হাংজৌত লাভলীনাই ৰচিলে পেৰিছৰ সপোন

হাংজৌত লাভলীনাই ৰচিলে পেৰিছৰ সপোন

ভাস্কৰ শৰ্মা

ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে এদিন তেওঁৰ দেউতাকে ঘৰলৈ বাতৰি কাকতত বান্ধি আনিছিল মিঠাই। মিঠাই বান্ধি অনা বাতৰি কাকতখনত প্ৰকাশ হৈছিল প্ৰখ্যাত বক্সাৰ মহম্মদ আলিৰ বিষয়ে এটি প্ৰবন্ধ।

সেই প্ৰবন্ধটো দেউতাকে ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ক্ষীণকায় ওখ-পাখ কন্যাক দিছিল পঢ়িবলৈ। প্ৰায় ১১-১২ বছৰীয়া কিশোৰীগৰাকী লেখাটো পঢ়ি আকৰ্ষিত হৈছিল। মন-মগজুত সোমাই ল'লে এটি মাত্ৰ শব্দ 'বক্সিং'। সেইয়াই আছিল তেওঁৰ বক্সিং সম্পৰ্কে প্ৰথম ধাৰণা।

তেওঁ হৈছে ২৫ বছৰীয়া অসম কন্যা তথা বক্সাৰ লাভলীনা বৰগোহাঁই।  পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই। গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰৰ বাৰমুখীয়া গাঁৱত লাভলীনাৰ জন্ম হৈছিল।

লাভলীনাই ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

তাৰ এবছৰ পিছত ২০১৮ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। বক্সাৰ শিৱ থাপাৰ পিছতেই অসমৰ দ্বিতীয়গৰাকী বক্সাৰ হিচাপে তেওঁ দেশক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁৰ আছে ঈৰ্ষণীয় সফলতা। তেওঁ হৈছে অলিম্পিকলৈ যোৱা প্ৰথমগৰাকী অসমৰ মহিলা খেলুৱৈ।

২০২১ চনৰ জাপানত অনুষ্ঠিত টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি দেশবাসীৰ লগতে অসমবাসীকো গৌৰাৱন্বিত কৰি তুলিছিল। ২০২০ চনতে ভাৰত চৰকাৰে তেওঁলৈ আগবঢ়াইছিল সন্মানীয় অৰ্জুন বঁটা। ইয়াৰোপৰি তেওঁ লাভ কৰিছে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যনচান্দ খেলৰত্ন বঁটা।

এইগৰাকী লাভলীনাই চীনত অনুষ্ঠিত এছিয়ান গেমছ-২০২৩ত আগবঢ়াইছে চমকপ্ৰদ প্ৰদৰ্শন। কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি পদক নিশ্চিত কৰে।

ইয়াৰ সুবাদতে তেওঁ পেৰিচ অলিম্পিকলৈ যোৱাৰ বাট প্ৰশস্ত কৰে। লাভলীনা হৈছে প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ;যিয়ে একেৰাহে দুবাৰ অলিম্পিকত ভাগ ল'ব। ইয়াৰ পূৰ্বে কেৱল মাত্ৰ বেডমিণ্টন খেলুৱৈ দীপাংকৰ ভট্টাচাৰ্যই দুবাৰকৈ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল। তেওঁ বাৰ্চিলোনা তথা আটলাণ্টা অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছিল।

এছিয়ান গেমছত লাভলীনাৰ পদক নিশ্চিত আছিল। চলিত বছৰতে অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বপত সোণৰ পদক অৰ্জন কৰি লাভলীনাই সেই বিশ্বাস মানুহৰ মনত জগাই তুলিবলৈ সক্ষম হৈছিল।

পূৰ্বে দুবাৰকৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদকতে শান্ত আছিল লাভলীনা। কিন্তু টকিঅ' অলিম্পিকৰ পদক জয়ৰে গঢ়ি উঠা আত্মবিশ্বাস আৰু অভিজ্ঞতাৰে পুষ্টহৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাগ লৈ লাভলীনাই এইবাৰ লাভ কৰিলে সোণৰ পদক।

এই মুহূৰ্তত লাভলীনাৰ হাতত সকলো আছে। বিশ্ব চেম্পিয়নশ্বি লাভলীনাৰ হাতত আছে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ, অলিম্পিকৰ পদক আৰু আজি সংযোজিত হ'ল এছিয়ান গেমছৰ পদক। অৱশ্যে এছিয়ান গেমছত তেওঁৰ যাত্ৰা এতিয়াও শেষ হোৱা নাই। সকলোৰে আশা তেওঁৰ ব্ৰঞ্জৰ পদক স্বৰ্ণলৈ ৰূপান্তৰ হওক।

এছিয়ান গেমছত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক ৫-০ ব্যৱাধনত ধাৰাশায়ী কৰি লাভলীনাই পেৰিছ অলিম্পিকলৈও যোগ্যতা অৰ্জন কৰিলে। এয়া আজিৰ তাৰিখত অসমৰ বাবে কম ডাঙৰ কথা নহয়।

লাভলীনাৰ এই সফলতাই অসমৰ ক্ৰীড়া ক্ষেত্ৰক আৰু অধিক আগুৱাই নিবলৈ সক্ষম হ'ব। হিমা আৰু লাভলীনাৰ সফলতাই অসমৰ তৰুণ প্ৰজন্মক খেল পথাৰলৈ ওলাই অহাৰ বাট দেখুৱাইছে।

অভিভাৱকসকলে নিজৰ সন্তানক খেলপথাৰলৈ লৈ আহিছে। চৰকাৰেও খেলক গুৰুত্ব দিছে। খেল আৰু খেলুৱৈৰ বাবে ঘোষণা কৰিছে নতুন নতুন আঁচনি। সেই আঁচনিৰ আধাৰতে লাভলীনা, হিমা আৰু কমনৱেলথ গেমছত লন বলত স্বৰ্ণ পদক অৰ্জন কৰা নয়নমণিয়ে লাভ কৰিছে অসম আৰক্ষীৰ ডি এছ পিৰ চাকৰি।

হয়তো অসমৰ প্ৰতিভাৱান মহিলা ক্ৰিকেট খেলুৱৈ উমা চেত্ৰীয়েও লাভ কৰিব পাৰে ডি এছ পিৰ চাকৰি। কিয়নো উমা চেত্ৰীয়ে ইতিমধ্যে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ সদস্য হিচাপে প্ৰতিযোগিতাখনত সোণৰ পদক অৰ্জন কৰিছে।

অৱশ্যে অসম চৰকাৰে এতিয়াও সেই বিষয়ে কোনো কথা ঘোষণা কৰা নাই। কিন্তু ক্ৰীড়া নীতি অনুসৰি কমনৱেলথ, এছিয়ান আৰু অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰাসকললৈ অসম আৰক্ষীৰ ডি এছ পিৰ পদ আগবঢ়োৱাৰ নীতি আছে।

হাংজৌত লাভলীনাই আজি যি সফলতা অৰ্জন কৰিলেল সেয়া মাত্ৰ এছিয়ান গেমছৰ যাত্ৰাহে। তেওঁৰ লক্ষ্য স্বৰ্ণ। লাভলীনাৰ বাবে পদক মানেই হৈছে স্বৰ্ণ পদক। ব্ৰঞ্জ অথবা ৰূপ নহয়। সেয়েহে তেওঁ হাংজৌৰ পৰা স্বৰ্ণ কঢ়িয়াই আনিব বুলি আজিৰ তাৰিখত লাভলীনা নিজেই যিমান আত্মবিশ্বাসী সিমান অসমৰ ক্ৰীড়া অনুৰাগীয়ো।

লাভলীনাৰ এই সফলতাৰ ধাৰাবাহিকতা অক্ষুন্ন থাকক। অলিম্পিক স্বৰ্ণ জয়ৰ যি সপোন টকিঅ'ত সফলতাৰ পাছতো অপূৰ্ণ হৈ ৰৈছিল সেই সপোনে পেৰিছত পূৰ্ণতা পাওক। এই মুহূৰ্তত আমাৰ সেয়াই আশা।

হাংজৌত লাভলীনাই ৰচিলে পেৰিছৰ সপোন
টাইম নাই !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in