শিশুসকলৰ এটা চৰিত্ৰ আছে। ঠুনুক ঠানাককৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰা শিশুবোৰে যেনেকৈয়ে হওক খোজ কাঢ়িবলৈ বিচাৰে। হকা-বাধা তেওঁলোকে নামানে। ভাল কি, বেয়া কি সেয়া বুজিও নাপায়।
মাক, দেউতাকে যিমানেই সেইফালে নাযাবি বুলি ক’ব শিশুটোৱে সিমানেই সেইফালেই যাব। অসহায় মাক, দেউতাকে অৱশেষত উপায়হীন হৈ শিশুটিক তেনেকৈয়ে এৰি দি যিফালে যাব নালাগে সেইফালেই যাবলৈ দিয়ে।
তেনেকৈ যাবলৈ দিয়াৰ পাছতেই অৱশ্যে শিশুটোৱে অবাধ্য হৈ সেইফালে নোযোৱাকৈ থাকে। এনেকৈয়ে বহু মাক, দেউতাকে শিশুক নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। শিশুৰ ক্ষেত্ৰত এনেবোৰ কথা স্বাভাৱিক।
কিন্তু এখন ৰাজ্যৰ হৰ্তা, কৰ্তা, বিধাতাসকলেই যেতিয়া সেই অবুজ শিশুৰ দৰে আচৰণ কৰে তেতিয়া সাধাৰণ ৰাইজৰ কৰিবলগীয়া একো বাকী নাথাকে। গণতান্ত্ৰিক ব্যৱস্থাৰে প্ৰতিবাদৰ এক পথ মুকলি থাকে যদিও এইসকল অবুজ শিশুৰ দৰে আচৰণত মত্ত নেতাই সেই প্ৰতিবাদক কিমান গুৰুত্ব দিব সেয়াও এক ডাঙৰ প্ৰশ্ন।
ইতিমধ্যে ৰাজ্যবাসী এনে বহু উদাহৰণৰ সাক্ষী হৈছে য’ত ৰাইজে যিবোৰ বিষয়ৰ বিৰোধিতা কৰিছে সেইবোৰেই এই নেতাই কৰি আত্মসন্তুষ্টি লভিছে। ৰাজ্যৰ বৰমূৰীয়াই মূৰত অহা চিন্তাক যিকোনো প্ৰকাৰে কাৰ্যত ৰূপায়ণ কৰাই এতিয়া তেওঁলোকৰ মূল উদ্দেশ্য।
যদি কোনোবাই সেই চিন্তাক ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী বুলি কয় তেন্তে নেতাৰ ‘’ইগ’ হাৰ্ট’’ হয় আৰু ক্ষমতাৰ বলত ৰাইজৰ সকলো প্ৰতিবাদক আওকান কৰি প্ৰশাসন যন্ত্ৰৰ বল প্ৰয়োগ কৰি হ’লেও সেই চিন্তাক কাৰ্যকৰী কৰাটোৱেই এতিয়া তেওঁলোকৰ এক ‘ষ্টাইল’ হৈ পৰিছে।
মকৰা জালৰ দৰে গুৱাহাটী মহানগৰীত এতিয়া উৰণ সেতু নিৰ্মাণ হৈছে। গুৱাহাটী মহানগৰীত কোনো এটা পথ বাকী নাই য’ত উৰণ সেতু নাই। কেৱল গুৱাহাটীয়েই নহয়, ৰাজ্যৰ প্ৰায়সমূহ মূল চহৰ, নগৰত এতিয়া উৰণ সেতু নিৰ্মাণৰ ধুম উঠিছে। প্ৰয়োজন, অপ্ৰয়োজনীয় বুলি কোনো কথা নাই।
এই উৰণ সেতু নিৰ্মাণৰ নামত সকলো প্ৰান্ততে চলিছে অবাধ ধ্বংসলীলা। পৰিবেশ, প্ৰকৃতিৰ প্ৰতি কোনো দয়া, মমতা নথকা, সামাজিক, পাৰিবেশিক দায়বদ্ধতা নথকা বিভাগীয় অভিযন্তাই এই উৰণ সেতু নিৰ্মাণৰ পৰিকল্পনা, নক্সা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এইবোৰ দিশক গুৰুত্বই নিদিয়ে। ফলত কেৱল গুৱাহাটীতেই যোৱা দুটা বছৰত ১০ হাজাৰতকৈ অধিক গছ কাটি পেলোৱা হ’ল।
গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ নিৰ্মিয়মান উৰণ সেতুখনৰ প্ৰয়োজন আছিল নে? এই উৰণ সেতুখন নিৰ্মাণৰ দাবী উঠিছিল নে? উৰণ সেতুখন নিৰ্মাণৰ বাবে ৰাইজৰ মতামত গ্ৰহণ কৰিছিল নে? নাই, তেনেকুৱা কোনো দাবী উত্থাপন হোৱা নাছিল, ৰাইজৰ মতামতো লোৱা আমাৰ মনত নপৰে।
মুখ্যমন্ত্ৰীয়ে এদিন হঠাৎ ঘোষণা কৰিছিল ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণ কৰা হ’ব। তাৰ পাছতেই সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। এই উৰণ সেতুখনৰ প্ৰয়োজনীয়তা সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছিল।
বহুজনে এই উৰণ সেতুখন নিৰ্মাণৰ বিৰোধিতাও কৰিছিল। ইয়াৰ পৰিবৰ্তে পথটো কিছু বহলাই দিয়াৰ লগতে ঠায়ে ঠায়ে পাৰ্কিঙৰ ব্যৱস্থাৰ দাবী উত্থাপন হৈছিল। কিন্তু তাৰ পাছতো ৰাজ্যিক কেবিনেটত ৫ কিলোমিটাৰৰো অধিক দৈৰ্ঘৰ এই উৰণ সেতুখন নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।
ইয়াৰ বাবে প্ৰাৰম্ভিক ব্যয় নিৰ্ধাৰণ কৰা হৈছিল ৮৫২.৬৮ কোটি টকা। এই উৰণ সেতুখন নিৰ্মাণ সম্পূৰ্ণ হলে গুৱাহাটীৰ আটাইতকৈ দীঘল উৰণ সেতু হিচাপে বিবেচিত হ’ব। কোনোবা মন্ত্ৰীয়ে আকৌ এইখন দেশৰ ভিতৰত দ্বিতীয় দীৰ্ঘতম উৰণ সেতু হ’ব বুলি গৌৰৱেৰে কৈছিল।
এই উৰণ সেতুখন নিৰ্মাণৰ মূল উদ্দেশ্য হৈছে যানজঁট হ্ৰাস। কিন্তু উৰণ সেতুৱে যানজঁট কিমান হ্ৰাস কৰে সেয়াও এক ডাঙৰ প্ৰশ্ন। ইতিমধ্যে নিৰ্মাণ হোৱা উৰণসেতুসমূহৰ ফলত সৃষ্টি হোৱা অন্যান্য সমস্যাৰ কথা বাৰু পাছলৈ ৰাখিলো।
এই উৰণ সেতুখন নিৰ্মাণৰ বাবেই এতিয়া ঐতিহাসিক দীঘলীপুখুৰী পাৰৰ ২৮ জোপা গছ কাটি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। এই গছ কেইজোপা কোনো সাধাৰণ গছ নহয়। শতিকা গৰকিছে ইয়াৰে কেইবা জোপাও গছে।
এই গছ কেইজোপাৰ সৈতে জড়িত হৈ আছে ইতিহাস। গুৱাহাটীৰ ঐতিহ্যও এই গছ কেইজোপাই বহন কৰি আছে বুলি ক’লেও ভুল কোৱা নহ’ব। কিন্তু এতিয়া উন্নয়নৰ নামত এই গছ কেইজোপাক কাটি পেলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে লোক নিৰ্মাণ বিভাগে।
গুৱাহাটীক দক্ষিণ এছিয়াৰ প্ৰৱেশদ্বাৰলৈ ৰূপান্তৰ কৰিব বিচৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সততে প্ৰতিটো ভাষণতে আওঁৰাই থাকে সভ্যতা, সংস্কৃতিৰ কথা। তেওঁ প্ৰতিটো ভাষণত কয় ঐতিহ্যৰ কথা।
কিন্তু তেওঁৰ অধীনস্থ লোক নিৰ্মাণ বিভাগৰ এনে হঠকাৰী সিদ্ধান্তত কিন্তু তাৰ পৃথক এখন দৃশ্যহে পৰিলক্ষিত হৈছে। কিয়নো গুৱাহাটীৰ ঐতিহ্যক ধৰি ৰখা এই গছ কেইজোপাকে যিকোনো মমুহূৰ্ততে কাটি পেলোৱা হ’ব। এয়া কেনেকৈ হ’ব পাৰে সভ্য সমাজৰ সংস্কৃতি? অমৃৎ বৃক্ষ আন্দোলনৰ জৰিয়তে এফালে অভিলেখ সৃষ্টি কৰি আনফালে শতিকা প্ৰাচীন গছ কাটি কি সংস্কৃতিৰ উদাহৰণ দাঙি ধৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে?
এখন নগৰৰ উন্নয়ন লাগিব। কিন্তু সেই উন্নয়ন কেতিয়াও ঐতিহ্যবহনকাৰী অনুষ্ঠান, পৰিবেশ ধ্বংসৰ জৰিয়তে হোৱাটো উচিত নহয়। গুৱাহাটীক আটকধুনীয়াকৈ সজাবলৈ, গুৱাহাটীক নতুনকৈ নিৰ্মাণ কৰিবলৈ এই গছ কেইজোপা কাটি পেলোৱাৰ প্ৰয়োজন নাই।
এই গছ কেইজোপাতে লুকাই আছে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ সেই সৌন্দৰ্য। এই গছ কেইজোপাৰ সৈতে জড়িত হৈ আছে ইতিহাস। মুখ্যমন্ত্ৰী ড০ শৰ্মাই মনত পেলাওক, এই গছ কেইজোপাৰ ছাঁতেই তেওঁ কটনৰ ছাত্ৰ হৈ থকাৰ সময়ত এদিন জিৰণি লোৱা নাছিল নে?
এই গছ কেইজোপা অবিহনে দীঘলীপুখুৰী পাৰৰ এই অঞ্চলটো কল্পনা কৰাটোও অসম্ভৱ। সন্দিকৈ ছোৱালী মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, জিলা পুথি ভঁৰাল, দীঘলীপুখুৰীকে সামৰি এই গোটেই অঞ্চলটোৰ সৌন্দৰ্য এই গছ কেইজোপাই ধৰি ৰখা নাইনে?
লোক নিৰ্মাণ বিভাগে এই অঞ্চলটোৰ এই সৌন্দৰ্যৰ ক্ষতি নোহোৱাকৈ উৰণ সেতুখন নিৰ্মাণৰ পৰিকল্পনা প্ৰস্তুত কৰাটো ৰাইজে বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ গুৰুত্ব উপলব্ধি কৰা উচিত।
উৰণ সেতুখন নিৰ্মাণৰ ক্ষেত্ৰত ৰাইজৰ মতামত লোৱা হোৱা নাছিল। ৰাইজে উৰণ সেতু বিচাৰি আন্দোলন, প্ৰতিবাদ কৰা নাছিল। কিন্তু উৰণ সেতুখনৰ বাবেই দীঘলীপুখুৰীৰ এই গছ কেইজোপা কাটি পেলোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰতিবাদ হৈছে।
এই কথা শুনিবনে? প্ৰতিবাদ সহ্য নকৰা অসম চৰকাৰে হয়তো গছ কেইজোপা যিমান পাৰে সোনকালেই কাটিবলৈ নিৰ্দেশ দিব। চৰকাৰখনৰ পূৰ্বৰ কামকাজত সেই উদাহৰণ বহু আছে।
সেয়ে এতিয়া দীঘলীপুখুৰী পাৰৰ এই শতিকা প্ৰাচীন গছ কেইজোপা জীয়াই ৰখাৰ স্বাৰ্থত ৰাইজে গছ কটাৰ সপক্ষেহে এক আন্দোলন গঢ়ি তোলা উচিত। কি ঠিক অবুজ শিশুৰ দৰে আচৰণ কৰা আমাৰ নেতা, বিষয়া, অভিযন্তাসকলে অবাধ্য শিশুৰ দৰেই গছ কেইজোপা নকটাকৈ ৰাখি উৰণ সেতুখন সম্পূৰ্ণ কৰাৰ এক নতুন পৰিকল্পনা হাতত লয়েই বা !