নেতাৰ ভয়, কিজানি সমষ্টি নৰয় !

নেতাৰ ভয়, কিজানি সমষ্টি নৰয় !
নেতাৰ ভয়, কিজানি সমষ্টি নৰয় !

মৃদুল কুমাৰ সন্দিকৈ

অসমৰ ৰাজনীতিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰথমখন খচৰা প্ৰকাশৰ পাছতেই ধুমুহাৰ সৃষ্টি হৈছে। বহু সমষ্টি বিলুপ্ত আৰু নতুন সমষ্টিৰ প্ৰস্তাৱে এচাম নেতাৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে আৰু আন এচামৰ বাবে সম্ভাৱনাৰ বাট মুকলি কৰিছে।

নতুন সমষ্টি নিৰ্ধাৰণৰ প্ৰস্তাৱ দিয়া হলেও দেশৰ নিৰ্বাচন আয়োগে ৰাজ্যখনৰ মুঠ বিধাসভাৰ সমষ্টিৰ সংখ্যা বৃদ্ধি কৰা নাই। কেৱল সমষ্টিৰ সীমাৰ পুনৰ নিৰ্ধাৰণেৰে কিছু সমষ্টি বিলুপ্ত ঘটাই, নতুন সমষ্টি অন্তৰ্ভুক্তিৰে অসম বিধানসভাত মুঠ ১২৬ টা বিধানসভা সমষ্টিয়েই থাকিব বুলি উল্লেখ কৰা হৈছে এই প্ৰস্তাৱনাত।

জনবিন্যাসৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই প্ৰক্ৰিয়াক কিছুৱে আদৰণি জনালেও এয়া শাসকীয় বিজেপিৰ সহায়ক হোৱাকৈ কৰা এক ৰাজনৈতিক প্ৰক্ৰিয়া বুলি অভিযোগ উঠিছে। এনে ধৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নিৰ্দিষ্ট কিছু সমষ্টিত বিজেপিৰ জয় নিশ্চিত কৰা, বিৰোধী অস্তিত্বহীন কৰি তোলা আৰু ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ ৰাজনীতিৰ ত্ৰাণকৰ্তাৰ ভূমিকাৰ পৰা আঁতৰাই ৰখাৰ এক কৌশল বুলিও অভিহিত কৰিছে।

বিৰোধীয়ে দেশৰ নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই খচৰা তীব্ৰ বিৰোধিতা কৰি আয়োগে স্বতন্ত্ৰতা হেৰুৱাই পেলোৱা বুলি অভিযোগ তুলিছে। ৰাজ্যৰ ৰাজনীতিত এই নতুন খচৰা অনুসৰি বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ হ'লে বহু ৰাজনৈতিক সমীকৰণ সলনি হৈ পৰিব।

প্ৰকাশিত খচৰাত দিয়া প্ৰস্তাৱ অনুসৰি বিধানসভা সমষ্টি বা লোকসভা সমষ্টিৰ সংখ্যা একেই থাকিব। অৱশ্যে অনুসূচীত জনজাতিৰ বাবে পূৰ্বতে অসম বিধানসভাত ১৬ টা সমষ্টি সংৰক্ষণ হৈ আছিল যদিও সেই এই খচৰা অনুসৰি ১৯ টালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

একেদৰে অনুসূচীত জাতিৰ সমষ্টিৰ সংখ্যা ৮ ৰ পৰা ৯ লৈ বৃদ্ধিৰ প্ৰস্তাৱ, কৰিমগঞ্জৰ পৰিৱৰ্তে শিলচৰ লোকসভা সমষ্টিটো অনুসূচীত জাতিৰ বাবে সংৰক্ষণ, পূৰ্বৰ দৰেই কোকৰাঝাৰ আৰু ডিফু লোকসভা সমষ্টি দুটা জনজাতিৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱ আছে এই খচৰাত।

আয়োগে প্ৰকাশ কৰা মতে উজনিৰ তুলনাত নামনি অসমৰ জনসংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পৰ্যবেক্ষণত ৰখা হৈছে। খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষাৰ লক্ষ্যৰে ৰাজ্যৰ বিধানসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ কথা কৈছে যদিও বিৰোধীৰ মতে এয়া সম্পূৰ্ণ বিজেপিৰ ৰাজনৈতিক অংক।

২০ জুন ২০২৩ত দেশৰ নিৰ্বাচন আয়োগে অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ প্ৰথমখন খচৰা প্ৰকাশ কৰিছে। সেই খচৰাত কলিয়াবৰ লোকসভা সমষ্টিৰ নাম কাজিৰঙা আৰু মঙলদৈ লোকসভা সমষ্টিৰ নাম দৰং নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱ দিছে। আনহাতে তেজপুৰ লোকসভা সমষ্টি এই খচৰা কাৰ্যকৰী হ'লে শোণিতপুৰ লোকসভা সমষ্টি হিচাপে জনা যাব।

যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হ'ব মাজুলী বিধানসভা সমষ্টি। পূৰ্বতে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চাবুৱা বিধানসভা সমষ্টিটো সোমাব ডিব্ৰুগড় লোকসভা সমষ্টিত। কাজিৰঙা লোকসভা সমষ্টিত হোজাই, লামডিং, বঢ়মপুৰ বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হ'ব।

ধুবুৰীৰ পৰা গোৱালপাৰা পশ্চিমক কৰ্তন কৰি গুৱাহাটী লোকসভা সমষ্টিত অন্তৰ্গত কৰাৰ প্ৰস্তাৱ, তামুলপুৰ, গোৰেশ্বৰ বিধানসভা সমষ্টি দৰং লোকসভা সমষ্টিত অন্তৰ্ভুক্তি, বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত চেঙা, মন্দীয়া, ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্তি আদি বহু সালসলনিৰ প্ৰস্তাৱ ৰখা হৈছে এই খচৰাত।

অনুসূচিত জাতিৰ বাবে সদ্য প্ৰকাশিত খচৰা অনুসৰি সংৰক্ষণ কৰা ৯ টা বিধানসভা সমষ্টি হ'ল- বৰপেটা, হাজো, ডিমৰিয়া, জাগীৰোড, ৰহা, বিহালী, নাওবৈচা, নৰসিংপুৰ, ৰাতাবাৰী। অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ১৯ টা বিধানসভা সমষ্টি ক্ৰমে- দোতমা, কোকৰাঝাৰ, গোৱালপৰা পশ্চিম, দুধনৈ, চিদলী চিৰাং, বকো, বাক্সা, তামুলপুৰ, ওদালগুৰি, ঢকুৱাখনা, ধেমাজি, জোনাই, মাজুলী, বোকাজান, হাওৰাঘাট, ডিফু, ৰংখাং, আমৰি আৰু ডিমা হাচাওঁ।

গুৱাহাটীত অসম বিধানসভাৰ সমষ্টি ৫ টালৈ বৃদ্ধি কৰা হৈছে। পশ্চিম গুৱাহাটী, পূৱ গুৱাহাটী সমষ্টি বিলুপ্ত কৰি নতুনকৈ ডিমৰীয়া, নিউ গুৱাহাটী আৰু চেণ্ট্ৰেল গুৱাহাটী সমষ্টি অন্তৰ্ভুক্ত কৰিছে এই খচৰাত। অৱশ্যে পূৰ্বৰ জালুকবাৰী আৰু দিছপুৰ সমষ্টি অক্ষত থাকিব। ডিমৰীয়া সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে।

কোকৰাঝাৰ জিলাত ৰ্পূবৰ ৩ টা বিধানসভা সমষ্টিৰ পৰিৱৰ্তে হ'ব ৫ টা সমষ্টি। সেই সমষ্টি কেইটা হ'ল- গোসাইগাওঁ, দুতমা, কোকৰাঝাৰ, বাওঁখুংগ্ৰী আৰু পৰ্বতঝাৰা। এই জিলাখনৰ পূৰ্বৰ কোকৰাঝাৰ পশ্চিম আৰু কোকৰাঝাৰ পূৱ সমষ্টি দুটা বিলুপ্ত কৰা হৈছে।

চিৰাং জিলাত চিদলী চিৰাং নামেৰে নতুন সমষ্টি অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্বৰ চিদলী সমষ্টি বিলুপ্তি কৰাৰ লগতে বাক্সা জিলাত নতুনকৈ গোৱধৰ্না, বাক্সা আৰু গোৰেশ্বৰ সমষ্টি সৃষ্টি কৰিছে।

ওদালগুৰিত ভেৰগাওঁ আৰু টংলা সমষ্টি নতুনকৈ সৃষ্টি কৰিছে। জিলাখনত পানেৰী আৰু কলাইগাওঁ সমষ্টি দুটা বিলুপ্ত হ'ব। ধুবুৰীত বিলাসীপাৰা পূৱ আৰু বিলাসীপাৰা পশ্চিম সমষ্টি বিলুপ্ত কৰি গোলকগঞ্জ, গোৰীপুৰ, ধুবুৰী, মানকাচৰ আৰু বিলাসীপাৰা সমষ্টিৰ সৃষ্টি কৰা হৈছে।

দক্ষিণ শালমৰাত কেৱল দক্ষিণ শালমৰা সমষ্টিহে ৰখা হৈছে। বঙাইগাঁৱত মাণিকপুৰ সমষ্টি নতুনকৈ সৃষ্টি কৰি অভয়াপুৰী পূৱ আৰু অভায়াপুৰি পশ্চিম সমষ্টি দুটা বিলুপ্ত কৰা হৈছে।

বৰপেটাত পূৰ্বৰ ৮ টা বিধানসভা সমষ্টি হ্ৰাস কৰি ৬ টা কৰিছে। জিলাখনত মন্দিয়া আৰু ৰূপসী নামৰ এই নতুন সমষ্টি দুটা সৃষ্টি কৰিছে। সৰভোগ, পাটাছাৰকুছি, জনিয়া, বাঘবৰ, সৰুক্ষেত্ৰী সমষ্টি আৰু নাথাকিব।

নলবাৰীত বিলুপ্ত কৰা হৈছে ধৰ্মপুৰ সমষ্টি। নতুনকৈ সৃষ্টি কৰা হৈছে টিহু সমষ্টি। নগাঁৱত পূৰ্বৰ বটদ্ৰৱা, ৰূপহীহাট, কলিয়াবৰ, চামগুৰি, বঢ়মপুৰ, নগাঁৱৰ উপৰিও নতুনকৈ অন্তৰ্ভুক্ত কৰা সমষ্টিটো হ'ব বিন্নাকান্দি।

উজনিৰ উত্তৰ অসমতো সলনি কৰা হৈছে সমষ্টি, বিলুপ্ত কৰা হৈছে আমগুৰি, থাওৰা, লাহোৱাল আদি সমষ্টিকেইটা। উজনি অসমৰ তিনিচুকীয়া জিলাত পূৰ্বতে আছিল ৫ টা সমষ্টি। নতুন খচৰাত মাকুম নামৰ এটা নতুন সমষ্টি অন্তৰ্ভুক্তি কৰা হৈছে।

এতিয়াৰ পৰা তিনিচুকীয়াত থাকিব মুঠ ৬ টা সমষ্টি। সেই সমষ্টিকেইটা হ'ব শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম আৰি তিনিচুকীয়া বিধানসভা সমষ্টি। ডিব্ৰুগড়ত হ্ৰাস কৰা হৈছে এটা সমষ্টি। কৰ্তন কৰা সমষ্টিটো হৈছে লাহোৱাল।

শিৱসাগৰত পূৰ্বতে চাৰিটা সমষ্টি আছিল। খচৰা অনুসৰি জিলাখনত থাওৰা আৰু মাহমৰা সমষ্টিৰ অস্তিত্ব বিলুপ্ত কৰা হৈছে। নতুন সমষ্টি হিচাপে থাওৰাৰ স্থানত ডিমৌ সমষ্টি হিচাপে নামাকৰণ কৰা হৈছে।

একেদৰে আমগুৰি সমষ্টি বিলুপ্ত কৰা হৈছে। গোলাঘাটত সমষ্টিৰ সংখ্যা কমা নাই। অৱশ্যে সমষ্টি কেইটাৰ চাৰিওসীমাৰ সালসলনি হৈছে। ধেমাজিত নতুনকৈ চিচিবৰগাওঁ নামেৰে এটা নতুন সমষ্টি সৃষ্টি কৰা হৈছে।

লখিমপুৰত বৃদ্ধি পাইছে ৰঙানদী নামৰ এটা নতুন সমষ্টি। শোণিতপুৰত সমষ্টিসমূহৰ নাম বা সংখ্যা সলনি হোৱা নাই যদিও আটাইকেইটা সমষ্টিৰেই সীমা সলনি কৰা হৈছে। থোৰতে বিলুপ্ত হোৱা সমষ্টি আৰু বৰ্তমান সেই সমষ্টিসমূহক প্ৰতিনিধিত্ব কৰি থকা সমষ্টি হেৰুওৱা বিধায়কসকল হ'ল-

সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰ, ছয়গাঁৱত ৰেকবুদ্দিন আহমেদ, পূৱ গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্য, পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতা, লাহোৱালত বিনোদ হাজৰিকা, থাওৰাত সুশান্ত বৰগোহাঁই, আমগুৰিত প্ৰদীপ হাজৰিকা, ধিঙত আমিনুল ইছলাম, জনিয়াত ৰফিকুল ইছলাম, ধলাইত পৰিমল শুক্লবৈদ্য, পাথাৰকান্দিত কৃষ্ণেন্দু পাল, কাটলিছেৰাত সুজামুদ্দিন লস্কৰ, যমুনামুখত চিৰাজউদ্দিন আজমল, ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰী, হাওৰাঘাটত দৰসিং ৰংহাং, ছাপাগুৰিত ইউ জি ব্ৰহ্ম, পানেৰীত বিশ্বজিত দৈমাৰী, বৰমাত ভূপেন বড়ো, বাঘবৰ শ্বেৰমান আলী আহমেদ, কলাইগাঁৱত দুৰ্গাদাস বড়ো, কোকৰাঝাৰ পশ্চিমত ৰবিৰাম নাৰ্জাৰী, পাটাছাৰকুছিত ৰঞ্জিত দাস, বিলাসীপাৰা পূৱত ছামছুল হুদা, বিলাসীপাৰা পশ্চিমত হাফিজ বশিৰ আহমেদ কাছিমী, সৰভোগত মনোৰঞ্জন তালুকদাৰ, অভায়পুৰী দক্ষিণত আব্দুল বাতেন খন্দকাৰ, অভয়াপুৰী পশ্চিমত প্ৰদীপ সৰকাৰ আদি।

অসম বিধানসভাৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় ভাৰতীয় সংসদীয় আইন-১৮৬১ ৰ অধীনত অসমে গণতান্ত্ৰিক স্বাধীনতা পোৱা নাছিল। ১৯০৫ চনত পূৱ বংগৰ সৈতে অসমক চিহ্নীত কৰা হৈছিল।

সেই সময়ত পূৱ বেংগল আৰু অসম বিধানসভাৰ পৰিষদ আছিল। ১৯০৯ চনত গঠন হৈছিল এই পৰিষদ। সেই সময়ত এই পৰিষদত ৪০ জন সদস্য আছিল। তাৰে ৫ জন আছিল অসমৰ।

১৯১২ চনত অসমক পুনৰ গঠন কৰি মুখ্য আয়ুক্ত অধীনস্থ এখন প্ৰদেশ কৰা হয়। গৰ্ভমেণ্ট ইণ্ডিয়ান এক্ট-১৯০৯ অনুসৰি গঠন কৰা অসম বিধান পৰিষদত মুঠ সদস্যৰ সংখ্যা আছিল ৩৪ জন। ইয়াৰে ১৩ জনক মুখ্য আয়ুক্তই মনোনয়ন আৰু ২১ জনক জনসাধাৰণে নিৰ্বাচন কৰিছিল।

এই বিধান পৰিষদৰ প্ৰথমখন সভা ১৯১৩ চনৰ ৬ জানুৱাৰীত পুৱা পুৱা ১১ বজাৰ পৰা শ্বিলঙত বিধান পৰিষদ অধিৱেশন বহিছিল। এই বিধান পৰিষদৰ সদস্যৰ সংখ্যা ১৯২১ চনত ৫৩ লৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰে ৪১ জনক নিৰ্বাচন আৰু ১২ জনক মনোনিত কৰা হৈছিল বিধান পৰিষদলৈ।

দ্যা গৰ্ভমেণ্ট অফ ইণ্ডিয়া এক্ট-১৯৩৫ ব্ৰিটিছ সংসদত গৃহীত হৈছিল সেই বৰ্ষৰ ২ আগষ্টত। যিখন আইন কাৰ্যকৰী কৰা হৈছিল ১৯৩৭ চনৰ পৰা। এই আইন অনুসৰি ভাৰতৰ প্ৰতিখন প্ৰদেশতে বিধান পৰিষদ গঠন কৰা হৈছিল।

অসমতো গঠন কৰা এই বিধান পৰিষদত তেতিয়াৰ সদস্য সংখ্যা আছিল ১০৮ গৰাকী। ভাৰত বিভাজনৰ পাছত অসমৰ চিলেট জিলা গণভোটৰ ভিত্তিত সেই সময়ৰ পূৱ পাকিস্তানৰ সৈতে সংযুক্ত হয়।

ইয়াৰ লগে লগে অসম বিধান পৰিষদৰ সদস্যৰ সংখ্যা হ্ৰাস কৰা হৈছিল ৭১ লৈ। স্বাধীনতাৰ পাছত বিধান পৰিষদ বাতিলকৰণ হয় আৰু উচ্চ সদনো বাতিল কৰি অসম বিধানসভা গঠন কৰা হয় আৰু বিধানসভাৰ সদস্যৰ সংখ্যা পুনৰ ১০৮ লৈ বৃদ্ধি কৰা হৈছিল।

স্বাধীনতাৰ পাছত বৰ অসমৰ কিছু অংশই ক্ষুদ্ৰ ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৬৩ চনত নাগালেণ্ডে পৃথক ৰাজ্যৰ স্বীকৃতি লাভ কৰে। ১৯৭৩ ত সম্পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে মেঘালয়ে। মিজোৰাম আৰু অৰুণাচল প্ৰদেশো অসমৰ পৰা পৃথক হৈ পৰে।

শ্বিলঙৰ পৰা অসমৰ ৰাজধানী ১৯৭২ চনত দিছপুৰলৈ স্বানান্তৰিত কৰা হয়। দিছপুৰত অসম বিধানসভাৰ অস্থায়ী ৰাজধানী পতাৰ পাছত ১৯৭৩ চনৰ ১৬ মাৰ্চত প্ৰথমখন বিধানসভা অধিৱেশন অনুষ্ঠিত হৈছিল।

১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ অসম বিধানসভাৰ সদস্য সংখ্যা ১০৮ গৰাকীয়েই আছিল। ১৯৫৭ চনত অসম বিধানসভাৰ সদস্য সংখ্যা হ্ৰাস কৰা হৈছিল ১০৫ লৈ। ১৯৬৭ চনত গঠন হোৱা তৃতীয় অসম বিধানসভাৰ সদস্য সংখ্যা আছিল ১১৪।

১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈ গঠন হোৱা পঞ্চম অসম বিধানসভাৰ সদস্য সংখ্যা আছিল ১২৬। তাৰ পাছৰ পৰাই ১২৬ জনীয়া অসম বিধানসভা গঠন হৈ আহিছে। যোৱা সময়ছোৱাত অসম বিধানসভাৰ সমষ্টিসমূহৰ জনবিন্যাস যথেষ্ট সলনি হৈছে।

সেয়েহে অসম বিধানসভাৰ সমষ্টি সংখ্যা বৃদ্ধি বা সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰয়োজন নিশ্চয় আছে। কিন্তু সেয়া ৰাজনৈতিক স্বাৰ্থৰ উৰ্ধত জনসাধাৰণৰ স্বাৰ্থত সহায়ক হোৱাকৈ হোৱা উচিত। এই খচৰা অৱশ্যে চূড়ান্ত নহয়। ২০২৩ ৰ ১১ জুলাই লৈকে দেশৰ নিৰ্বাচন আয়োগে খচৰা সন্দৰ্ভত পৰামৰ্শ আৰু আপত্তি গ্ৰহণ কৰিব।

নেতাৰ ভয়, কিজানি সমষ্টি নৰয় !
উজনিত দুই শিবিৰৰ দুই শক্তিশালী নেতাৰ প্ৰতিবাদৰ হুংকাৰঃ আমগুৰি হ'ব ইতিহাস !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in