/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-30/g57ey1jd/AP-FOR-WEB-NEW-bikhekh-lekha-22.jpg)
ভাল পাইছো ৰঘুনাথ উৰণ সেতু সাজিছা, গছবোৰ পিছে কিয় কাটিছা ?
আন্দোলন কৰিলেই নহ'ব। প্ৰকৃতিৰ প্ৰতি প্ৰতিজন মানুহ আৰু চৰকাৰৰো দায়বদ্ধতা থাকিব লাগিব। দীঘলীপুখুৰীৰ ২০০ জোপা গছ কটাৰ বিৰুদ্ধে ৰাজপথলৈ মানুহ ওলাই আহিছে। এয়া শুভ লক্ষণ। সেই একেখিনি মানুহে ব্যক্তিগত জীৱনতো প্ৰকৃতিৰ প্ৰতি প্ৰেম, গছ নকটাৰ অংগীকাৰ গ্ৰহণ নকৰিলে অসম মৰুভূমি হোৱাৰ দিশে আগবাঢ়িব।
২০০১ চনৰ পৰা ২০২০ চনলৈ অসমত কিমান বন ধ্বংস হ'ল সেই হিচাপ শুনিলে চকু কপালত উঠিব। যোৱা ২০ টা বছৰত ৰাজ্যখনত যিমান পৰিমাণৰ মাটিত গছ কটা হ'ল সেই বন ভূমিৰ পৰিমাণ ২৬৯০ বৰ্গ কিলোমিটাৰ।
ছেটেলাইট যোগে গ্ৰহণ কৰা তথ্যৰ আধাৰত মেৰিলেণ্ড ইউনিভাৰ্ছিটিয়ে প্ৰকাশ কৰিছিল এই তথ্য। সেই তথ্য অনুসৰি উক্ত সময়ছোৱাত ৰাজ্যখনত আটাইতকৈ বেছি বন ধ্বংস হৈছে কাৰ্বি আংলং জিলাত। জিলাখনত ৯৭ হাজাৰ হেক্টৰ বন ভূমিত থকা গছ-বন কাটি তহিলং কৰি পেলোৱা হৈছে।
ডিমা হাচাওত ৬৩.২ হাজাৰ হেক্টৰ বন ভূমি, শোণিতপুৰত ১৭.৪ হাজাৰ হেক্টৰ বন ভূমি, তিনিচুকীয়াত ১৩.২ হাজাৰ হেক্টৰ বন ভূমি, কোকৰাঝাৰত ১০.৪ হাজাৰ হেক্টৰ বন ভূমি ধ্বংস হোৱাৰ পাছতো আমাৰ গালৈ হুচ অহা নাই। চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লোৱা দেখা নগ'ল।
উন্নয়ন আমাক লাগে। কিন্তু সেই উন্নয়ন প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই, গছ-বন ধ্বংস কৰি সাধন কৰাতো গ্ৰহণযোগ্য হ'ব নোৱাৰে। মন গ'লেই এতিয়া চৰকাৰে গছ কাটে। ইয়াৰ প্ৰভাৱ সম্পৰ্কে কোনো দিনেই আলোচনা, গৱেষণা নহয়।
আমেৰিকাৰ দৰে উন্নত দেশত এজন নাগৰিকে তেওঁৰ বাসগৃহৰ চৌহদত থকা এজোপা গছ কাটিবলৈ চৰকাৰৰ পৰা বিশেষ অনুমতি ল'ব লাগে। আমাৰ ইয়াত মোৰ বাৰীৰ গছ মই কাটিছো নীতিৰেই বন ধ্বংস অভিযান চলি আছে।
ৰাজ্যখনত সশস্ত্ৰ সংগ্ৰাম পূৰ্ণ পৰ্যায়ত চলি থকাৰ সময়ত কিছু কিছু স্থানত মূল্যবাণ গছৰ চোৰাং বেপাৰ চলিছিল। প্ৰশাসনৰ সন্মুখতে বন ভূমি তহিলং কৰা এই অভিযানৰ লক্ষ্য আছিল ধন সংগ্ৰহ। কোনে এয়া মুকলিকৈ কৰিছিল সেই কথা খুলি কোৱাৰ প্ৰয়োজন নাই।
গুৱাহাটী মহানগৰতে যোৱা কিছু দিনত বাট-পথ বহল কৰা আৰু উৰণ সেতু নিৰ্মাণৰ নামত ১০০২ জোপা গছ কাটি পেলোৱা হ'ল। চৰকাৰী তথ্যত প্ৰকাশ পোৱা মতে পলাশবাৰীত এখন উৰণ সেতু নিৰ্মাণৰ বাবে ২৫৪ জোপা গছ কাটা হৈছিল।
জু-ৰোডৰ উৰণ সেতু নিৰ্মাণৰ সময়ত ১২ জোপা বহু পুৰণি গছ কটা হ'ল। দিছপুৰত ফ্লাই অভাৰ নিৰ্মাণৰ বাবে ৫৪ জোপা গছ চকুৰ সন্মুখতে কাটি দিলে। অমৃত বৃক্ষ আন্দোলন চলোৱা এই চৰকাৰৰ পৃষ্ঠপোষকতাতে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গছ কটাৰ এই প্ৰক্ৰিয়া চলি আছে।
মহানগৰীৰ আশেপাশে থকা পাহাৰবোৰতো মানুহৰ এই প্ৰকৃতি ধ্বংসৰ অভিযান অব্যাহত আছে। ফ্লেট নিৰ্মাণ, বাসগৃহ নিৰ্মাণ, অফিচ-কাছাৰী নিৰ্মাণৰ বাবে গছ কটাটো এক সাধাৰণ ঘটনা হৈ পৰিছে। সেউজ ন্যায়াধীকৰণক দ্যা নেচনেল হাইৱেজ এণ্ড ইনফাষ্ট্ৰাকচাৰ ডেভলপমেণ্ট কৰ্পোৰেচন লিমিটেডে জনোৱা মতে গুৱাহাটীৰ পৰা গোৱালপাৰাৰ ১২৭ কিলোমিটাৰ পথ বহল কৰাৰ নামত কাটিব লগা হ'ব ২৮ হাজাৰ শাল গছ।
এইবোৰ কম উদ্বেগজনক তথ্য নহয়। সৌ সিদিনা মহানগৰীৰ দশম অসম বেটেলিয়নৰ কাহিলীপাৰাত থকা মুখ্য কাৰ্যালয় চৌহদত ২০০ জোপা গছ কটা হ'ল। জলজীৱন মিছনৰ পানীৰ পাইপ পুতিবলৈ এই কাম কৰিলে সংশ্লিষ্ট বিভাগে।
গছক ৰক্ষা কৰিবলৈ মানুহ ওলাই আহিছে। কিন্তু সেয়া সুসংগঠিত ৰূপত হোৱা নাই। যিস্থানত গছ কাটিছে সেই স্থানৰ কিছু লোকে ইয়াৰ বিৰোধিতা কৰিছে। ইয়াৰ ফল কিন্তু আহিছে বুলি ক'ব নোৱাৰি। গুৱাহাটীত নিৰ্মাণ হ'ব এটা ৰিং ৰোড।
৫৫ কিলোমিটাৰৰ এই ৰিং ৰোডটোৱে বাইহাটাৰ পৰা খানাপাৰাক সংযোগ কৰিব। কুৰুৱা হৈ সংযোগ হোৱা এই পথছোৱাত থাকিব আন এটা সংযোগী পথ। সেই পথেৰে কুৰুৱা নাৰেংগীক সংযোগ কৰিব। এই পথ নিৰ্মাণৰ নামত ৭.১২ হেক্টৰ বন ভূমি ধ্বংস কৰিব লাগিব।
আমচাং সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত এই বন ভূমিৰ উপৰিও ৪৪.৬০ হেক্টৰ মাটিত থকা গছ-বন কাটিব লাগিব। প্ৰাৰম্ভিক ভাৱে ইয়াৰ কাৰণে ৩২০০ ৰো অধিক গছ কাটিব লগা হ'ব বুলি নিশ্চিত কৰা হৈছে। সেই সংখ্যা আৰু অধিক বাঢ়িব পাৰে।
ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ নিৰ্মাণ হ'বলগা দীঘলীয়া উৰণ সেতুৰ কাৰণে দীঘলীপুখুৰী পাৰৰ ২০০ বছৰীয়া ২৫ জোপা অতি পুৰণি গছ কাটিবৰ বাবে লোক নিৰ্মাণ বিভাগ সাজু হৈছে। ছয় মাইল জোৰা এই উৰণ সেতুৰ নক্সা পৰিবৰ্তন কৰাত সেই সিদ্ধান্ত লৈছে বিভাগটোৱে।
বিশেষকৈ তৈবুল্লাহ পথক এই উৰণ সেতুৱে সামৰি লোৱাত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত থকা গছবোৰ কটাৰ পৰিকল্পনা কৰিছিল। ইয়াৰ বিৰুদ্ধাচাৰণ কৰি ৰাজপথত আন্দোলন কৰাত, সেই প্ৰতিবাদক সমৰ্থন কৰি মহানগৰৰ জ্যেষ্ঠ নাগৰিকসকলেও ৰাজপথৰ প্ৰতিবাদত নামি পৰিছিল।
প্ৰতিবাদী জনতাৰ এই যুযুধাম ৰূপ দেখি মুখ্যমন্ত্ৰীয়ে অৱশেষত পূৰ্বৰ স্থিতি সলনি কৰি ৰাইজক গছ কটাৰ সিদ্ধান্ত স্থগিত ৰাখি বিকল্পৰ চিন্তা কৰাৰ আশ্বাস দিছে যদিও ৰাইজ পিছে আশ্বস্ত কৰিব পৰা নাই।
দীঘলীপুখুৰীৰ গছবোৰ ৰক্ষা হওক। সমান্তৰালভাৱে বন্ধ হ'ব লাগিব ৰাজ্যৰ বন ধ্বংসৰ অভিযানো। ইয়াৰ বাবে চৰকাৰক বাধ্য কৰিব পৰাকৈ এক গণ আন্দোলনৰ প্ৰয়োজন হৈ পৰিছে। নহ'লে উন্নয়নৰ লাইচেঞ্চ লৈ এই বন ধ্বংসৰ অভিযান চলি থাকিব ৰাজ্যত।
২০০১ ৰ পৰা ২০২০ লৈ অসমত যিমান ভূমিত বন ধ্বংস হৈছে সেই ভূমিৰ পৰিমাণ দিল্লীৰ আয়তনৰ দুগুণ। কথাটো কিন্তু ৰাজ্যবাসীয়ে, চৰকাৰে মন কৰিবলগীয়া।
''গছ ভালপোৱা ককাৰ খঙ''-ত ভৱেন্দ্ৰ নাথ শইকীয়াই লিখাৰ দৰে- ভাল পালো ৰঘুনাথ/তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা/ পিছে ৰভাখন দিবলৈ আমলখি গছ জোপা/ কিয়নো কাটিলা?/ আলহী, অতিথি যাব/ ৰভা নাইকিয়া হ'ব/ বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই/ পিছে কোৱাচোন ৰঘুনাথ/আমলখি গছ জোপা সহজতে পাবানে ঘূৰাই?/
Also Read: গছ কটাৰ সপক্ষে হোৱা আন্দোলনেহে ৰক্ষা কৰিব দীঘলীপুখুৰীৰ ঐতিহ্য...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us