পক্ষীৰাজ ঘোঁৰাত উঠি নতুন দিগন্তৰ সন্ধান কৰা মানুহজন গুচি গৈছিল ২০১১তে। হাঁহি মুখে জ্যোতিক শিৰত তুলি নিৰাশাবিহীন গীত গাই গাই জীৱনক লৈ আক্ষেপ নকৰা মানুহ আছিল তেওঁ। বিৰামবিহীন জীৱনৰ উৰন্ত মৌ। সুন্দৰক আৰাধনা কৰা তেওঁ আছিল বহুতৰ প্ৰেৰণা,উৎসাহৰ আৰু আশাৰ প্ৰতীক।
তেঁৱেই গাইছিল এই গীত- 'অসম আমাৰ ৰূপহী/গুণৰো নাই শেষ/ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ/অসম আমাৰ ৰূপহী/গুণৰো নাই শেষ/ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ…' গোটেই জীৱন অলেখ কৰি তেওঁ অসমৰ দৰে দেশ ক'তো পোৱা নাছিল। অসমৰ বিনন্দীয়া পৰিৱেশে অভিভূত কৰি ৰাখিছিল চিৰকাল তেওঁক।
বহাগ আছিল তেওঁৰ প্ৰিয় ঋতু। শৰতৰ নিশা তৰাই সজোৱা আকাশত বিচাৰি পাইছিল নিজ মাতৃভূমিক। পাহাৰ-ভৈয়ামে ৰামধেনুৰ দৰে মৰমৰ মিলন সেঁতু তেওঁ গঢ়িছিল। লুইতৰ পাৰত ৰৈ তেওঁ প্ৰণিপাত কৰি গীতৰ মাজেৰে কৈছিল- 'জন্ম ললোঁ ইয়াতেই, ইয়াতেই যেন মৰো।'
অসম আৰু অসমীয়াক প্ৰাণ ভৰি ভালপোৱা মানুহ জনে মানুহৰ বাবে সহানুভূতিৰে অকনো নাভাবিলে কোনে ভাবিব বুলি কৰি যোৱা প্ৰশ্ন চিৰ শ্বাশ্বত হৈ ৰৈ গ’ল। মানুহে মানুহক বেচিব খুজিলে তেওঁৰ বুকু হাহাকাৰ কৰি উঠিছিল। মানুহে মানুহক কিনিব খুজিলে তেওঁ কষ্ট পাইছিল। তেওঁৰ গীতত আছিল সেই বাণী, যি বাণীয়ে মানুহক মানুহ হ'বলৈ প্ৰেৰণা দিছিল- 'মানুহে মানুহক বেচিব খুজি/মানুহে মানুহক কিনিব খুজি/পুৰণি ইতিহাস দোহাৰিলে/ভুল জানো নহ'ব কোৱা সমনীয়া/দুৰ্বল মানুহে যদি/জীৱনৰ কোবাল নদী/পাৰ হয় তোমাৰ সাহত/তুমি হেৰুৱাবানো কি/মানুহ যদিহে নহয় মানুহ/দানৱ কাহানিও নহয় মানুহ/(আৰু) যদি দানৱ কাহানিবা হয় মানুহ/লাজ পাব কোনেনো কোৱা সমনীয়া…'
এতিয়া ৰাজ্যৰ পৰিৱেশ ৰাইজে দেখিছে। তেওঁতো তেতিয়াই কৈছিল- 'ৰাইজ আজি ভাৱৰীয়া, দেশেই নাটঘৰ/ কোনে কি ভাও ল'বা আহা সময় যে তাকৰ'। আখৰাৰ পোছাক নালাগে আমাক, ভোকাতুৰৰ পেটত গামোচা বান্ধি উন্মাদ হৈ নাটকৰ বাবে ওলাই আহিবলৈ তেওঁ আহ্বান জনাইছিল।
তেওঁৰ গীতৰ সেই মৰ্ম বাণী এতিয়াৰ ক্ষমতাত থকা নেতাসকলে অনুভৱ নকৰিলেও ৰাইজে ঠিকেই অনুভৱ কৰে। সেয়ে তেওঁ গাইছিল- 'মুখাৰে কিমান ঠগিবা/টেকনিক ভৰা নাটেৰে কিমান/নাটনিৰ নাট মেলিবা/সংলাপ নালাগে মিঠা ভাষাৰ/আৰ্তনাদেৰেই কোৱা/দুষ্টজনকে চেতনাৰে যুঁজি/বীৰৰ যোগ্য হোৱা…'
তেওঁ ৰত্ন নহয়, মহাৰত্ন আছিল। এটা জাতিৰ প্ৰাণৰ স্পন্দন। গীতৰ মাজেৰে পৰিৱৰ্তনকামী চিন্তা-চেতনাৰ ঢৌ প্ৰৱাহিত কৰিব পৰা এক শিহৰণ। তেওঁ আছিল গীতৰ মাধ্যমেৰে অসমীয়া জাতিক সকিয়াই থৈ যাব পৰা মহান দাৰ্শনিক । ভৱিষ্যতক তেওঁ দেখিছিল। সেয়েহে সজাগ জনতাক ওলাই আহিবলৈ আহ্বান জনাইছিল- 'আহ আহ ওলাই আহ সজাগ জনতা/আহ আহ ওলাই আহ পোহৰ আনোতা/ৰামৰে দেশতে থকা ৰাৱন বধোতে/যায় যদি যায় জীৱনতো যাওক/সমুখৰে সেনাপতি থমকি জিৰালে/কিনো হ'ব সেনানীয়ে ভাবিলে গুনিলে/ক'লা কাকটিং নাশোগৈ আহ…'
তেওঁৰ জীৱনটোৱেই আছিল সংগ্ৰামৰ অন্য নাম। জীৱনৰ বাটত তেওঁ বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল। কিন্তু থমকি ৰোৱা নাছিল কোনোদিন। পুত্ৰ হৈ তেওঁ আই মাতৃৰ বাবে মৰিব পাৰিছিল। কাল আন্ধাৰে আৱৰিলে তেওঁৰ বুকু হম হম কৰিছিল। নিদ্ৰা হৰণ হৈছিল তেওঁৰ। দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে অগনি কালিকা চৰিছিল। মুক্তিৰ সপোন তেওঁ দেখি থাপনা থাপিব খুজিছিল নিজৰ শোনিতেৰে- 'বুকু হম হম কৰে/বুকু হম হম কৰে মোৰ আই/কোনে নিদ্রা হৰে মোৰ আই/পুত্র হৈ মই কি মতে তৰোঁ/আই তোৰে হৈ মই মৰো/দেশৰে চন্দ্রমা কাল আন্ধাৰে আৱৰে…'
১৯২৬ চনৰ ৮ চেপ্তেম্বৰত তেওঁৰ জন্ম হৈছিল। চিনেমা, ৰাজনীতি, সংগীত, সাহিত্য সকলোতে আছিল তেওঁৰ দখল। ১৯৮৭ চনত সংগীত নাটক অকাডেমী সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছিল। তাৰ পূৰ্বে ১৯৭৫ চনতে তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় বঁটা। ১৯৯২ চনত তেওঁক যচা হৈছিল 'দাদা চাহেব ফাল্কে' সন্মান। ১৯৭৭ চনত ভাৰত 'পদ্মশ্ৰী', ২০০১ চনত 'পদ্ম ভূষণ' আৰু ২০১২ চনত তেওঁক 'পদ্ম বিভূষণ' সন্মানেৰে সন্মানিত কৰা হৈছিল।
সন্মান তেওঁৰ বাবে ডাঙৰ নাছিল। অসমৰ ৰাইজৰ বাবে তেওঁ আছিল হিয়াৰ আঁমঠু। তেওঁ অসমীয়াত্বক বুজি পাইছিল। জ্যোতি-বিষ্ণুৰ সংগই তেওঁক প্ৰগতিবাদী কৰি তুলিছিল। ৰাভাক অন্তৰৰ পৰা বুজিছিল। ৰাভাৰ আদৰ্শক হৃদয়ংগম কৰিব জানিছিল।
তেৱেঁই এদিন বিষ্ণু ৰাভা সন্দৰ্ভত কৈছিল- "বিষ্ণুপ্ৰসাদ ৰাভা ঠিকাদাৰ নহয়, মন্ত্ৰীও নহয়, সত্ৰাধিকাৰো নহয়, নাস্তিকো নহয়, খাটি মহাপুৰুষীয়া যদিও…মাছ মাংস খায়, ২৫০০ বিঘা মাটিৰ জমিদাৰ হৈও পুঁজিপতি নহয়, মাটিও নাই…গেৰুৱা বসন নিপিন্ধে যদিও সন্ন্যাসী, বিশ্ববিদ্যালয়ত দহোটা-পাচোটা গৱেষণা কৰা নাছিল যদিও গৱেষক বুৰঞ্জীবিদ-নৃতত্ববিদ্, বিপ্লবী যদিও ৰোমেণ্টিক, জাতি বিচাৰ নামানে যদিও ধনী দুখীয়াৰ জাতি বিচাৰ মানে, তিনিটা সন্তানৰ পিতৃ যদিও গতানুগতিক সংসাৰী নহয়, কমিউনিষ্ট হ'লেও ফেনাটিক নহয়। তিনিকুৰি হ'লেও মনটো একৈশ বছৰীয়া। খাটি বড়ো, খাটি অসমীয়া অথচ বিশ্বৰ ছন্দে ছন্দে ধাৱমান। এক মহান মানৱ শিল্পী।"
১০ বছৰ বয়সতে তেওঁ গান গাইছিল। ১৯৩৪ চনত তেওঁৰ প্ৰথমটো গান বাণীবন্ধন হৈছিল। জ্যোতি প্ৰসাদৰ ছবি ইন্দ্ৰমালতীৰ বাবে তেতিয়াই দুটাকৈ গান গাইছিল । ১৩ বছৰ বয়সতে তেওঁ গীত লিখিছিল। অসম সাহিত্য সভাৰ সভাপতিৰ আসনো তেওঁ অলংকৃত কৰিছিল। ১৯৬৭ চনৰ পৰা ১৯৭২ চনলৈকে তেওঁ ৰাজনীতিত আছিল। অসম বিধানসভাৰ সদস্যৰূপে দায়িত্ব চম্ভালিছিল। ২০০৪ চনত তেওঁ বিজেপি প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱৰ্তীৰ্ণ হৈছিল।
তেওঁ ক্লান্ত কোনোদিনেই হোৱা নাছিল। জয়ৰ প্ৰতিজ্ঞা ধ্বনিৰে দিকভ্ৰান্ত নোহোৱাকৈ গীত ৰচিছিল। সহস্ৰ শ্বহীদৰ সাহস প্ৰতিজ্ঞাক তেওঁ উপলব্ধি কৰিব পাৰিছিল। তেওঁতো নিজকে ভাবিছিল এজন যাযাবৰ বুলি। দিহিঙে দিপাঙে তেওঁ ঘূৰি ফুৰিছিল। বিচৰা নাছিল এখন ঘৰ। লুইতৰ পৰা মিচিচিপি হৈ ভল্গাৰ ৰূপ চাইছিল। আটোৱাৰৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱতি লৈছিল আৰু তেওঁ ইলোৰাৰ পুৰণি ৰহন চিকাগোলৈ কঢ়িয়াই নিছিল। গালিবৰ শেৰ শুচম্বেৰ মিনাৰত, মাৰ্ক টুইনৰ সমাধিত গৰ্কীৰ কথা মনত পেলাইছিল।
বাটৰ মানুহো তেওঁৰ আপোন মানুহ আছিল। য'তেই ৰং আছিল, ত'তেই তেওঁৰ মন আছিল। ঘৰৰ সন্মুখত বাগিচাৰে ভৰি থকা মৰহা ফুলৰ পাপৰি দেখি তেওঁ চিন্তিত হৈছিল। তেওঁ বিচৰা নাছিল ঘৰ। কিন্তু তেওঁ বিচাৰি ফুৰিছিল মানুহৰ বাবে কিবা এটা কৰাৰ চিন্তাৰে বিপ্লৱৰ অগ্নি বুকুত সাৱতি পৰিৱৰ্তনৰ সপোন দেখা এটা নতুন পথ।
তেওঁ প্ৰেমিক আছিল। তেওঁৰ উশাহ আছিল কহুৱা কোমল। হাঁহিৰে তেওঁ হৃদয় ভৰাই তুলিছিল। কাৰোবাৰ কোমল উশাহক লৈ তেওঁ গাব পাৰিছিল মৰম সনা গীত ।
বালিত নাচি থকা বালিমাহী বোৰে তেওঁক জোকাইছিল। ৰুণুক জুণুক কৈ সৰা নিয়ৰৰ টোপালে তেওঁৰ হৃদয় গলাইছিল। ধুমুহাক তেওঁ ভয় কৰা নাছিল। ধুমুহাকে তেওঁ কৈছিল- ধুমুহা মই কৈ যাম তোক মোৰ গতি…। সৃষ্টিৰ বাবে তেওঁ পুৰণিৰ লগতে নতুনক আদৰি ল'ব জানিছিল। দূৰন্ত বিশাল প্ৰেমে অনন্ত আকাশ চুইছিল। তেওঁৰ জীৱনলৈ তেনে প্ৰেমৰ বহু প্লাৱন নামিছিল।
ভাৰতীয় গণনাট্যৰ সৈতেও তেওঁ জড়িত হৈছিল। ১৯৫৩ চনত তেওঁ আমেৰিকাৰ পৰা উভতিছিল। গুৱাহাটী আকাশ বাণীত কৰ্মজীৱন আৰম্ভ কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছিল। তাৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপেও কিছুদিন কাম কৰিছিল। বহুকেইখন অসমীয়া ছবি নিৰ্মাণ আৰু সংগীত পৰিচালনাৰে জড়িত হৈ পৰিছিল। শকুন্তলা, প্ৰতিধ্বনি আদি তাৰ উদাহৰণ। ১৯৯৩ চনত শিৱসাগৰত অনুষ্ঠিত সাহিত্য সভাৰ সভাপতি আছিল।
প্ৰেম তেওঁৰ বাবে আছিল প্ৰাৰ্থনা। বিদেশত থাকোতেই তেওঁৰ জীৱনলৈ আহিছিল প্ৰিয়ম্বদা পেটেল। কিন্তু সেই সংসাৰে স্থায়ীত্ব নাপালে। তেওঁতো আছিল উৰণীয়া মৌ। তাৰ পাছত তেওঁৰ জীৱনলৈ মানুহ আহিছিল আৰু গৈছিল বহুজন।
আশীৰ দশকৰ প্ৰথম ভাগত কল্পনা লাজমী। তেওঁক লৈ অলেখ কথা। তেওঁৰ মন আছিল কহুৱা বনৰ দৰে। আলফুলে তেওঁ সাৱতি ল'ব জানে মানুহক। প্ৰতিটো ক্ষণ যেন আছিল তেওঁৰ বাবে মুকুতাৰ ধন। পুৱতি নিশা তেওঁ সপোন দেখিছিল। চঞ্চল কোলাহলে ঘুমতি ভাগিলে তেওঁৰ মন উচাতন হৈ পৰিছিল।
প্ৰেম প্ৰেম বুলি তেওঁ জগত ঘূৰিছিল। তেওঁ স্বীকাৰ কৰে ঘৰতেই আছিল প্ৰেম। গংগা, যমুনা, গয়া, কাশী তীৰ্থলৈ গৈ তেওঁ উপলব্ধি কৰিছিল ইয়াতেই আছে ঈশ্বৰ। অস্ত আকাশেৰে সপোনৰ ৰহণ সানি লুইতৰ হেঙুলীয়া পানীত তেওঁ সংগীতৰ ৰং চটিয়াইছিল।
তেওঁৰ জীৱনৰ কৰ্মৰাজি অপাৰ। তেওঁক লৈ বহুতে এদিন সমালোচনা কৰিছিল। কৈছিল- তেওঁ মদাৰৰ ফুল। আৰু সেই সমালোচনাৰ উত্তৰ তেওঁ কথাৰে দিয়া নাছিল, দিছিল গীতেৰে। বিহুৰ মঞ্চত হাৰমনিয়াম হাতত লৈ গাইছিল- 'মদাৰৰে ফুল হেনো পূজাতো নেলাগে/মদাৰৰে ফুল হেনো সবাহত নেলাগে/লাগে পিচে ব'হাগতে ৰং সানিবলে/লাগে পিচে আকাশতে জুই জ্বলাবলে/কোনোবাই মোক হেনো মদাৰৰে ৰিজালে/আমাৰ দৰে লোক হেনো কামে-কাজে নেলাগে/লাগে পিচে সমাজতে ৰং সানিবলে/লাগে পিচে আকাশতে জুই জ্বলাবলে…'
তেওঁক মদাৰৰ ফুল বুলি কোৱাসকল হেৰাই গ'ল। থাকি গ'ল তেওঁ। গীতেৰে তেওঁৰ দৰে কোনে দিব পাৰে সমালোচনাৰ উত্তৰ। তেওঁ কৈছিল- মদাৰ গছত বগোৱা পাণ খাবলৈ ভাল। পাণ হৈ মদাৰতে বগোৱা জনহে ভাল। কাঁইটেৰে তেওঁৰ বুকুত তেজ ধৰা জনক, মদাৰৰ জুই শিখাৰে বিচৰা জনক, বহাগত পুজিবলৈ অহাজনক তেওঁ যুক্তি দিছিল- 'সঁচা সৰু মানুহ যদি ৰঙা মদাৰ হয়/মদাৰৰে শিখা যদি হাতে হাতে লয়/তেতিয়াহে সমাজ আকাশ জ্যোতিৰে ভৰিব/জ্যোতি লাগে এন্ধাৰকে নাশ কৰিবলে…'
২০১১ চনৰ ৩০ জুনত তেওঁক মুম্বাইৰ কোকিলা বেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰা হৈছিল। আৰু দীৰ্ঘদিনৰ অন্তত ৫ নৱেম্বৰ ২০১১ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনাৰ দিনা শোকৰ বন্যা বৈছিল। জজ খেলপথাৰত মানুহৰ সমুদ্ৰ হৈছিল। সকলোৱে কেৱল উচুপিছিল। ৯ নৱেম্বৰ, ২০১১ত তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হৈছিল।
তেওঁ যে অসমৰে নহয় ভাৰতৰ ৰত্ন সেই কথা অসম-অসমীয়াই কেতিয়াবাই উপলব্ধি কৰিছিল। সেয়েহে জীৱিত কালতেই তেওঁক এই সন্মানেৰে সন্মানিত কৰিবলৈ বহু দাবী উত্থাপন হৈছিল। কিন্তু শুনিও শুনা নাছিল এই দাবী। এটুকুৰা আলসুৱা মেঘ হৈ তেওঁ ভাহি যাব খুজিছিল। বুকুৱে বিচৰা জনলৈ বাট চাই তেওঁ খিৰিকিমুখত ৰৈ আছিল।
আই মাতৃৰ চৰণ পখালি তেওঁ জীৱন দি মাতৃভূমিৰ ধাৰ শুজিব খুজিছিল- 'আই তোক কিহেৰে পূজিমে/আই তোৰ চৰণে দুখনি/আই অ' কিহেৰে পূজিমে তোক/আই অ' জীৱন দি পূজিমে তোক/আই তোৰ মৰমী কোলাতে/আই মই জনমে লভিলোঁ/আই তোৰ কিহেৰে শুজিমে ধাৰ/আই আজীৱন দি শুজিমে ধাৰ…'
বিমূৰ্ত নিশা তেওঁ মৌনতাৰ সূতাৰে নীলা চাদৰ ব'ব জানিছিল আৰু সেই চাদৰৰ মিঠাৰ ভাঁজত তেওঁ নিশ্বাস এৰিছিল। কামনাৰ তেজৰঙা মৰমৰ বাৰিষা সেই মৌন নিশ্বাসে জী তোলা আদৰেৰে তেওঁ সজাব জানিছিল প্ৰেম- ভালপোৱা।
তেওঁ আছিল কল্পনাৰ মাজেৰে বাস্তৱৰ সন্ধান কৰা, আলিংগনৰ মাজত জীৱনক এৰি দিয়া এজন দূৰন্ত প্ৰেমিক। তেওঁৰ গানবোৰ আছিল আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। সংঘাতৰ জীৱনত তেওঁ গানকেই সৰ্বোচ্ছ বুলি জ্ঞান কৰিছিল। নিজকে তেওঁ অসমৰ ডেকা ল'ৰা, অগ্নি বুলি কৈ চিত্ৰকৰ, কাৰিকৰ, খনিকৰ ৰূপে অংকিত কৰিছিল।
বিস্তৃৰ্ণ পাৰৰ অসংখ্য জনৰ হাহাকাৰ শুনি তেওঁ বুঢ়া লুইতক প্ৰশ্ন কৰা মানুহ। মানৱতাৰ পতন দেখিও বুঢ়া লুইত কিয় বৈ আছা বুলি তেওঁ সুধিব জানিছিল। আৰু চিৰ যুগমীয়া ঢৌ তুলি নতুন পানচৈত উঠি তেওঁ নতুনৰ সন্ধান কৰিছিল। আশাৰ বালিত তেওঁ ঘৰ সাজিছিল। তেওঁ কৈছিল- তেওঁৰ সৈতে ছাঁ আছে, তেওঁ অকলশৰীয়া নহয়।
সামাজিক সমস্যাক লৈ তেওঁ আছিল সচেতন। জনসংখ্যা বৃদ্ধি যে এদিন আমাৰ বাবে এক ভয়ানক সমস্যা হ'ব, সেই উপলব্ধিৰে তেওঁ গাইছিল- 'কাজিৰঙা কাজিৰঙা/কাজিৰঙা ভয়াবহ নহয়/নহয় অভয়াৰণ্য/ইয়াতকৈও ভয়াবহ জানা/পৃথিৱীৰ জন অৰণ্য…'।
গুৱাহাটী বিশ্ব বিদ্যালয়ক লৈ তেওঁৰ আছিল বহু আশা। ৰাইজৰেই আশা আছিল তেতিয়া আৰু তেওঁ সেই আশাকেই গীতৰ ৰূপ দিছিল- 'জিলিকাব লুইতৰে পাৰ/এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয়/জেউতি নিজৰাৰে ধাৰ/শত শত বন্তিৰে জ্ঞানৰে দীপালীয়ে/জিলিকাব লুইতৰে পাৰ/সাঁচিপাতে ভাষা দিব/চিফুঙে আশা দিব/ৰংঘৰে মেলিব দুৱাৰ…'।
জন্ম হ'লে মৃত্যু অনিবাৰ্য। সেয়েহে তেওঁ কোনো নাম বিচৰা নাছিল, বিচৰা নাছিল সোঁৱৰণি সভা- 'মই যেতিয়া এই জীৱনৰ/মায়া এৰি গুচি যাম/আশা কৰোঁ মোৰ চিতাৰ কাষত/তোমাৰ সহাঁৰি পাম/নালাগে মোক সোঁৱৰণি সভা/নালাগে মিচা নাম/তোমাৰ এটুপি চকুলো পালেই/মই পাম মোৰ দাম…'। গৌৰীপুৰত তেওঁ হাতী ধৰিবলৈ গৈ গাভৰু দেখিছিল। গাইছিল সেই গাভৰুক লৈ গীত- 'গৌৰীপুৰীয়া গাভৰু দেখিলো/হাতী ধৰিবলৈ গৈ/হাতীও ধৰিলো তাইকো মুহিলো/সাতুৰি গদাধৰ নৈ হে/গৌৰীপুৰীয়া গাভৰু দেখিলো/হাতী ধৰিবলৈ গৈ…'।
সাধাৰণ মানুহৰ মৰ্ম বেদনা অনুভৱ কৰি সংগ্ৰামী জীৱনৰ গীতৰ মাজেৰে তুলি ধৰা মানুহ আছিল তেওঁ- 'দোলা দোলা দোলা দোলা/একা বেকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ/বৰ বৰ মানুহৰ দোলা/আপোন কৰিলো বনুৱাৰ জীৱনক/দেহা ভাগৰাই তোলা… হে দোলা।'
তেওঁ বুজিছিল যুগে যুগে সেই সাধাৰণ মানুহবোৰে বোজা কঢ়িয়ায় আৰু সাধাৰণ মানুহবোৰৰ কান্ধ ভাঙো ভাঙো হয়। আৰু বৰ বৰ মানুহবোৰে দোলাত টোপনি যায়। সৰু সৰু মানুহৰ ঘাম সৰে। সাগৰ সংগমত তেওঁ বহু সাতুৰিছিল। ক্নান্ত হোৱা নাছিল। মনৰ প্ৰশান্তৰ নাছিল। এই জীৱন আছিল মহা জীৱন।