি সভা অনুষ্ঠিত হয় ৷
বিষয়-বাচনি সভাত পুৰণা সমিতিখন ভংগ কৰি বিশিষ্ট লেখিকা নিবেদিতা বড়া সন্দিকৈক সভানেত্ৰী, ৰূপালী গগৈ বৰগোহাঁই আৰু ডিম্বেশ্বৰী গগৈ লাহনক যুটীয়াভাৱে কাৰ্যকৰী সভানেত্ৰী, দুলুমণি গগৈ হাজৰিকাক মুখ্য সম্পাদিকা, ত্ৰিবেণী চিৰিং আৰু অঞ্জুমণি গগৈক যুটীয়া সম্পাদিকা হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয় ৷ ইয়াৰ পাছতে ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° কবিতা গগৈৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হয় ৷
ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী গুণলতা ফুকনে উদ্বোধন কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা ৰুক্মিণী বৰগোহাঁই দত্তই ৷ সভাত “সোণালী জয়ন্তী বৰ্ষত সদৌ অসম লেখিকা সমাৰোহ সমিতি” বিষয়ত নিৰ্দিষ্ট বক্তা হিচাপে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী পুষ্পা গগৈয়ে ভাষণ প্ৰদান কৰে ৷
সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মা, মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী মণিকা গোস্বামী মহন্ত আৰু সম্পাদিকা লখিমী বৰা শইকীয়াই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে ৷ উক্ত সভাতে পত্ৰিকা সম্পাদিকা জোনমণি হাজৰিকাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা “অন্বেষা” নামৰ মুখপত্ৰ উন্মোচন কৰে সদৌ অসম লেখিকা সমিতিৰ কাৰ্যকৰী সভানেত্ৰী ড° ভাৰতী দত্তই ৷
বিভিন্ন বিষয় সামৰি লৈ প্ৰকাশ কৰি উলিওৱা মুখপত্ৰখনৰ লেখাই লেখক-লেখিকাসকলক উপকৃত কৰাৰ লগতে ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ ইতিহাস বহন কৰিব বুলি কয় ৷ উক্ত সভাতে পূৰৱী কাকতিৰ “শৈশৱৰ ধেমালি” ৰুক্মিণী গোহাঁইৰ “প্ৰজ্ঞাজ্যোতি”, পূৰ্ণিমা ফুকনৰ “এক অনন্য ব্যক্তিত্ব ড° সুখ বৰুৱা”, ডিম্বেশ্বৰী গগৈৰ অনূদিত গ্ৰন্থ ' চশমা সলনি হয়, বন্দনা দত্ত হাজৰিকাৰ ' বৰষুণ ভাল পাওঁ ' ৰূপালী বৰগোঁহাইৰ সংকলিত গ্ৰন্থ ' স্বপ্নীল ' উন্মোচন কৰে ক্ৰমে ড০ ৰেৱতী বুঢ়াগোহাঁই, নিবেদিতা বড়া সন্দিকৈ, বিনীতা গাৰোডিয়া, জ্যোৎস্না বৰগোহাঁই ,লখিমী বৰা শইকীয়া, পুষ্পা গগৈয়ে ।
উল্লেখ্য যে ধেমাজিৰ বৰ্ষীয়ান সাংস্কৃতিক কৰ্মী তথা আইদেউ সন্দিকৈ আৰু লোকশ্ৰী সন্মানেৰে বিভূষিত বিমলা গগৈ গোহাঁইক ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিয়ে আজিৰ সভাত “অগ্ৰনন্দিনী” উপাধি প্ৰদান কৰে ৷ উল্লেখ্য যে এই অধিৱেশনৰ লগত সংগতি ৰাখি শাখাভিত্তিত প্ৰকাশন পৰিষদৰ সচিব বন্দনা হাজৰিকাৰ নেতৃত্বত আয়োজন কৰা প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতাত মাছখোৱা শাখা লেখিকা সমাৰোহ সমিতিয়ে প্ৰথম স্থান আৰু ধেমাজি সদৰ শাখাই দ্বিতীয় শ্ৰেষ্ঠ স্থান লাভ কৰে ৷
সভাৰ আন এক কাৰ্যসূচী অনুসৰি ধেমাজিৰ প্ৰতিভাসম্পন্ন কবি প্ৰয়াত টিকেন্দ্ৰজিৎ গগৈৰ স্মৃতিত টিকেন্দ্ৰজিৎ গগৈ স্মৃতি ন্যাস আৰু ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিক ত্ৰিশ বছৰ অনুৰ্দ্ধ উদীয়মান কবিৰ স্বৰচিত কবিতা প্ৰতিযোগিতাত ২০২৪ বৰ্ষত এই বঁটা লাভ কৰা যোৰহাটৰ উদীয়মান কবি দিম্পী দত্ত আৰু ২০২৫ বৰ্ষত বঁটা লাভ কৰা নলবাৰীৰ উদীয়মান কবি জংকি শৰ্মাক প্ৰদান কৰা হয় ৷ এই বঁটাৰ দাতা তথা টিকেন্দ্ৰজিৎ গগৈৰ শিক্ষয়িত্ৰী ভগ্নী আকাশবন্তি গগৈয়ে দুয়োগৰাকী বঁটা বিজয়ীকে একোখনকৈ গামোচা, চেলেং চাদৰেৰে সম্ভাষণ জনোৱাৰ লগতে একোখনকৈ মান পত্ৰ, স্মাৰক, নগদ ধন আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হয় ৷ সভাত ধেমাজিৰ ভালেসংখ্যক অগ্ৰণী মহিলাই অংশগ্ৰহণ কৰে ৷