আজীৱন জেলতেই পাৰ কৰিব লাগিব স্বয়ম্ভু গডমেন আশাৰাম বাপুৱে...

আজীৱন জেলতেই পাৰ কৰিব লাগিব স্বয়ম্ভু গডমেন আশাৰাম বাপুৱে...
আজীৱন জেলতেই পাৰ কৰিব লাগিব স্বয়ম্ভু গডমেন আশাৰাম বাপুৱে...

ডিজিটেল ডেস্কঃ গোটেই জীৱন জেলতেই পাৰ কৰিব লাগিব স্বয়ম্ভু গডমেন আশাৰাম বাপুৱে। নিজৰেই মহিলা শিষ্যক ধ্যৰ্ষণ আৰু বন্দী কৰি ৰখাৰ অপৰাধাত আশাৰাম বাপুক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে গুজৰাটৰ গান্ধীনগৰৰ এখন আদালতে।

সোমবাৰে এগৰাকী মহিলা শিষ্যক ধৰ্ষণৰ বাবে দোষী সাব্যস্ত কৰিছিল। ইয়াৰ পিছতে সেই গোচৰৰ ৰায় আজি প্ৰদান কৰে। উল্লেখ্য যে, ২০১৩ ত পঞ্জীয়ন হোৱা এক গোচৰৰ বিচাৰ চলাই এই ৰায় প্ৰদান কৰিছে ন্যায়ালয়ে।

আনহাতে এই গোচৰত অভিযুক্ত আন ৬ গৰাকীক প্ৰমাণৰ অভাৱত দোষমুক্ত ঘোষণা কৰিছে। যাৰ ভিতৰত আছে আশাৰাম বাপুৰ পত্নীও। গুজৰাটৰ চান্দখেদা আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰ অনুসৰি আশাৰাম বাপুৱে ২০০১ ৰ পৰা ২০০৬ চনৰ ভিতৰত এগৰাকী মহিলা ভক্তক কেইবাবাৰো ধৰ্ষণ কৰিছিল।

২০১৩ ত ধৰ্ষিতা মহিলাগৰাকীয়ে আশাৰাম বাপু আৰু আন ৭ জনৰ বিৰুদ্ধে উত্থাপন কৰিছিল অভিযোগ। গোচৰটোৰ বিচাৰৰ মাজতে এজন অভিযুক্তৰ ইতিমধ্যে মৃত্যু হৈছে।

উল্লেখ্যে যে নাবালিকাক ধৰ্ষণৰ আন এক গোচৰত দোষী সাব্যস্ত হৈ আশাৰাম বাপু বৰ্তমানে ৰাজস্থানৰ যোধপুৰ কাৰাগাৰত বন্দী হৈ আছে।

আজীৱন জেলতেই পাৰ কৰিব লাগিব স্বয়ম্ভু গডমেন আশাৰাম বাপুৱে...
DHS পৰীক্ষাৰ তাৰিখ ঘোষণা, এই কেইটা লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in