ইতিহাস ৰচনা কৰিব অসম মন্ত্ৰীসভাই, দেওবাৰে বিধানসভাৰ অধ্যক্ষৰ সমষ্টিত ৰাজ্যিক কেবিনেট...

ইতিহাস ৰচনাৰ দিশে ভাৰত-ভূটান সীমান্তৱৰ্তী পানেৰী । মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰিয়েই দেওঁবাৰে প্ৰথমবাৰৰ বাবে ওডালগুৰি জিলাৰ পানেৰী চাহ বাগিচাত অনুষ্ঠিত হ’ব অসম মন্ত্ৰালয়ৰ ৰাজ্যিক কেবিনেট সভা।
পানেৰী চাহ বাগিচা
পানেৰী চাহ বাগিচা

ডিজিটেল সংবাদ, ওডালগুৰিঃ ইতিহাস ৰচনাৰ দিশে ভাৰত-ভূটান সীমান্তৱৰ্তী পানেৰী । মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰিয়েই দেওঁবাৰে প্ৰথমবাৰৰ বাবে ওডালগুৰি জিলাৰ পানেৰী চাহ বাগিচাত অনুষ্ঠিত হ’ব অসম মন্ত্ৰালয়ৰ ৰাজ্যিক কেবিনেট সভা।

লক্ষনীয় যে, ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট সভা অসমৰ ভিন্ন প্ৰান্তত অনুস্হিত হৈ আহিছে । এপ্ৰিল মাহৰ কেবিনেট বৈঠকৰ বাবে নিৰ্ধাৰণ কৰা হৈছে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সমষ্টি পানেৰী । আদিবাসী, বড়োসহ ভিন্ন ভাষা-ভাষী অসমীয়াৰ আৱাসভূমি পানেৰীত এই বৈঠকক লৈ ইতিমধ্যে সাধাৰণ জনতাৰ মাজত পৰিলক্ষিত হৈছে উৎসাহ ।

অসম চৰকাৰে বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই সকলো জাতি-জনগোষ্ঠীক সমানে প্ৰাধান্য দি উৎকৃষ্ট অসম গঢ়াৰ যি পণ লৈছে, সেই দিশত এই কেবিনেটো এক পদক্ষেপ বুলি সাধাৰণ জনতাই মন্তব্য কৰিছে। মনকৰিবলগীয়া যে, প্ৰথমবাৰৰ বাবে ওডালগুৰি জিলাত ২ এপ্ৰিলত পানেৰী চাহ বাগিচাত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কেবিনেট বৈঠক আয়োজন কৰিবলৈ সাজু হৈছে ওডালগুৰি জিলা প্ৰশাসন ।

মেকলিয়ড ৰাছেলৰ মালিকানাধীন পানেৰী টি গাৰ্ডেনৰ কেবিনেট অনুস্হিতব্য ক্লাবটো ব্ৰিটিছ যুগতে প্ৰতিষ্ঠা হোৱা ৰাজ্যখনৰ অন্যতম পুৰণি ক্লাব । কেবিনেট সভাৰ উপৰিও দিনজোৰা ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰিব । বিশেষকৈ ওডালগুৰি আৰু দৰং দুয়োখন জিলাৰ বানাক্ৰান্ত গাঁওবাসীৰ বাবে এক নতুন আশাৰ কিৰণ কঢ়িয়াই আনিছে।

কুলশী আৰু ননৈ দুয়োখন নদী ভূটান পাহাৰৰ পৰা নামি আহি ওডালগুৰি জিলাৰ খালিংদ্বাৰ সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা জ্বালীমুখত ভাৰতৰ সীমান্ত স্পৰ্শ কৰে। যদিও দুয়োখন নদী নিজ নিজ গতিৰে পৃথকে পৃথকে বৈ আহিছে, তথাপি ওডালগুৰি আৰু দৰং জিলাৰ ওডালগুৰি, পানেৰী, কলাইগাঁও, মঙলদৈ, আৰু ছিপাঝাৰ বিধানসভা সমষ্টিৰ মাজেৰে পাৰ হৈ ব্ৰহ্মপুত্ৰত মিলিছে।

বিগত সময়চোৱাত ননৈ আৰু কুলশীয়ে যি অভূতপূৰ্ব বানপানীৰ সৃষ্টি কৰি আহিছে তাৰ সমিধানো আহিব কেবিনেটৰ বৈঠকৰ সমান্তৰালভাৱে। কিয়নো টংলাত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি ১৬ কোটি টকীয়া জ্বলামুখী মথাউৰিৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী ড০ শৰ্মাই । পুৱা ৯.৩০ বজাত বড়োলেণ্ড মাল্টি ভিলেজ পাইপ পানী যোগান আঁচনি উদ্বোধন কৰিবলৈ হেলিকপ্টাৰেৰে ভাৰত-ভূটান সীমান্তৰ বৰমুকলিত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড০ শৰ্মা । দিনৰ ১০.১৫ বজাত ৰৌতাত অৱতৰণ কৰি ‘অসম গৌৰৱ’ বঁটা বিজয়ী কল্পনা বড়োৰ প্ৰতিমূৰ্তি মুকলি কৰিব।

টংলালৈ উভতি আহি ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি টংলা পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিব মপখ্যমন্ত্ৰীগৰাকীয়ে । টংলা উচ্চতৰ, জ্বালীমুখ, ১০০ বিছনাযুক্ত টংলা অসামৰিক চিকিৎসালয় আৰু চিলাৰায় ভৱন উদ্বোধন কৰিব । একেদৰে ভেৰগাঁৱত একলব্য আৱাসিক বিদ্যালয়, ১৪টা ৰাজহুৱা কামৰ পথ, মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়, সহ-বাসগৃহ আৰু আৰক্ষী চকীৰ আধাৰশিলা স্থাপন কৰিব।

মুখ্যমন্ত্রীয়ে বিয়লি ২.৪৫ বজাত ডিমাকুছি ষ্টেডিয়ামত ৰাজহুৱা সভাত ভাষণ দি ডিমাকুছি ষ্টেডিয়াম, ননৈ মাল্টি ভিলেজ ৱাটাৰ চাপ্লাই আঁচনি, ৩ নং চাহ বাগিচা মডেল স্কুল, ২০ নং এলিফেণ্ট ৱাটচ টাৱাৰ, ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ আধাৰশিলা স্থাপন কৰিব। ইয়াত বাদেও কেইবাটাও কমিউনিটি হল সহ ট্ৰেইনিং চেণ্টাৰ আৰু ডিমাকুছি মডেল হাস্পতাল উদ্বোধন কৰিব। এই যাত্ৰা কালতে তেওঁ ডিমাকুছিৰ বৰঙাজুলি সত্ৰ পৰিদৰ্শন কৰিব। সন্ধিয়ালৈ পানেৰী চাহ বাগিচাৰ ঐতিহাসিক মঙলদৈ প’লো জিমখানা ক্লাবত অনুষ্ঠিত কেবিনেট বৈঠকত অংশ লৈ নিশাটো চাহ বাগিচাত এক অমিয়া মাধুৰী পৰিৱেশত মুখ্যমন্ত্ৰীয়ে কটাব বুলি জানিব পৰা গৈছে।

পানেৰী চাহ বাগিচা
দুদিনৰ বাবে বন্ধ থাকিব কাজিৰঙাৰ ছাফাৰি সেৱা..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in