নদীত অলিম্পিকৰ সোণৰ পদক দলিয়াই দিয়া খেলুৱৈৰ কাহিনী...

নদীত অলিম্পিকৰ সোণৰ পদক দলিয়াই দিয়া খেলুৱৈৰ কাহিনী...

বৰষা শৰ্মা

দিল্লী এতিয়া উত্তপ্ত হৈ আছে। দেশক গৌৰৱান্বিত কৰা খেলুৱৈ সকলৰ আৰ্তনাদত আজি দিল্লী কঁপিছে। ২৩ এপ্ৰিলৰ পৰাই ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি মল্লযোদ্ধা সকলে প্ৰতিবাদ কৰি আহিছে।

কিন্তু ইমান দিনৰ পাছতো কেন্দ্ৰীয় চৰকাৰে শুনা নাই তেওঁলোকৰ চিঞৰ। বেটী পঢ়াও, বেটী বচাও শ্লোগান দিয়া চৰকাৰখনৰ এতিয়া বেটীৰ কথা ভাবিবলৈ আহৰি নাই। ৰাজপথত আৰক্ষীয়ে টানি টানি গাড়ীত ভৰাবলৈ চেষ্টা কৰিছে মল্লযোদ্ধা সকলক। কান্দি কান্দি এই সকল খেলুৱৈ কৈছে -আমাক ন্য়ায় দিয়ক।

ব্ৰীজভূষণ এগৰাকী আগশাৰীৰ নেতা। ৬ বাৰকৈ সাংসদ তেওঁ। তাৰেই এবাৰ সমাজবাদী পাৰ্টীৰ পৰা আৰু ৫ বাৰ বিজেপিৰ পৰা তেওঁ সাংসদ হৈছে।ধন, অপৰাধ,দলত আধিপত্য সকলো থকাৰ লগতে তেওঁৰ বিৰুদ্ধে ৩৫ টাৰো অধিক গোচৰ ৰুজু আছে। ঘৰত পত্নী আৰু নিজৰ নামত কোটি কোটি টকাৰ সম্পত্তি থকাৰ লগতে আছে ১০-১৫টাকৈ মাৰনাস্ত্ৰ।

ইয়াৰ মাজতে দেশৰ গৌৰৱ এই মল্লযোদ্ধা সকলে অলিম্পিকৰ পদক গংগাত উটুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। মঙলবাৰে (৩০মে') এই প্ৰতিবাদকাৰী সকল হৰিদ্বাৰত উপস্থিত হয়। তেওঁলোকে কয় যে, চৰকাৰে আমাৰ কথা নুশুনে আৰু সাংসদ গৰাকীৰ বিৰুদ্ধে কোনো তদন্ত ঘোষণাও নকৰে। গতিকে আমাৰ মেডেলৰ মূল্য কি? সেইবাবে তেওঁলোকে দেশৰ বাবে জয় কৰা মেডেল সমূহ গংগাত উটুৱাই দিয়াৰ সিদ্ধান্ত লোৱা বুলি কয়।হৰিদ্বাৰত উপস্থিত হোৱা খেলুৱৈ সকলৰ ভিতৰত আছে বজৰং পুনিয়া, সাক্ষী মালিক আদি। অৱশ্যে এই মেডেল সমূহ তেওঁলোকে নদীত পেলাই নিদিয়ে আৰু ৫ দিনৰ সময়সীমা বান্ধি দিয়ে।

কেনে এক দুখ লগা ঘটনা এয়া। কিমান ক্ষোভত, কিমান দুখত এজন খেলুৱৈয়ে নিজৰ চেষ্টা, ত্যাগৰ ফলত জয় কৰা মেডেল এটা নদীত পেলাই দিম বুলি ক'ব পাৰে? চৰকাৰে কয় , আজিৰ ল'ৰা-ছোৱালীক খেলৰ প্ৰতি আকৰ্ষিত কৰিব লাগে। যদিহে বিশ্ব চেম্পিয়ন, অলিম্পিক পদক লাভ কৰা সকলৰেই এই অৱস্থা হয় কোনে আগবাঢ়িব দেশৰ হৈ খেলিবলৈ?

ইয়াৰ পূৰ্বে মল্লযোদ্ধা বিনেশ ফোগাটে টুইটাৰত পোষ্ট কৰি ২৮ মে'ৰ ঘটনাৰ বিষয়ে লিখে। তেওঁ কয় যে,এতিয়া মহিলা মল্লযোদ্ধা সকলে ভাৱিছে যে তেওঁলোকে কিয় বিশ্বকাপ, অলিম্পিকত জয়লাভ কৰিলে? এইবাবে জয় হৈছিলো নেকি যে আমাক বেয়া ব্যৱহাৰ কৰিব।পাছত অপৰাধী বুলি ক'ব?

প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰীয়ে আমাক তেওঁৰ ঘৰৰ কন্যা বুলি কৈছিল। এয়া মনে নামানে, কিয়নো তেওঁ এবাৰো আমাৰ খবৰ নল'লে। তাৰ সলনি যাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে তেওঁ নতুন সংসদ ভৱনৰ মুকলি কাৰ্যসূচীত আমন্ত্ৰণ জনাইছে।

 লগতে কয় যে, আমাক এতিয়া মেডেলবোৰ নালাগে। গংগাত উটুৱাই দিম।কিয়নো গংগা পৱিত্ৰ আৰু এই মেডেলবোৰো। পৱিত্ৰ মেডেল ৰখাৰ বাবে পৱিত্ৰ স্থান গংগায়েই হ'ব পাৰে।

সম্ভৱতঃ এয়া ভাৰতত প্ৰথমবাৰৰ বাবে হৈছে যে খেলুৱৈয়ে নিজৰ মেডেল নদীত দলিয়াই দিয়াৰ কথা কৈছে।কিন্তু বিশ্বত খেলুৱৈ সকলে গ্ৰহণ কৰা এনে কিছুমান ঘটনা দেখা যায়। তাৰ ভিতৰত কিংবদন্তি আমেৰিকান বক্সাৰ মহম্মদ আলী, 'দ্য গ্ৰেটেস্ট'।

মহম্মদ আলী অৰ্থাৎ কেচিয়াছ মাৰ্ছলেছ ক্লেৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৭ জানুৱাৰীত আমেৰিকাৰ কেণ্টুকীত এটা কৃষ্ণাংগ পৰিয়ালত। সেই সময়ত বৰ্ণবাদৰ যুঁজ খনে বিশ্বক উত্তেজিত কৰি ৰাখিছিল।

তেওঁ ১২ বছৰ বয়সত বক্সিং আৰম্ভ কৰিছিল। বহু পদবীৰ মাজেৰে আগবাঢ়ি যোৱাৰ পিছত তেওঁ ৰোমত অনুষ্ঠিত ১৯৬০ চনৰ অলিম্পিক গেমছত ১৭৫ পাউণ্ডৰ বিভাগত সোণৰ পদক জিকিছিল।  লুইচভিল স্পনচৰশ্বিপ গ্ৰুপৰ নিৰ্দেশনাত আৰম্ভ হৈছিল পেছাদাৰী কেৰিয়াৰ ।

১৮ বছৰীয়া আলীয়ে স্বৰ্ণ জয় কৰি আনন্দিত হৈ সাংবাদিকসকলক কৈছিল, "মই ৪৮ ঘণ্টাধৰি সেই পদকটো পিন্ধি আছিলো। মই আনকি বিচনাত শুই থকাৰ সময়তো পিন্ধিছিলো। মই ভালকৈ টোপনি যোৱাও নাছিলো।"

কিন্তু পৰিস্থিতি সদায় একেই নাথাকে। কেৱল বৰ্ণবাদৰ বাবে সলনি হৈছিল তেওঁৰ জীৱন। আন্তৰ্জাতিক খ্যাতি সম্পন্ন খেলুৱৈ গৰাকী  যেতিয়া পদক লাভ কৰি ঘৰলৈ উভতি আহিছিল তেওঁ চহৰত বৰ্ণবাদৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁৰ দেহৰ ক'লা ৰঙৰ বাবে এখন ৰেষ্টুৰেন্টত তেওঁক খাদ্য দিয়া হোৱা নাছিল। তেতিয়াই তেওঁ বগা মানুহসকলৰ লগত কাজিয়াত লিপ্ত হৈছিল। বৰ্ণবাদৰ পৰা ক্ষোভিত হৈ তেওঁ পাছত সেই মেডেলটো ওহিঅ' নদীত পেলাই দিছিল।

 অৱশ্যে বহুতে এই কথা অস্বীকাৰ কৰে আৰু কয় যে হয়তো আলীয়ে তেওঁৰ মেডেলটো হেৰুৱাই পেলাইছিল।

 নিঃসন্দেহে আলীয়ে গোটেই জীৱন বিশ্বৰ হকে কাম কৰিছিল। ১৯৬৪ চনত তেওঁ কেছিয়াছ ক্লেৰ পৰিচয় ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। আৰু নিজৰ নাম মহম্মদ আলী ৰাখিছিল।

খেলুৱৈ সকল দেশৰ ভৱিষ্যৎ। এগৰাকী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰে দেশখনত। পূৰ্বৰ পৰা খেলুৱৈ সকলৰ প্ৰতি বহু সময়ত হেয় প্ৰতিপন্ন হৈ আহিছে। আজি আমাৰ দেশৰ খেলুৱৈ সকল ৰাজপথত।

এই সময়ত তেওঁলোকৰ হৈ থিয় দিব লাগিছিল কেন্দ্ৰীয় চৰকাৰে। প্ৰশাসনেও তদন্ত কৰি অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। তেনে নকৰি প্ৰতিবাদকাৰী সকলক অত্যাচাৰ কৰাতো অবাঞ্চনীয়।

খেলুৱৈ সকল আমাৰ গৌৰৱ হৈয়ে থাকিব দিয়ক। অলিম্পিকত পদক জয় কৰি বিশ্বত দেশৰ নাম উজ্বলাইছিল এই খেলুৱৈ সকলে। যদিহে এই মল্লযোদ্ধা সকলে কোৱাৰ দৰে তেওঁলোকৰ পদক গংগাত পেলাই দিয়ে তেন্তে এই কথা দেশৰ ইতিহাসৰ এক ক'লা অধ্যায় হিচাপে থাকি যাব...

নদীত অলিম্পিকৰ সোণৰ পদক দলিয়াই দিয়া খেলুৱৈৰ কাহিনী...
AEC ৰ '৭'নম্বৰৰ '৭' বন্ধু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in