/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e6ca4eb4-d696-4557-a41d-1984d582c601/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
মৃদুল কুমাৰ সন্দিকৈ
একো নতুন কথা নহয়। সদায় দেখি থকা কথা। দেখি থকা দৃশ্য। কেতিয়াবা কম,কেতিয়াবা বেছি। নৰকৰ যন্ত্ৰণা পৃথিৱীত এনেকৈয়ো ভোগ কৰিব পাৰি। মহানগৰীত বাস কৰা বুলি কাৰোবাৰ সামান্য অহংকাৰ থাকিলেও সেই পৰিৱেশে সকলো অহংকাৰ চূৰ্ণ কৰি পেলায়।
পুৱাৰ পৰা বতৰটো গোমা আছিল। অনুমান কৰা জনে অনুমান কৰিব পাৰিছিল-বৰষুণ এজাক আহিব। বৰষুণজাক অহাৰ আগলৈকে প্ৰায় সকলোৱে ভাবিছিল-এজাক বৰষুণ আহিলে বেয়া নহয়।
আবেলি প্ৰায় ৩ বজাৰ পৰা কলহৰ মুখেৰে ঢালিলে বৰষুণ। কোনোও কল্পনা কৰা নাছিল- গুৱাহাটী সাগৰ হ’ব। আগতেও এনে হয়,৩০ ছেপ্তেম্বৰ ২০২৩তো একেই হ’ল।
গুৱাহাটীৰ ৰাজপথত গাড়ী,বাইকবোৰ উটি-ভাহি গ’ল। মনত পৰিল সেই পুৰণি কথালৈ মানুহৰ-‘কৃত্ৰিম বাননো ক’ত নহয়,আমেৰিকাতো হয়।‘ মাজে মাজে কোনো কোনোৱে কৃত্ৰিম বান প্ৰতিৰোধৰ কথা কয়। বাস্তৱতহে সেয়া সম্ভৱ হৈ নুঠে। সেয়ে আমেৰিকাতো কৃত্ৰিম বান হয়- এতিয়া গুৱাহাটীবাসীৰ বাবে এক সান্তনা বাণী হৈ পৰিছে।
মহানগৰীত কৃত্ৰিম বান ৰোধৰ চেষ্টা বহুতে কৰা বুলি খবৰ ওলায়। সেই খবৰবোৰ বাস্তৱত সঁচা ৰূপত দেখা নাই মহানগৰবাসীয়ে।
দোষ চৰকাৰে ঠেলে মানুহলৈ,মানুহে ঠেলে চৰকাৰলৈ। গুৱাহাটী উন্নয়নৰ দীৰ্ঘ সময়ৰ মন্ত্ৰীৰ দায়িত্বত থকা মানুহজনেও এই কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব নোৱাৰিলে।
শিলসাঁকো উচ্ছেদ হ’লেই কৃত্ৰিম বান প্ৰতিৰোধ হ’ব বুলি চলোৱা প্ৰচাৰ সঁচা নে মিছা সেয়াও নিশ্চিত হ’ব পৰা বিধৰ নহয়। মুঠতে গুৱাহাটীত কৃত্ৰিম বান হ’লেই সকলোৱে গা এৰা দিয়া প্ৰৱণতা এতিয়া তুংগত।
হেলিকপ্টাৰত উঠি গুৱাহাটীৰ আকাশমাৰ্গত উৰি কৃত্ৰিম বানৰ প্ৰতিৰোধৰ উপাই বিচৰাজনক কৃত্ৰিম বানৰ সময়ত অৱশ্যে দেখা পোৱা নাযায়। সেই দিনাও দেখা পোৱা নগ’ল।
পূৰ্বতকৈ ভয়াৱহ পৰিস্থিতি সৃষ্টি হ’ল। কৃত্ৰিম বান আৰু যান-জঁটৰ বাবে আঢ়ৈ বজাত ঘৰ সোমাব লগা ছাত্ৰী-ছাত্ৰী বিদ্যালয়ৰ পৰা ঘৰ পাওতে ৭-০০বাজি গৈছিল।
চানমাৰি, ৰুক্মিণীগাওঁ, বৰাগাঁও, জি এছ ৰোড, উলুবাৰী, নাৰেংগী, লালগণেশ, মালিগাঁও, খানাপাৰা, এঘাৰমাইল আদি ক’ত পানী হোৱা নাছিল। কিছু কিছু পথত এবুকু পৰ্যন্ত পানী হ’ল।
সেই পানী ফালি বিয়লি বহু মানুহ মৰণত শৰণলৈ ঘৰলৈ আগবাঢ়িল। বহুলোক ঘণ্টাৰ পাছত ঘণ্টা ৰাজপথত পানীৰ মাজত আৱদ্ধ হৈ থাকিল। কিমানৰ যান-বাহন কৃত্ৰিম বানত বিকল হ’ল তাৰ হিচাপ ৰখা নহ’ল।
পথৰ মাজত খন্দা গাঁত,উন্মুক্ত পদপথ কৃত্ৰিম বানৰ সময়ত হৈ পৰে মৰণফাণ্ড। সেই প্ৰত্যাহ্বান লৈ খেপি খেপি পানী খচকি মানুহ ঘৰমুৱা হোৱা দৃশ্যৰ সাক্ষী হ’ল বহুজন।
জু-ৰোড তিনিআলিত নৱ-নিৰ্মিত উৰণসেতুৰ তলত আঠুতকৈ ওপৰৰ পানী হ’ল। মালিগাঁও উৰণসেতুৰ তলৰ পথ কৃত্ৰিম বানত ডুব গ’ল।
মহানগৰীত কৃত্ৰিম বানৰ ফলত সৃষ্টি হোৱা এই দশা নিশা ৯-১০ বজালৈকে ৰাইজে ভোগ কৰিলে। সকলোৱে আকৌ এবাৰ মহানগৰীত কৃত্ৰিম বানৰ অবৰ্ণণীয় পৰিস্থিতি দেখিলে।
ৰুক্মিণীগাঁৱত পিছদিনা পুৱালৈকে বহু অংশ কৃত্ৰিম বানত ডুব গৈ ৰ’ল। এই পৰিৱেশ মহানগৰবাসীয়ে দেখিলে। কিন্তু নেদেখিলে কৃত্ৰিম বানৰ এই ৰূপ মুখ্যমন্ত্ৰীয়ে।
তেওঁ ঘূৰি-পাকি চাই গুৱাহাটীত কৃত্ৰিম বান দেখা নাপালে। ৰুক্মিণীগাঁৱত ১০০ মিটাৰ মান আৰু উলুবাৰীত কিছু পানী দেখা পালে যদিও তেওঁৰ মতে সেয়া সংবাদ মাধ্যমত দেখুৱাৰ দৰে কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ নাছিল।
নলা বেদখল কৰিছে। সেই খবৰ মুখ্যমন্ত্ৰীৰ আছে। ইয়াৰ বাবে কৃত্ৰিম বান হৈছে বুলিও তেওঁ জানে। গুৱাহাটীত কৃত্ৰিম বান প্ৰতিৰোধৰ বাবে সেই নলাৰ বেদখলত উচ্ছেদ অভিযান চলোৱাত বাধা হৈছে হেনো সংবাদ মাধ্যম।
মানি ল’ব পাৰি নে মুখ্যমন্ত্ৰীৰ এই যুক্তি ? সংবাদ মাধ্যমৰ বাবেই জানো তেওঁ চলোৱা নাই নেকি উচ্ছেদ অভিযান ? সংবাদ মাধ্যমে দেখুৱালে নেকি ৩০ ছেপ্তেম্বৰ ২০২৩ৰ বুলি আগৰ মহানগৰীৰ কৃত্ৰিম বানৰ পুৰণি দৃশ্য ?
মুখ্যমন্ত্ৰীয়ে দেখোন নেদেখিলে গুৱাহাটীত কৃত্ৰিম বান। কেৱল সংবাদ মাধ্যমেহে দেখিলে নেকি এই অবৰ্ণণীয় দৃশ্য ? নে গুৱাহাটীত মানুহে কৃত্ৰিম বান বুলি ভবা,কৃত্ৰিম বান বুলি কোৱা এইবোৰ দৃশ্য সাধাৰণ লোকেহে দেখে; অমৃত কালত ৰজা-মহাৰজাই এইবোৰ নেদেখে।
Also Read: হাংজৌত লাভলীনাই ৰচিলে পেৰিছৰ সপোন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us