পথৰুঘাট কৃষক বিদ্ৰোহ ! এক অবিস্মৰণীয় অধ্যায়...

ভাৰতৰ ইতিহাসত এনে বহু ঘটনা জড়িত হৈ আছে যিয়ে বাৰে বাৰে আমাক কৈ যায় বহু লোকৰ ত্যাগ, সাহস আৰু দেশপ্ৰেমৰ অপূৰ্ব নিদৰ্শনৰ কথা।
পথৰুঘাট ৰণ! এক অবিস্মৰণীয় অধ্যায়...
পথৰুঘাট ৰণ! এক অবিস্মৰণীয় অধ্যায়...

বৰষা শৰ্মা

ভাৰতৰ ইতিহাসত এনে বহু ঘটনা জড়িত হৈ আছে যিয়ে বাৰে বাৰে আমাক কৈ যায় বহু লোকৰ ত্যাগ, সাহস আৰু দেশপ্ৰেমৰ অপূৰ্ব নিদৰ্শনৰ কথা। আমাৰ দেশৰ ইতিহাসত এনে বহু পাত লিপিবদ্ধ হৈ আছে য'ত আমাৰ পূৰ্বজ সকলে দেশৰ বাবে প্ৰাণ আহুতি দিয়াৰ আগত এবাৰো ভৱা নাছিল। যিয়ে বাৰে বাৰে ব্ৰিটিশ হওক বা মোগল , সকলোৰে বিৰুদ্ধে সাহসেৰে থিয় দিছিল।

আমাৰ অসমৰ জনগনো পিছ পৰি থকা নাছিল। পৰাধীন ভাৰতত অত্যাচাৰ, শোষণৰ বিৰুদ্ধে অতি সাহসেৰে থিয় দি বীৰত্বৰ পৰিচয় দিছিল। এনে এক বিৰত্বৰ গাঁথা হৈছে- পথৰুঘাট কৃষক বিদ্ৰোহ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে ভাৰতত ঘটা এক ঐতিহাসিক কৃষক বিদ্ৰোহ।

ব্ৰিটিছ সকলে কৃষক সকলক বিভিন্ন ধৰণে অতিষ্ঠ কৰি আহিছিল। খাজনা বৃদ্ধি কৰি আহিছিল। এটা সময়ত খাজনা দিবলৈ নোৱাৰা হৈ পৰিছিল কৃষক সকল। সঘনাই ৰাইজ মেল অনুষ্ঠিত কৰিছিল। উমি উমি কৃষকৰ মনত জ্বলিছিল ব্ৰিটিছ সকলৰ বিৰুদ্ধে ক্ষোভৰ জুই। আৰু সিদ্ধান্ত লৈছিল যে নাঙলে প্ৰতি লগোৱা খাজনা তেওঁলোকে নিদিয়ে।

১৮৯৪ চনৰ ২৮ জানুৱাৰী। অসমৰ দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট (বৰ্তমান পাথৰিঘাট) নামে ঠাইত স্থানীয় খেতিয়কসকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদেৰে এক ৰাজহুৱা মেলৰ আয়োজন কৰিছিল। ৰাইজ মেল চলি থাকোতেই তাত উপস্থিত হৈছিল দৰং জিলাৰ জিলাধিপতি মিষ্টাৰ এণ্ডাৰচন, আৰক্ষী অধীক্ষক মিষ্টাৰ বেৰিংটন আৰু মহকুমাধিপতি মিষ্টাৰ ৰেমিংটনো সশস্ত্ৰ বাহিনী । ব্ৰিটিছৰ বিষয় ববীয়া সকলে কৈছিল যে তেওঁলোকে কোনো পধ্যেই কম নকৰে খাজনা।

তেতিয়াই কৃষক সকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। আৰক্ষী অধীক্ষক মিষ্টাৰ বেৰিংটনৰ নিৰ্দেশ মৰ্মে প্ৰতিবাদকাৰী কৃষকৰ ওপৰত গুলীচালনা কৰিছিল চৰকাৰী পক্ষৰ আৰক্ষীয়ে। কৃষক সকলে প্ৰতিহত কৰাৰ চেষ্টা কৰিছিল যদিও ১৪০ জন কৃষকৰ এই ঘটনাত মৃত্যু হৈছিল। উক্ত ঘটনাক পথৰুঘাট ৰণ বুলিও জনা যায়।

ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী অসম ১৮২৬ চনৰ ২৪ ফেব্রুৱাৰীত ব্রিটিছ শাসনৰ অধীনলৈ আহিছিল। ১৮৩৩ চনত মঙলদৈৰ সদৰ হিচাপে দৰং এখন পৃথক জিলা আছিল৷সেই সময়ত জিলা সমূহৰ সদৰ সলনি কৰা হৈছিল।

দেশদ্রোহী বদন বৰফুকনৰ আহবানক্রমে ১৮২২ চনত মানৰ আক্রমণ হৈছিল৷ যাৰ ফলত আহোমৰ শাসনৰ অৱসান ঘটিছিল। এই বিদ্রোহ দমনৰ উদ্দেশ্যে মাতি অনা ব্রিটিছ কেপ্টেইন ৱেলছে অসম এৰি যোৱাৰ পাছত বুঢ়াগোহাঁই পূর্ণানন্দ আৰু বদন বৰফুকনৰ মতানৈক্যৰ ফলতে অসমৰ বুকুলৈ অন্ধকাৰ নামি আহিছল৷

মানৰ অত্যাচাৰ, উৎপীড়ন আৰু হত্যাকাণ্ডই সৃষ্টি কৰিছিল এক অৰাজক পৰিস্থিতিৰ৷ তেনে এক দোদুল্যমান অৱস্থাৰ সুযোগ গ্রহণ কৰি ব্রিটিছে ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী অসম অধিকাৰ কৰে৷ ব্রিটিছ শাসকবর্গই অসমৰ প্রশাসনীয় দুর্বলতা বুজি ঔপনিৱেশিক সাম্রাজ্য বিস্তাৰৰ অভিপ্রায় কার্যকৰী কৰাৰ চেষ্টা কৰিছিল৷ আহোম শাসকৰ পৰা ব্রিটিছে অসমৰ পৰা মানক খেদি পঠিওৱাৰ আহবান পাই সাদৰেৰে গ্রহণ কৰিছিল সেই প্রস্তাৱ৷ 

সর্বসাধাৰণ ৰাইজেও তাৎক্ষণিকভাৱে মানৰ অত্যাচাৰৰ পৰা অসমক ৰক্ষা কৰা ব্রিটিছক ত্রাণকৰ্তা ৰূপতহে বহুদিনলৈ গ্রহণ কৰিছিল৷ বহুতেই ইংৰাজৰ শাসনো মানি লৈছিল।

 কিন্তু লাহে লাহে আৰম্ভ হৈছিল ব্ৰিটিছৰ শোষণ।  দৰঙৰ কৃষকসকলৰ ওপৰত প্রথমে 'নাঙল' কৰ লগাইছিল৷ নাঙলখনে প্রতি তিনি টকাকৈ দিবলগীয়া এই কৰৰ জৰিয়তে ১৮৩২-৩৩ চনত চল্লিছ হাজাৰ টকা আদায় কৰিছিল ব্ৰিটিছ চৰকাৰে৷ উপায়হীন হৈ পৰিছিল কৃষক সকল।

কিন্তু ইয়াতে থমকি নৰল ব্ৰিটিছ চৰকাৰ। লাহে লাহে বস্তি মাটি, ৰোপিত মাটি আৰু ফৰিঙতি মাটি- ততিনি শ্রেণীত বিভক্ত কৰি মাটিৰ জৰীপ কৰিছিল ৷

ইয়াৰ অধীনত ব্ৰিটিছে বস্তি মাটি অর্থাৎ ঘৰ-বাৰী কৰা মাটিত বছৰি এটকা, ৰোপিত মাটিত অর্থাৎ দ আৰু খেতিৰ উপযোগী মাটিত বছৰি ডেৰ টকা, বাম বা ওখ খেতিৰ মাটিত এটকা হিচাপে (এপূৰা মাটি) টকা আদায় কৰিছিল৷

 এইদৰে বর্ধিত খাজনাৰ বাবে দৰঙী ৰাইজ ক্ষোভিত, অসন্তুষ্ট আৰু হতাশাত ভূগিব লগীয়া হৈছিল৷ সেয়ে সন্ধান কৰিছিল উপায়ৰ। প্ৰায়ে ৰাইজ মেল অনুষ্ঠিত কৰিছিল আৰু কি কৰিব কি নকৰিব তাক লৈ চৰ্চা কৰিছিল। নিজৰ মাটিতেই নিজে কৰা খেতি, ঘৰৰ বাবে কৰ দি দি দুখীয়া জনতা ভাগি পৰিছিল।

ইয়াৰ বিৰোধিতা কৰিবলৈ ওলাই আহিছিল বহু কৃষক। এই খবৰ লাহে লাহে অসমৰ চুকে কোনে বিয়পি পৰিছিল। আৰু ২৮ জানুৱাৰীত মিলিত হৈছিল দূৰ-দূৰণিৰ বহু কৃষক।

  হিন্দু-মুছলিম নিৰ্বিশেষ সকলো ওলাই আহিছিল ব্ৰিটিছৰ বিৰুদ্ধে। তহচিলদাৰৰ বাংলোৰ আগত সমৱেত হৈ "হৰি বোল", "আল্লাহু আকবৰ" আদি ধ্বনি দি ব্ৰিটিছৰ আগত প্ৰতিবাদ আৰম্ভ কৰি খাজনা কমাবলৈ দাবী উত্থাপন কৰিছিল। উক্ত দিনটোতেই প্ৰাণ গৈছিল অসমৰ ১৪০ জন কৃষকৰ।

কৃষকৰ চৰম ত্যাগ আৰু আত্মবলিদানৰ সাক্ষী হৈ ৰ'ল পাথৰুঘাট। উক্ত দিনটোতেই বছৰ বছৰ ধৰি পালন কৰি অহা হৈছে কৃষক শ্বহীদ দিৱস। ২০১৭ চনৰ পৰা এই কৃষক শ্বহীদ দিৱস চৰকাৰীভাৱে পালন কৰা হৈ আহিছে।

আজিও ৰাজ্যৰ বিভিন্ন ঠাইত পালন কৰা হয় কৃষক শ্বহীদ দিৱস।এই কৃষক বিদ্ৰোহে দি গ'ল আমাক দেশ প্ৰেমৰ অন্য এক উদাহৰণ। ১৮৯৪ চনৰ ২৮ জানুৱাৰী, এটি অবিস্মৰণীয় দিন হিচাপে চিহ্নিত হৈ ৰ'ল ভাৰতৰ ইতিহাসত...

আৰু পঢ়ক: সভা-সংঘ, সকলো এতিয়া নেতাৰ ৰংগমঞ্চ!

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in