সভা-সংঘ, সকলো এতিয়া নেতাৰ ৰংগমঞ্চ!

অতি সম্প্ৰতি সময়ত পুনৰ চৰ্চালৈ আহিছে সাহিত্য সভাত সাহিত্যিকক বিদায় দি ৰাজনৈতিক নেতা- মন্ত্ৰীৰ সমদল ঘটিছে। নাৰায়ণপুৰ সাহিত্য সভাৰ কাৰ্যসূচী প্ৰকাশ পোৱাৰ পাছতেই সেই চৰ্চা হৈছে।
সভা-সংঘ, সকলো এতিয়া নেতাৰ ৰংগমঞ্চ!

মৃদুল কুমাৰ সন্দিকৈ

১৯৭৬ চনৰ কথা। অসম সাহিত্য সভাৰ সেই বছৰৰ মূল অধিৱেশন অনুষ্ঠিত হৈছিল টিহুত। যজ্ঞেশ্বৰ শৰ্মা আছিল সেই অধিৱেশনৰ সভাপতি। মুকলি অধিৱেশনৰ সময়ত মূল মণ্ডপত এজনো মানুহ নাই দৰ্শকৰ আসনত। মঞ্চত নাই সাহিত্য সভাৰ আদৰণি সমিতি কোনো বিষয়-ববীয়া।

মুষ্টিমেয় কেইজনমান অতিথিয়ে নৱ নিৰ্বাচিত সভাপতিৰ সৈতে মুখ মেলি বহি থাকিবলগীয়া পৰিৱেশ। মানুহবোৰ দৌৰিছিল অধিৱেশস্থলীৰ কাষতে থকা এখন মুকলি খেল পথাৰত নিৰ্মাণ কৰা হেলিপেড থলীলৈ।

হেলিকপ্টাৰ আহি নামিছেহি তাত। হেলিকপ্টাৰ চাবলৈ মানুহৰ হেতা-ওপৰা। সেই হেলিকপ্টাৰত আহিছিল তেতিয়াৰ ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমেদ। সেই মুকলি অধিৱেশনৰ বিশিষ্ট অতিথি তেওঁ।

সাহিত্য সভাত প্ৰথম বাৰৰ বাবে ৰাজনৈতিক নেতাৰ প্ৰৱেশ এনেদৰেই হৈছিল। সেই অভিজ্ঞতা বৰ সুখকৰ নাছিল সাহিত্য সভাৰ বাবে। তাৰপাছত সাহিত্য সভালৈ ক্ষমতাত থকা লোক সকলক, ৰাজনীতিবিদ সকলক নিমন্ত্ৰণ জনোৱাতো এক পৰম্পৰা হৈ পৰিছিল।

২০০১ চনৰ কথা। প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যকাল শেষ হওঁ হওঁ। তেতিয়াও তেওঁ অসমৰ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ ভাৱমূৰ্তি বৰ উজ্বল নাছিল। সেইবাৰ সাহিত্য সভাৰ ডিব্ৰুগড় অধিৱেশনৰ বাবে নিৰ্বাচিত হৈছিল বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোঁহাঞি।

সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হোৱাৰ পাছত এখন কাকতত হোমেন বৰগোঁহাঞিয়ে এটা সাক্ষাতৎকাৰ দিছিল। ২০০০ চনৰ ২০ নৱেম্বৰত প্ৰকাশ পাইছিল সেই সাক্ষাৎকাৰ। সাক্ষাৎকাৰটোৰ শীৰ্ষ আছিল- মোৰ কালচোৱাত ৰাজনৈতিক নেতা পদাধিকাৰ পদত সভালৈ নিমন্ত্ৰিত নহ'ব।

এই সাক্ষাৎকাৰটোৰ দ্বিতীয়টো প্ৰশ্ন হোমেন বৰগোঁহাঞিক কৰা হৈছিল- কি চৰ্ত সাপেক্ষে বৰগোঁহাঞিয়ে এই আসন গ্ৰহণ কৰিছে? উত্তৰত বৰগোঁহাঞিয়ে ইয়াক চৰ্ত বুলি নক'লেও সাহিত্য সভাৰ সভাপতি হোৱাৰ সন্মতি দি তেওঁ কেইটামান ইচ্ছা বা অভিৰুচিৰ কথা সাহিত্য সভাৰ বৰমূৰীয়া সকলক জনাইছিল।

সেইবোৰৰ ভিতৰত প্ৰথম চৰ্তটো আছিল- সাহিত্য সভাৰ সভাপতিক লৈ কৰা বিৰাট শোভাযাত্ৰা তেওঁ পছন্দ নকৰে। ইয়াক সামন্তযোগীয় প্ৰদৰ্শনৰ আগ্ৰহ বুলি তেওঁ ভাৱে। দ্বিতীয়টো চৰ্ত আছিল- সাহিত্য সভাৰ অধিৱেশন বোৰলৈ ৰাষ্ট্ৰপতি, ৰাষ্ট্ৰদূত, মুখ্যমন্ত্ৰী বা মন্ত্ৰীক ৰাজনীতিক হিচাপে আমন্ত্ৰণ কৰিব নোৱাৰিব।তেওঁলোক যদি সাহিত্যিক, পণ্ডিত হিচাপে সাহিত্য সভালৈ আহে তাত তেওঁৰ আপত্তি নাথাকে।

হোমেন বৰগোঁহাঞিৰ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। ডিব্ৰুগড় অধিৱেশনৰ মুকলি সভাত বৰগোঁহাঞি সভাপতিৰ আসনত। বিশিষ্ট অতিথি হিচাপে অংশ লৈ ভাষণ দিলে তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। না তেওঁ প্ৰতিবাদ কৰিলে, না তেওঁ কিবা এটা কথা এই সন্দৰ্ভত ক'লে।

অতি সম্প্ৰতি সময়ত পুনৰ চৰ্চালৈ আহিছে সাহিত্য সভাত সাহিত্যিকক বিদায় দি ৰাজনৈতিক নেতা- মন্ত্ৰীৰ সমদল ঘটিছে। নাৰায়ণপুৰ সাহিত্য সভাৰ কাৰ্যসূচী প্ৰকাশ পোৱাৰ পাছতেই সেই চৰ্চা হৈছে।

শাসক দলৰ মন্ত্ৰী-বিধায়কৰ অবিহনে যেন সাহিত্য সভাত কোনো কামেই নহয়। নাৰায়ণপুৰৰ বৰখামটি পথাৰত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰী লৈ সাহিত্য সভাৰ অধিৱেশন ৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব।

ভবা হৈছিল মাধৱদেৱকে মুখ্য কৰি ১২ গৰাকী বৈষ্ণৱ আতাৰ জন্মস্থান এই পবিত্ৰ ভূমিক ভাষা-সংস্কৃতি চৰ্চাৰ এক পৰিৱেশ গঢ় লৈ উঠিব। দ্বিতীয় মুকলি অধিৱেশন অনুষ্ঠিত হ'ব ৪ ফেব্ৰুৱাৰী ২০২৩ ৰ দিনৰ ১১ বজাৰ পৰা।

এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা ৯৯ শতাংশ লোকেই সাহিত্যৰ সলনি ৰাজনীতিৰ স'তে জড়িত। অনুষ্ঠানৰ উদ্বোধক হিচাপে থাকিব গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপ জ্যোতি সন্দিকৈ। তেখেতে প্ৰগতিশীল কাব্য সাধনাৰে এক সু-পৰিচিতি লাভ কৰাৰ উপৰিও শৈক্ষিক ক্ষেত্ৰখনৰ সৈতে জড়িত।

সাহিত্যক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত কষ্ট কৰি হ'লেও সফল হোৱা নৱ নিৰ্বাচিত সভাপতি সূৰ্যকান্ত হাজৰিকাই সেই অধিৱেশনৰ সঞ্চালনা কৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু থাকিব ক্ৰমে মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে।

বিশিষ্ট অতিথি হ'ব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, তুলিৰাম ৰংহাং। বিশেষভাৱে আমন্ত্ৰিত অতিথি হ'ব অসমৰ ৪ গৰাকী মন্ত্ৰী। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ প্ৰদান বৰুৱা, কেইবাগৰাকী বিধায়ক আৰু ৰাজনীতিবিদৰ সমাৱেশে সাহিত্য সভাৰ নাম সলনি কৰি ৰাজনৈতিক সন্মিলন কৰা হ'লে হয়তো বিশিষ্ট অতিথিৰ তালিকাখন ৰাইজে গ্ৰহণ কৰিলে হয়।

ৰাজনীতিবিদ আহক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিশ্চয় এই অনুষ্ঠানলৈ আহিব লাগিব। কিন্তু এজনো সাহিত্যিকক তাত স্থান নিদি সাহিত্য সভাই সাহিত্যক চাফা কৰি কি পাতিব খুজিছে তাক লৈহে প্ৰশ্ন উঠিছে।

সেই মুকলি অধিৱেশনৰ সভা শুৱণি কৰিব পৰা অসমৰ কোনো বৰণ্যে সাহিত্যিক নাই নেকি? ৭৭৬ বিঘা মাটিত এই অধিৱেশন অনুষ্ঠিত হ'ব। ৪৪ খন উপ সমিতি গঠন কৰা হৈছে। অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে বাজেট হৈছে৬ কোটি ৪০ লাখ। ৫ দিনৰ বাবে ৬ কোটি ৪০ লাখ টকা ব্যয় হ'ব এই অধিৱেশনৰ নামত।

অথচ অসম সাহিত্য সভাই স্থায়ী কৰ্মচাৰীক দৰমহা দিব নোৱাৰে। জাতি আৰু ভাষাৰ কাৰণে কোনো এক স্থায়ী কাম কৰাৰ নজিৰ নাই। কিন্তু বছৰে বছৰে অধিৱেশনৰ নামত কোটি কোটি ধনৰ শৰাধ কৰি আহিছে।

কেতিয়াবা তুলনা কৰি চাব মন যায় অসম সাহিত্য সভা আৰু শংকৰদেৱ সংঘক। এই দুই অনুষ্ঠানৰ মাজত বহু ক্ষেত্ৰত প্ৰভেদ আছে। অতিথি নিমন্ত্ৰণৰ ক্ষেত্ৰত অৱশ্যে শংকৰদেৱ সংঘও পিছ পৰি থকা নাই।

মঞ্চত নেতা মন্ত্ৰীক স্থান দিয়াত শংকৰদেৱ সংঘৰো সাহিত্য সভাৰ সৈতে দৌৰত আছে। কিন্তু সেয়া সাহিত্য সভাৰ পৰ্যায়লৈ যোৱা নাই। জোনাইত অনুষ্ঠিত হ'বলগীয়া শংকৰদেৱ সংঘৰ ১২ ফেব্ৰুৱাৰী মুকলি সভা মুখ্যমন্ত্ৰীকে ধৰি ১১.৩০ বজাৰ অনুষ্ঠানত উপস্থিত থাকিব বিশ্বজিত দৈমাৰী, ৰণোজ পেগু , পিযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱা, সঞ্জয় কিষান, অতুল বৰা আদি।

কিন্তু নিৰ্দিষ্ট বক্তা হিচাপে সেই অনুষ্ঠানত এজন বিশিষ্ট গৱেষকক নিমন্ত্ৰণ কৰি তাৰ ভাৰাসাম্য ৰক্ষা কৰিছে। আমাৰ জাতীয় অনুষ্ঠানবোৰৰ এই প্ৰৱণতা কিয় আহিছে। তাৰ প্ৰধান কাৰণ অধিৱেশন পাতিবলৈ লোৱা বিশাল বাজেট।

এই সকল ক্ষমতাশালী লোকক সন্তুষ্ট কৰিব নোৱাৰিলে কোটি কোটি টকাৰ বাজেটৰ ধন সংগ্ৰহ কৰাতো সম্ভৱ নহয়। অৱশ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এই ক্ষেত্ৰত কিছু পৃথক। অধিৱেশন অনুষ্ঠিত কৰাৰ নামত তেওঁলোকে এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে আৰু কৰ্মসূচীৰে আগবাঢ়ে।

অধিৱেশন অনুষ্ঠিত কৰা ঠাইত ভকত বৈষ্ণৱ সকলে পূৰ্বতে পৰিকল্পনা কৰি শাক, আলু, ধান চাউলৰ খেতি কৰে। নিজেই তেওঁলোকে আহাৰ প্ৰস্তুত কৰি অতিথিক অপ্যায়ন কৰে। আভ্যান্তৰীণ কিছু খেলি মেলি থাকিলেও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত বৈষ্ণৱ সকল, বাপ আই সকলে অতি সহৃদয়তাৰে এই কাম কৰে।

নেতৃত্ব লোৱা সকলে তেওঁলোকক বহু সময়ত বিশ্বাসঘাটক কৰিলেও সেই আস্থা আৰু আন্তৰিকতাৰ বাবে সাহিত্য সভাতকৈ বহু ক্ষেত্ৰত শংকৰদেৱ সংঘৰ চিন্তা-দৰ্শন আগবঢ়া।

৩০-৩৫ লাখ ভক্তৰ সমাগম হ'বলগীয়া জোনাই অধিৱেশনৰ বাবে সংঘৰ বাজেট সাহিত্য সভাৰ অধিৱেশনৰ আধা। ৩ কোটি টকা ব্যয় হ'ব এই অধিৱেশনৰ নামত। শংকৰদেৱ বিশ্ববিদ্যালয় স্থাপন, আই, শিশু , যুৱক-যুৱতী সকলৰ বাবে পৃথক অনুষ্ঠান আৰু সত্ৰীয়া তথা গুৰুজনাৰ সৃষ্টি ৰাজিক নিয়মীয়া অনুশীলনৰ এক পৰিৱেশ সংঘই দিছে।

কিন্তু সাহিত্য সভা ১০০ বছৰ পূৰ্বে গঠন হৈও এখন বিশ্ববিদ্যালয়ৰ কথা ভাবিব নোৱাৰিলে। ভাষা-সংস্কৃতিৰ অধ্যয়ন গৱেষণাৰ বাবে এক সফল অনুষ্ঠান গঢ় নিদিলে। কেৱল মেলা মুখীতাৰে, শোভা যাত্ৰাৰে, ক্ষমতাৰ দখলৰ চেষ্টাৰে অনুষ্ঠানটোক ধ্বংস কৰি গ'ল।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াক সমালোচনা কৰিও শংকৰী কৃষ্টি-সংস্কৃতিক বিশ্বমুখী কৰাৰ, আধ্যাত্মিক চৰ্চাৰে কৰ্মমুখী জীৱনৰ বুনিয়াদ গঢ়াত সফল বুলি ক'বই লাগিব। অৱশ্যে এই অনুষ্ঠানটোৱেও সাহিত্য সভাত অনুসৰণ নকৰি মেলা মুখী প্ৰৱণতাৰ পৰা মুক্ত হৈ থাকিব নোৱাৰিলে,ৰাজনৈতিক ক্ষমতাধাৰী সকলক দলিচা পাৰি আদৰিলে সাহিত্য সভাৰ দৰে শংকৰ সংঘৰ পৰাও গেলা-গোন্ধ ওলাবলৈ বেছি দিন নালাগিব।

আৰু পঢ়ক: উৎসৱৰ ৰূপত সৰস্বতী বন্দনা; ম্লান পৰিল গণৰাজ্য দিৱস, নিস্ফল আলফা(স্বা)ৰ বন্ধ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in