বিদ্যুৎ ক'ত ? বিষ্ণুৰাম মেধি চিকিৎসালয়ত মোবাইলৰ পোহৰত কৰিব লগা হৈছে চিকিৎসা

চিকিৎসালয়খনৰ বিছনাত ছটফটাই থকা ৰোগীয়ে হাতত তুলি ল'ব লগা হৈছে বিচনী। জ্বলাই লৈছে মম
বিদ্যুৎ ক'ত ? বিষ্ণুৰাম মেধি চিকিৎসালয়ত মোবাইলৰ পোহৰত কৰিব লগা হৈছে চিকিৎসা

ডিজিটেল সংবাদ, হাজোঃ পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে স্বাস্থ্য বিভাগ। ইটোৰ পিছত সিটো বিতৰ্কৰে নাম সাঙোৰ খাই পৰিছে মন্ত্ৰী কেশৱ মহন্ত নেতৃত্বাধীন তথা ৰাজ্য চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগ।

এইবাৰ হাজোৰ একমাত্ৰ চৰকাৰী চিকিৎসালয় বিষ্ণুৰাম মেধি চিকিৎসালয়ত এক অনাকাঙ্খিত পোহৰলৈ আহিছে। এই গেলা গৰমত চিকিৎসালয়খনত নাই বিদ্যুতৰ নিয়মিত সেৱা।

চিকিৎসালয়খনৰ বিছনাত ছটফটাই থকা ৰোগীয়ে হাতত তুলি ল'ব লগা হৈছে বিচনী। জ্বলাই লৈছে মম। হাজোৰ একমাত্ৰ চৰকাৰী চিকিৎসালয় বিষ্ণুৰাম মেধি চিকিৎসালয়ত সংঘটিত এই ভয়ংকৰ কাণ্ডই সচেতন ৰাইজৰ চকু কপালত তুলিছে।

জানিব পৰামতে, দিনৰ প্ৰায় ২ বজাৰ পৰা চিকিৎসালয়খনত বিদ্যুৎ সেৱা কৰ্তনৰ ফলত ৰোগীৰ মাজত হাহাকাৰ লাগিছে। উপায়ন্তৰ হৈ ৰোগীয়ে জ্বলাইছে মমবাতি,হাতত তুলি লৈছে বিচনী।

আনকি চিকিৎসকেও মোবাইলৰ পোহৰত কৰিব লগা হৈছে চিকিৎসা কাৰ্য। হাস্পতাল কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহীৰ বাবেই চিকিৎসা কৰিব অহা ৰোগীসকলে খাব লগা হৈছে এই যমৰ যাতনা।

পৰিতাপৰ কথা এই যে,গৰ্ভৱতী মহিলা,শিশু-বৃদ্ধ ৰোগীসকলে বিছনাত ছটফটাই থাকিব লগা অৱস্থা হোৱা দৃশ্যই সকলোকে মৰ্মাহত কৰি তুলিছে। বিদ্যুৎ বিভাগৰ মেৰামতিৰ কথা দোহাই দি ৰোগীসকলক ভয়ংকৰ বিপদৰ পিনে ঠেলি দিয়া হাজো স্বাস্থ্য বিভাগে দুটাকৈ উচ্চ ক্ষমতা সম্পন্ন জেনেৰেটৰ কিয় ব্যৱহাৰৰ নকৰিলে সেয়া এক ডাঙৰ ৰহস্য হৈ পৰিছে। এই ভুল স্বাস্থ্য এখন উন্নয়নশীল ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজে কেতিয়াও কামনা নকৰে বুলি সচেতন মহলে উল্লেখ কৰে।

বিদ্যুৎ ক'ত ? বিষ্ণুৰাম মেধি চিকিৎসালয়ত মোবাইলৰ পোহৰত কৰিব লগা হৈছে চিকিৎসা
ভূপেন হাজৰিকা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in