
প্ৰায় ১ মাহ পূৰ্বে মণিপুৰত যি হিংসাৰ জুই জ্বলি উঠিছিল,সেয়া এতিয়াও নিৰ্বাপন হোৱাৰ নাম লোৱা নাই।মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ দ্বাৰা কেইবাবাৰো উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱা স্বত্বেও সংঘৰ্ষ কেৱল কিছু সময়ৰ বাবে বন্ধ হৈছিল । কিন্তু তাৰ পিছত বিক্ষিপ্তভাৱে হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে।
ইম্ফলত জনতা আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ, বিজেপি নেতাৰ ঘৰ জ্বলাই দিয়াৰ চেষ্টা কৰাৰ ফলত পুনৰ দুজন নাগৰিকৰ মৃত্যু হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ ঘৰ জ্বলাই দিছিল দুৰ্বৃত্তই, এতিয়াও বন্ধ আছে ৰাজ্যখনৰ কেইবাখনো জিলাত ইন্টাৰনেট সেৱা। প্ৰায় ১ মাহ পূৰ্বে আৰম্ভ হোৱা মণিপুৰৰ হিংসাত কমেও ১০০ জন লোকৰ বৰ্তমান পৰ্যন্ত মৃত্যু হৈছে।
মণিপুৰৰ মেইটে সকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ বিৰুদ্ধে আৰম্ভ হৈছিল প্ৰতিবাদ। সেই প্ৰতিবাদৰ জুইয়ে এতিয়া থান বান কৰিছে মণিপুৰক। মণিপুৰৰ অশান্ত পৰিস্থিতিৰ আঁৰত অৱশ্যে কেৱল এটা কাৰক নাই। ৰাজনৈতিক, ধৰ্মীয়, সামাজিক আদিৰ উপৰিও অনুপ্ৰৱেশো ইয়াৰ এক অন্যতম কাৰণ। ৩ মে', ২০২৩ ত মণিপুৰত আৰম্ভ হৈছিল হিংসাত্মক পৰিস্থিতিৰ।
কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ মণিপুৰলৈ আহি কেইবাখনো বৈঠকত অনুষ্ঠিত কৰিছিল। সাক্ষাৎ কৰিছিল বহু নেতা,সংগঠনক। তাৰপাছত কিছু দিনলৈ শাম কাটিছিল যদিও পুনৰ গা কৰি উঠিছে হিংসাত্মক কাৰ্যই।
মণিপুৰৰ সংঘৰ্ষত নিহতৰ উপৰিও বহুলোক আহত হৈছে, গৃহহীন হৈছে বহুতো। এই ৰাজ্যখনকলৈ এতিয়া চিন্তিত উত্তৰ-পূৱৰ বাকী ৰাজ্যসমূহ।
কিন্তু মণিপুৰকলৈ চিন্তা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। এতিয়ালৈকে মণিপুৰক লৈ কোনো এটা মন্তব্য কৰা নাই প্ৰধানমন্ত্ৰী গৰাকীয়ে। নিৰ্বাচনৰ সময়ত উত্তৰ-পূৱক অষ্টলক্ষ্মী আখ্যা দিয়া মোডীয়ে যেন প্ৰমাণ কৰি দিলে দিল্লীৰ পৰা উত্তৰ-পূৱ বহু দূৰ।
উত্তৰ পূৰ্বাঞ্চলক প্ৰধামন্ত্ৰী মোডীয়ে অধিক গুৰুত্ব প্ৰদান কৰি আহিছে বুলি বিজেপিয়ে যিমানেই ফুলজাৰি ফুটাই নুফুৰক কিয়, সেই কথা যে কেৱল ফুটুকাৰ ফেন সেয়া প্ৰমাণ হৈ আহিছে। এই সকলোবোৰ যে কেৱল বিজেপিৰ এক এজেণ্ডা আৰু মোডীৰ আত্মপ্ৰচাৰ তাক জনতাই বুজিবলৈ আৰু বাকী নাই।
প্ৰধানমন্ত্ৰীয়ে জনতাৰ মনৰ কথা শুনিবলৈ আৰম্ভ কৰিছিল 'মন কী বাত' নামৰ এটি অনুষ্ঠান। 'মন কী বাত'ত প্ৰধানমন্ত্ৰীয়ে জনতাক সম্বোধন কৰে। এইবাৰো মণিপুৰ কাণ্ডৰ পাছত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিলে 'মন কী বাত অনুষ্ঠান'। আশা আছিল, মণিপুৰৰ জনতাৰ বাবে মোডীয়ে কিবা এটা হ'ব। কিন্তু তেনে নহ'ল। কিন্তু মোডীৰ মুখত ভুলতো শুনা নগ'ল মণিপুৰৰ প্ৰসংগ।
ৰাইজক ভগৱান গন্য় কৰা, ৰাইজৰ দুখ দুৰ্দশা চাই চকুলো টোকা প্ৰধানমন্ত্ৰীয়ে এতিয়া এতিয়ালৈকে গ'ম পোৱা নাই নেকি মণিপুৰৰ কথা? নে মোডীৰ বাবেও উত্তৰ পূৱ বহু দূৰ? আনহে নালাগে কিয় মোডীয়ে এবাৰো সকলোকে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱা নাই।
মোডীয়ে যেন প্ৰমাণ কৰি দিলে এতিয়াও উত্তৰ পূৱক দিল্লীয়ে মাহীমাকৰ দৃষ্টিৰে চায়। মণিপুৰৰ ঘটনা প্ৰবাহক লৈ মোডীৰ ভূমিকাই ৰহস্যৰ সৃষ্টি কৰে। মণিপুৰৰ হিংসা ইমানেই বৃদ্ধি পাইছে যে ৰাজ্যখনৰ একমাত্ৰ মহিলা মন্ত্ৰী নেমচা কিপগেনৰ বাসগৃহও জ্বলাই দিছিল একাংশই। কিন্তু মণিপুৰক শান্ত কৰিব নোৱাৰাতো ডাবল ইঞ্জিনৰ কথা কোৱা মোডী চৰকাৰৰ যেন চূড়ান্ত বিফলতা ।
বিশ্বত প্ৰধানমন্ত্ৰীৰ এক বিশেষ নাম আছে,আছে জনপ্ৰিয়তাও। ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধক লৈ ভাৰতে গ্ৰহণ কৰিছিল প্ৰশংসনীয় পদক্ষেপ। নিৰপেক্ষ ভূমিকা পালন কৰি ভাৰতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল বিশ্বৰ বহু দেশৰ। বহু দেশেই প্ৰশংসা কৰিছিল মোডীৰ ভূমিকাক। কিন্তু নিজৰ দেশৰ এটা কোনত সৃষ্টি হোৱা অগ্নিগৰ্ভ পৰিস্থিতিত লৈ মৌন মোডী।
মোডী বৰ্তমান ব্যস্ত আমেৰিকা ভ্ৰমণত। আমেৰিকা-ভাৰতৰ সম্পৰ্ক মজবুত কৰিবলৈ মোডীৰ এই ভ্ৰমণ ঐতিহাসিক হ'ব বুলি কোৱা হৈছে। জ' বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ লগত মোডীয়ে আহাৰ গ্ৰহণ কৰিছে। কিন্তু এই সময়ত উত্তৰ পূৱ বাসীয়েও মোডীক মনত ৰাখিব কেনেকৈ মণিপুৰক জ্বলিব দি তেওঁ ব্যস্ত আছিল আমেৰিকা ভ্ৰমণত।
দেশৰ বিভিন্ন ক্ষেত্ৰত মণিপুৰৰ অৱদান লেখত ল'বলগীয়া। ক্ৰীড়া ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি মণিপুৰে বিভিন্ন ক্ষেত্ৰত বিশ্ব প্ৰেক্ষাপটত ভাৰতক গৌৰৱান্বিত কৰি আহিছে। মেৰী কম, মীৰা বাই চানু আদি কেৱল মাত্ৰ উদাহৰণ। ইয়াৰ পাছতো মোডীয়ে মণিপুৰক শান্ত কৰিবলৈ লোৱা নাই কোনো পদক্ষেপ।
২১ জুনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক বৈঠক আহ্বান কৰাৰ পাছতেই ঘোষণা কৰে যে ২৪ জুনত মণিপুৰক লৈ হ'ব সৰ্বদলীয় বৈঠক। কি এই বৈঠকৰ ফল কি হ'ব তাতো সন্দেহৰ অৱকাশ ৰৈ যায়।
শাসকীয় পক্ষৰ ভূমিকাক লৈ বিৰোধীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মোডীক ৰাজধৰ্ম পালন কৰিবলৈ আহ্বান জনাইছে বিৰোধীয়ে। কিন্তু নাই, কান সাৰ নাই মোডীৰ।
মণিপুৰ এনেকুৱা এখন ৰাজ্য য'ত ইৰম শৰ্মিলাৰ দৰে মহিলাই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ বাতিলৰ দাবীত ১৭ বছৰ অনশন কৰিছিল, য'ত এগৰাকী মহিলাই উলংগ হৈ আসাম ৰাইফলচৰ জোৱানৰ ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। গতিকে তেনে মণিপুৰক লৈ মোডীৰ নীৰৱতাই বহু প্ৰশ্নৰ সৃষ্টি কৰিছে।
আশা মাঁথো এটাই, মোডীয়ে ভাৱক উত্তৰ পূৱৰ কথা। ঘন্টাই ঘন্টাই টুইটাৰত ফটো আপলোড কৰি থকা প্ৰধানমন্ত্ৰীয়ে আপলোড কৰক এখন মণিপুৰৰ ফটো। মণিপুৰৰ ৰাইজৰ ওচৰত থিয় দিয়াৰ সময় এতিয়া। কষ্টত আছে মণিপুৰৰ। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে কোৱাৰ দৰে মণিপুৰৰ হিংসা দেশৰ আত্মাৰ ওপৰত এক গভীৰ আঘাত।