/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c391f892-6a2e-452b-92f2-3ce475a65310/nayanjyoti.jpg)
মাষ্টাৰ ছেফ ইণ্ডিয়া বিজয়ী
ডিজিটেল সংবাদ, তিনিচুকীয়াঃ জনপ্ৰিয় টেলিভিচন চেনেল ছ'নী টিভিত সম্প্ৰচাৰিত মাষ্টাৰ ছেফ ইণ্ডিয়া কুকিং ৰিয়েলিটি শ্ব'ৰ সপ্তম চিজনত বিজয়ীৰ খিতাপ অৰ্জন কৰিলে অসম সন্তান তথা তিনিচুকীয়াৰ গোবিন্দপুৰৰ যুৱক নয়নজ্যোতি শইকীয়াই । অসমীয়াৰ সুস্বাদু ব্যঞ্জন হাঁহ মাংস আৰু কোমোৰাৰ জুতি দি বিচাৰকৰ মন জয়ী কৰি নয়নজ্যোতিয়ে জিনিলে মাষ্টাৰ ছেফ খিতাপ ।
এই খবৰে স্বাভাৱিকতে গৌৰাৱাম্বিত কৰিছে তিনিচুকীয়া জিলাবাসীৰ লগতে সমগ্ৰ অসমবাসীক । মাষ্টৰ চেফ ইণ্ডিয়াত বিজয়ী হৈ দেওবাৰে ঘৰলৈ উভতা নয়নজ্যোতিক স্থানীয় ৰাইজৰ লগতে জিলাখনৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু অসংখ্য শুভাকাংক্ষীয়ে ঢোলে-দগৰে উষ্ম আদৰণি জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5c8907cd-1df5-4a76-aab5-2310fcc79205/69c69cfb_c6f6_490e_917f_e12c4c5cce82.jpg)
ডিব্ৰুগড় মোহনবাৰী বিমাণ বন্দৰত পুৱাতে অৱতৰণ কৰা নয়নজ্যোতিক অগণন শুভাকাংক্ষীয়ে সাদৰ সম্ভাষণ জনোৱাৰ লগতে মটৰ চাইকেল ৰেলী কৰি ঘৰলৈ আদৰি আনে । ইফালে জন্মগাঁও গোবিন্দপুৰত উপস্থিত হোৱাৰ পূৰ্বে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা স্থানীয় ৰাইজে ঢোলে-দগৰে, ভকত-বৈষ্ণৱে গায়ন-বায়নেৰে নয়নজ্যোতিক আদৰাৰ লগতে বিহুৱা-নাচনীৰ দল, ঝুমুইৰ দলে নাচি-বাগি ঘৰলৈ আগবঢ়ায় আনে ।
সমদলৰ মাজতে বিভিন্নজনে গামোচা পিন্ধাই, ফুল চটিয়াই সন্মান যাচে নয়নজ্যোতিক । এক বিশাল সমদলেৰে নয়নজ্যোতিক উষ্ম আদৰণি জনাই স্ব-গৃহলৈ আদৰি আনে । পৰৱৰ্তী সময়ত বিভিন্ন দল-সংগঠন তথা গোবিন্দপুৰবাসীয়ে গাঁৱৰ খেলপথাৰত এক সভাৰ আয়োজন কৰি মাষ্টাৰচেফ নয়নজ্যোতিক ফুলাম গামোচা, চেলেং, সম্বৰ্ধনা-পত্ৰ, ফুলৰ থোপা আদিৰে সম্বৰ্ধনা জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/7efc35ba-8484-4745-a775-0571aca61ef0/c7977c88_f2e4_4457_b3aa_4c00d165c5d0.jpg)
তদুপৰি পুত্ৰৰ সফলতাত গৌৰাৱাম্বিত নয়নজ্যোতিৰ পিতৃ অৰূপ শইকীয়া আৰু মাতৃ তুলিকা শইকীয়াকো বিভিন্নজনে সম্বৰ্ধনা জ্ঞাপন কৰে । উৎফুল্লিত নয়নজ্যোতিয়ে বিহুদলৰ সৈতে বিহু গায়, নাচি সমগ্ৰ পৰিবেশটো উৎসৱমুখৰ কৰি তোলে। উল্লেখ্য যে জনপ্ৰিয় মাষ্টৰ চেফ ইণ্ডিয়া কুকিং ৰিয়েলিটি শ্ব'ত বিজয়ী নয়নজ্যোতিয়ে পুৰস্কাৰৰূপে লাভ কৰিছে এটা ট্ৰফী আৰু ২৫ লাখ টকাৰ চেক ।
একাগ্ৰতা থাকিলে নিজৰ সপোন বাস্তৱত পৰিণত কৰিব পাৰি বুলি নয়নজ্যোতিয়ে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । স্মৰ্তব্য যে সৰুৰে পৰা ৰান্ধি ভালপোৱা নয়নজ্যোতিয়ে অসমীয়াৰ খাদ্যসম্ভাৰক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ মানসেৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু নিজৰ সুপ্ত প্ৰতিভাৰে তথা সৃজনীশীলতাৰে সুস্বাদু অসমীয়া ব্যঞ্জন পৰিৱেশন কৰি বিচাৰকৰ মন জয়ী কৰিবলৈ সক্ষম হয় । অসমৰ সুস্বাদু ব্যঞ্জন বিশ্ববাসীৰ সন্মুখলৈ উলিয়াই লৈ যোৱাই সংকল্প বুলি আজি উল্লেখ কৰে নয়নজ্যোতিয়ে ।
Also Read: ইতিহাস ৰচনা কৰিব অসম মন্ত্ৰীসভাই, দেওবাৰে বিধানসভাৰ অধ্যক্ষৰ সমষ্টিত ৰাজ্যিক কেবিনেট...