হিতাধিকাৰী আঁচনিয়েই অসমত পতন আনিব বিজেপিৰ !

হিতাধিকাৰী আঁচনিয়েই অসমত পতন আনিব বিজেপিৰ !
হিতাধিকাৰী আঁচনিয়েই অসমত পতন আনিব বিজেপিৰ !
কৰ্ণাটকত বিজেপি পৰাস্ত হোৱা বিষয়টোৱে বহু কথাৰেই ইংগিত দিলে। ৰাজ্যখনত বিজেপিৰ পৰাস্ত হোৱা বিষয়টোক কেন্দ্ৰ কৰিয়েই শীৰ্ষ আৰ এছ এছ নেতাই অসম বিজেপিকো আঁকাৰে ইংগিতে কৈ দিলে বহু কথা। বৰ্তমানৰ বিজেপি চৰকাৰ আৰু নেতাক লৈ অসন্তুষ্ট আৰ এছ এছ ! চৰকাৰৰ নীতিক লৈও নাই কোনো সদভাৱ। এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

কৰ্ণাটকত বিজেপিৰ পৰাস্ত হোৱা ঘটনাক সহজ ভাৱে লোৱা নাই অসমৰ আৰ এছ এছ নেতৃত্বই। ৰাজ্যখনত দলটোৰ এই বিপৰ্যয়ৰ কাৰণ বিশ্লেষণ কৰিছে অভিজ্ঞ আৰ এছ এছ নেতাই। কোনোবাই অহংকাৰত মত্ত হৈ বিভিন্ন অপ্ৰাসংগিক কথাৰে এই পৰাজয়ক সাধাৰণ ভাৱে ল'লেও আৰ এছ এছ নেতাই কিন্তু গোটেই বিষয়টো পৰ্যবেক্ষণ কৰি বিজেপি নেতৃত্বক ভুলৰ শুধৰণি কৰাৰ এক ইংগিত প্ৰদান কৰিছে।

প্ৰাকে প্ৰকাৰে বুজাই দিছে, যদিহে ভুলৰ শুধৰণি কৰা নহয় তেন্তে অসমতো যে বিজেপিৰ একেই অৱস্থা হ'ব সেয়া নিশ্চিত। আৰ এছ এছৰ অসম প্ৰান্তৰ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংকদাস কলিতাৰ এটা ফেচবুক পোষ্টে কৈ গৈছে বহু কথা।

তেওঁ আঁকাৰে ইংগিতে মুকলিকৈয়ে যেন অসমৰ বিজেপি নেতৃত্বক সকিয়াই দিলে কৰ্ণাটকৰ পৰা শিক্ষা ল'বলৈ। ৰাজ্যখনৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে অসম বিজেপিৰ একাংশ নেতাই চূড়ান্ত দাম্ভিকতাৰে এই পৰাজয়ক নস্যাত কৰিলেও, বিজেপিৰ শক্তি আৰু জনপ্ৰিয়তা কোনো গুণে হ্ৰাস নাই পোৱা বুলি অহংকাৰত মত্ত হৈ থাকিলেও অৱশ্যে তীৰ্থাংকদাস কলিতাৰ দৰে আৰ এছ এছ নেতাই যি উপলব্ধি কৰিছে সেই উপলব্ধিয়ে কেৱল অসম বিজেপি দলটোকে নহয় ৰাজ্যখনৰ অৰ্থনৈতিক ভেটিলৈও বহু পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে।

তীৰ্থাংকদাস কলিতাই ফেচবুকত লিখিছে- ''হিতাধিকাৰীয়ে ভোট দিবই বুলি কোনো কথা নাই, নগদ ধনৰ আঁচনিবোৰে দলীয় নেতৃত্বক লালায়িত কৰে,সাধাৰণ কৰ্মীক হতাশ কৰে। কৰ্মী ন'হলে সংগঠন কিদৰে শক্তিশালী হ'ব ? বিনা সংগঠনেৰে নিৰ্বাচনত বিজয় সাব্যস্ত কৰা কঠিন ।

কাৰ্যকৰ্তাৰ প্ৰতি মৰম, আত্মীয়তা, সহযোগিতা তথা বিশ্বাসৰ অভাৱ হ'লেই নিৰ্দিষ্ট কিছুমান ব্যক্তিৰ ওপৰত নেতৃত্ব নিৰ্ভৰশীল হ'বলগীয়া হয়, যাৰ ফলত দল আৰু নেতৃত্বৰ মাজৰ ব্যৱধান বৃদ্ধি হয় । তেতিয়াই মধ্যভোগীৰ সুবিধা হয়, যিসকল লোক এই দৃষ্টিৰে পূৰ্বৰ পৰাই অভ্যস্ত। আমি বুজিব লাগিব এই লোকসকলৰ জাতীয় অথবা ৰাষ্ট্ৰীয় স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থহে মুখ্য ।

গণতন্ত্ৰত একেদলৰ শাসন দীৰ্ঘদিন ধৰি চলিলে এই বিকৃতিবোৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে আহে .. নৈসৰ্গিক । নেতৃত্ব সচেতন নহ'লে এটা বা দুটা কাৰ্যকালতে আহিব পাৰে । নেতৃত্ব- অহংকাৰ, উচ্চাত্মিকাভাৱ, স্বাৰ্থলাভৰ উজু পথ, সঠিক দৃষ্টিকোণৰ অভাৱ অথবা দূৰদৃষ্টি শূন্য মন্থৰ গতি আদি অনেক কাৰণত বিফল প্ৰতিপন্ন হয় ।

বিফলতাই প্ৰতিশোধপৰায়ণ কৰি তোলাৰ সম্ভাৱনা প্ৰকট কৰে । শত্ৰুতা বঢ়াই, জনপ্ৰিয়তা হ্ৰাস হয়, মানসিক অশান্তি আনে যাৰ ফলত বন্ধুও ক্ৰমাৎ আঁতৰিব ধৰে । নিজৰ বুদ্ধি অথবা স্মৰণ শক্তিও দুৰ্বল হৈ পৰে । সংগঠন - সামুহিকতা - দল - চৰকাৰ যেন বোজা হৈ পৰে । শেষত সম্পূৰ্ণ নিৰ্ভৰশীল হ'বলগীয়া হয় (ৰাজনীতিৰ ভাষাত) দালালৰ ।

কেৱল সংবিধান বা কঠোৰ নীতি-নিৰ্দেশনাত সংগঠন শক্তিশালী নহয় । সংগঠনৰ মুখ্য আধাৰ হ'ল আত্মিক সম্পৰ্ক, যিদৰে বিনা সংবিধানেৰে আমাৰ পৰিয়ালবোৰ পৰিচালিত হয় ।

শ্ৰীমদ্ভগৱদগীতাৰ এই শ্লোকটো প্ৰণিধানযোগ্য :- ধ্যায়ত: ৱিষয়ান্ পুংস: সংগ: তেষু উপজায়তে, সংগাত সংজায়তে কাম: কামাত্ ক্ৰোধ: অভিজায়তে। ক্ৰোধাত্ ভৱতি সম্মোহ: সম্মোহাত্ স্মৃতিৱিভ্ৰম: স্মৃতিভ্ৰংশাত্ বুদ্ধিনাশ: বুদ্ধিনাশাত্ প্ৰণশ্যতি।।(২-৬২,৬৩)

কৰ্ণাটকৰ পৰা অনেক শিক্ষা ল'বলগীয়া.....''।

তীৰ্থংকদাস কলিতাৰ এই ফেচবুক পোষ্টে দুটা দিশৰ দুটা গুৰুত্বপূৰ্ণ কথা কৈ গ'ল। ফেচবুক পোষ্টৰ প্ৰথম শব্দ 'হিতাধিকাৰী' শব্দটোৱে বৰ্তমানৰ চৰকাৰৰ নীতিক আৰু দলীয় নেতৃত্বৰ বিষয়ে উল্লেখ কৰি যেন অসমৰ বিজেপি নেতা আৰু ৰাজনীতিৰ বৰ্তমানৰ বহু কথাৰেই ইংগিত দিলে।

বিজেপি দলটোৰ বৰ্তমানৰ ৰাজ্যিক নেতৃত্বৰ প্ৰতি দলীয় কৰ্মী আৰু একাংশ নেতা যে অসন্তুষ্ট সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে। বিজেপি দলটোত দুজন নেতাক লৈ দুই শিবিৰৰ সৃষ্টি হৈছে আৰু এই দুই নেতাৰ ব্যক্তিগত যুঁজৰ সুৰুঙা লৈ যে আন এটা শিবিৰৰ সৃষ্টি হৈছে সেই কথাও লাহে লাহে স্পষ্ট হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুগতসকলক লৈ এটা শিবিৰ, সৰ্বানন্দ সোণোৱালক লৈ আন এটা শিবিৰ গঠন হৈছে। এই দুই শিবিৰৰ যুঁজৰ মাজত আকৌ কেইবাজনো প্ৰাক্তন সভাপতি, পুৰণি বিজেপিৰ নেতা, সাংসদৰ নেতৃত্বত গঢ় লৈছে আন এটা শিবিৰ।

এই তিনি শিবিৰৰ মাজত চলি থকা যুঁজখন এতিয়াও স্পষ্ট হৈ পৰা নাই যদিও তেওঁলোকৰ কথা আৰু কামত সেই সকলো প্ৰকাশ পাইছে। তাৰ মাজতে তীৰ্থাংকদাস কলিতাৰ দৰে শীৰ্ষ আৰ এছ এছ নেতাৰ এই ফেচবুক পোষ্টে বিশেষ তাৎপৰ্য বহন কৰিছে।

তীৰ্থাংকদাস কলিতাই আৰম্ভণিতে কৈছে হিতাধিকাৰীৰ কথা। এই 'হিতাধিকাৰী' শব্দটোৰ সৈতে হয়টো আপুনিও পৰিচিত। আজিৰ তাৰিখত হয়তো আপুনি এই হিতাধিকাৰী শব্দটোকলৈ চূড়ান্ত পৰ্যায়ত নাৰাজ নহয়তো আপুনিও এজন হিতাধিকাৰী।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ আন কিবা লক্ষ্য থাকক বা নাথাকক এটা কথা নিশ্চিত যে, এই চৰকাৰখনে হিতাধিকাৰী সৃষ্টিত হে অধিক গুৰুত্ব প্ৰদান কৰিছে। আৰু এই কথা ইতিমধ্যে মুকলিকৈয়ে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ এই কথাও ইতিমধ্যে প্ৰকাশ কৰিছে হিতাধিকাৰীসকলৰ বাবেই ২০২১ত দলটো পুনৰবাৰ ক্ষমতালৈ আহিছে। গতিকে তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰিবই। সেই কথা কাৰ্যতঃ তেওঁ প্ৰমাণ কৰিও দেখাইছে।

যোৱা ডিচেম্বৰৰ ১৪ তাৰিখে মুখ্যমন্ত্ৰীগৰাকীয়ে 'অৰুণোদয় ২.০' মুকলি কৰি নতুনকৈ এই আঁচনিৰ সৈতে ১০.৫০ লাখ লোকক সামৰি লৈছে। ইয়াৰ লগে লগে এই আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ২৭ লাখৰো অতিক্ৰম কৰিছে। চলিত বছৰতে আৰু ৮ লাখ মহিলাক এই আঁচনিত সামৰি লোৱা হ'ব। ফলত এই আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হ'বগৈ ৩৫ লাখ।

পূৰ্বে এই আঁচনিৰ হিতাধিকাৰীসকলৰ ক্ষেত্ৰত যিসমূহ নীতি নিয়ম আছিল সেইসমূহ শিথিল কাৰ হৈছে। পূৰ্বে বাইক, চাৰি চকীয়া বাহন, ফ্ৰীজ আদি থকা পৰিয়ালৰ সদস্যক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰি লোৱা হোৱা নাছিল যদিও 'অৰুণোদয় ২.০' ত এইসমূহ নীতি নিয়ম শিথিল কৰা হৈছে।

এতিয়া বাইক, ৰেফিজেৰেটৰ আদি থকা পৰিয়ালৰ সদস্যও এই আঁচনি লাভ কৰিছে। আনহাতে মহিলাৰ উপৰিও এইবাৰ এই আঁচনিত সাঙুৰি লোৱা হৈছে কুষ্ঠৰোগ, হিম'ফেলিয়া, থেলাছেমিয়া, অ'তিজিম আদি ৰোগত আক্ৰান্ত পুৰুষসকলকো।

হিতাধিকাৰী আঁচনি বুলিলে কেৱল যে অৰুণোদয় আঁচনিয়েই একমাত্ৰ আঁচনি তেনে নহয়। আৰু বহু হিতাধিকাৰী আঁচনি এই মুহূৰ্তত চলি আছে অসমত। এই হিতাধিকাৰীৰ নামত চৰকাৰখনে ব্যয় কৰিব লাগে বুজন পৰিমাণৰ পুঁজি।

অৰুণোদয় আঁচনিৰ বাবদ চৰকাৰখনে প্রতি মাহে এক বৃহৎ অংকৰ ধন ব্যয় কৰি আহিছে। অৰুণোদয় আঁচনিৰ নামতে ২০২২ বৰ্ষত ৩,৪৮৯ কোটি টকা ব্যয় হৈছে। বিগত বৰ্ষত প্রায় ১৭ লাখ মহিলাক এই আঁচনিৰ সুবিধা দিছিল। মাৰ্চৰ ভিতৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা পুনৰ ১০.৫৭ লাখ বৃদ্ধি কৰা হৈছে। চলিত বছৰে পুনৰ ৮ লাখ মহিলাক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰি অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা ৩৫ লাখলৈ বৃদ্ধিৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে।

ফলত অৰুণোদয় আঁচনিৰ নামতে বছৰি ৫ হাজাৰ কোটিতকৈ অধিক ধন ব্যয় হ'ব। ইয়াৰোপৰি আছে উচ্চতৰ মাধমিকত প্রথম বিভাগত উত্তীর্ণসকলক স্কুটী প্ৰদান, মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ আদি আঁচনি। আত্মসহায়ত গোট বোৰলৈ দিয়া ধন, কৃষকৰ নামত পোনপটিয়াকৈ বেংক একাউণ্টৰ জৰিয়তে হস্তান্তৰ কৰা ধন আদিৰ আঁচনিবোৰ আছেই। তাৰ মাজতে আকৌ বিহুৰ বিশ্ব ৰেকৰ্ড গঢ়া ঢোলীয়া নাচনীলৈ আগবঢ়োৱা ধনৰ উপহাৰৰ আঁচনি আছেই। এয়া মাত্ৰ কেইটামান উদাহৰণ।

এই আঁচনিবোৰ কাৰ্যকৰী কৰিবলৈকে এতিয়া হাজাৰ হাজাৰ কোটি টকাৰ ঋণ ল'বলগীয়া হৈছে অসম চৰকাৰে। পুঁজিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নিৰ্ভৰশীল অসম চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰাও মুকলাই আনিব পৰা নাই পৰ্যাপ্ত পুঁজি।

আনহে নালাগে জি এছ টিৰ ক্ষতিপূৰণৰ বাবদ যি ধন পাব লাগে সেই ধনো লাভ কৰা নাই অসমে। আন আন শিতানত পাবলগীয়া ধনো কৰ্তন হৈছে। এনে পৰিস্থিতিত ৰাজ্য চৰকাৰৈ নিতৌ নতুন নতুন কৰ প্ৰয়োগ কৰাৰ উপৰিও ঋণ লোৱাৰ ওপৰতেই গুৰুত্ব দিছে।

আজিৰ তাৰিখত অসম চৰকাৰৰ ওপৰত ঋণৰ বোজা আছে ১ লাখ ৩৩ হাজাৰ কোটিৰো অধিক টকা। যোৱা ৪ মে' ত শেহতীয়াকৈ অসম চৰকাৰে লৈছিল ১০০০ হাজাৰ কোটি টকাৰ ঋণ। ১৬ মে'ত পুনৰ ১০০০ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ কথা।

অসম চৰকাৰ মুঠ বাজেটৰ ধনৰ ৫৫ শতাংশই কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে। অসমৰ নিজা ৰাজহৰ পৰিমাণ ২৭.২ শতাংশ। আৰু ঋণৰ পৰা আহে ১৮ শতাংশ ধন। অসমে নিজা ৰাজহৰ যি ২৭.২ শতাংশ ধন আহে সেই ধনেৰে কেৱল দৰমহা আৰু পেঞ্চনৰ নামত মাত্ৰ ৮ মাহতে আদায় দিব লাগে।

নিজা ৰাজহৰ জৰিয়তে অসম চৰকাৰে কৰ্মচাৰীৰ এবছৰৰ দৰমহাও সম্পূৰ্ণকৈ আদায় দিবলৈ সক্ষম নহয়। উল্লেখ্য অসম চৰকাৰে দৰমহা আৰু পেঞ্চনৰ নামতে আদায় দিব লাগে ৪১ হাজাৰ ৪০ কোটি টকা।

এনে আৰ্থিক দুৰৱস্থাৰ পিছতো কিন্তু ৰাজ্য চৰকাৰে এফালৰ পৰা হিতাধিকীৰ সৃষ্টিতহে অধিক গুৰুত্ব প্ৰদান কৰিছে। অৰুণোদয়ৰ দৰে আঁচনিৰ ধন হিতাধিকাৰীৰ সংখ্যা লাখে লাখে বৃদ্ধি কৰা, ইয়াৰ ধন বৃদ্ধি কৰাত গুৰুত্ব দিছে চৰকাৰে।

এক সংবাদ মেলত অখিল গগৈয়ে উল্লেখ কৰা অনুসৰি অসমৰ ৩ কোটি ১২ লাখ মানুহৰ ভিতৰত আজিৰ তাখিত ২ কোটি ২ লাখেই হিতাধিকাৰী। এই হিতাধিকাৰীৰ নামত ৰাজ্য চৰকাৰে প্ৰতি বছৰত যি ধন ব্যয় কৰিব লাগে তাৰ বাবেই ঋণৰ ওপৰত ঋণ ল'বলগীয়া হৈছে। আত্মনিৰ্ভৰশীলতাৰ বাবে কোনো ব্যৱস্থা নাই।

এই কথাবোৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীকে ধৰি আন আন মন্ত্ৰী তথা বিজেপি নেতাই বুজি নাপালেও কিন্তু আৰ এছ এছৰ নেতাই ঠিকেই বুজি পাইছে। এই আঁচনিবোৰ কেৱল সাময়িক সকাহৰ বাহিৰে আন একো নহয়।

এমাহৰ অৰুণোদয় আঁচনিৰ ধনেৰে এমাহৰ বাবে এটা গেছৰ চিলিণ্ডাৰহে আহে। বিনামূলীয়াকৈ লাভ কৰি থকা চাউল কেইটাৰ বাহিৰে মিঠাতেল, নিমখকে ধৰি সকলো কিনিব লাগে।

হিতাধিকাৰী আঁচনিয়ে পংগু কৰা অসমৰ জনসাধাৰণে খেতি কৰিবলৈও এৰিলে। গতিকে জীয়াই থাকিবলৈ আৰু জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা অন্যান্য সমলবোৰৰ অভাৱ দূৰ কৰিবলৈ অসমীয়াই যে ত্ৰাহি মধুসূদন কাঢ়িবলগীয়া হৈছে সেয়াও নিশ্চিত।

এই আঁচনিবোৰে আজি বিজেপিক যদিও ভোট বেংক সৃষ্টিত সহায় কৰিছে আগন্তুক সময়ত যে এই আঁচনিবোৰেই বিজেপিৰ বাবে কাল হৈ পৰিব পাৰে। সেই কথা ঠিকেই বুজি পাইছে তীৰ্থাংকদাস কলিতাৰ দৰে আৰ এছ এছ নেতাই। বুজি পোৱা নাই মুখ্যমন্ত্ৰী আৰু তেওঁৰ সতীৰ্থই।

হিতাধিকাৰী আঁচনিয়েই অসমত পতন আনিব বিজেপিৰ !
ঋণলৈ ভয় নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰঃ চলিত মাহতে দ্বিতীয়বাৰৰ বাবে ল'ব ১ হাজাৰ কোটি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in