/asomiyapratidin/media/media_files/2025/09/05/255-2025-09-05-19-00-55.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : আজি সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো শিক্ষক দিৱস পালন কৰা হৈছে। শিক্ষক দিৱস উপলক্ষে শুকুৰবাৰে ধুবুৰী জিলা প্ৰশাসনে জিলাখনৰ ৩গৰাকীকৈ অৱসৰী শিক্ষক-শিক্ষয়িত্ৰীক ৰাজ্যপালে ঘোষণা কৰা বলিষ্ঠ শিক্ষক সন্মান প্ৰদান কৰে।
এই উপলক্ষে ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আজি ধুবুৰীৰ আৱৰ্ত ভৱনৰ সভাকক্ষত এখন সভাৰ আয়োজন কৰি ধুবুৰীৰ তিনি গৰাকী অৱসৰী শিক্ষক ক্ৰমে আৰতি সেন(৮৪), মিলন দেৱী(৭৭) আৰু সন্তোষ কুমাৰ কৰ্মকাৰ(৭৩)ক এই সন্মান প্ৰদান কৰে। তদুপৰি একেখন সভাতে আজি শিক্ষক দিৱস উপলক্ষে আইডিবিআই বেংকৰ ধুবুৰী শাখাই ধুবুৰী, গৌৰীপুৰ আৰু আগমনি শিক্ষা খণ্ড এলেকাৰ মুঠ চাৰিখনকৈ স্কুল ক্ৰমে গৌৰীপুৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দিহিদাৰপাৰা এম ভি স্কুল, এম এম সংঘতি ছোৱালী এম ই স্কুলক এটাকৈ ডেস্ক টপ কম্পিউটাৰ প্ৰদান কৰে।
উল্লেখযোগ্য যে, ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে উক্ত চাৰিখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই ডেস্ক টপ কম্পিউটাৰকেইটা প্ৰদান কৰে। উক্ত সভাত ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত শান্তনা বৰা, আইডিবিআই বেংকৰ ধুবুৰী শাখাৰ বিষয়-ববীয়া সকল কে ধৰি স্কুল সমুহৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।