বটলিফ চাহ ফেক্টৰী বন্ধৰ বিৰুদ্ধে আপৰ সংবাদমেল

সংবাদমেল সম্বোধন ৰাজ্যিক উপ-সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ

author-image
Asomiya Pratidin
New Update
বটলিফ চাহ ফেক্টৰী বন্ধৰ বিৰুদ্ধে আপৰ সংবাদমেল

ডিজিটেল সংবাদ,চাবুৱাঃ বটলিফ চাহ ফেক্টৰী বন্ধৰ বিৰুদ্ধে শনিবাৰে এখন সংবাদমেল সম্বোধন কৰে আপৰ ৰাজ্যিক উপ-সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে।

Advertisment

সংবাদমেলত তেওঁ কয় যে, চাহ ফেক্টৰী বন্ধৰ ফলত দুই লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ হাঁহাকাৰ অৱস্থা হৈছে। ২০ লাখ শ্ৰমিকক ভাতে মৰাৰ চেষ্টা চলাইছে। বৃহৎ পুঁজিপতি গোষ্ঠীয়ে থলুৱা ক্ষুদ্ৰ চাহ খেতিয়কক নিশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ইয়াৰোপৰি এয়া এক সুপৰিকল্পিত ষড়যন্ত্ৰ বুলিও ক্ষোভ উজাৰে ধানোৱাৰে।

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আপৰ ৰাজ্যিক উপ-সভাপতি গৰাকীয়ে। অন্যথা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব আপে। এইখন চৰকাৰৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতি কোনো সদ ইচ্ছা নাই বুলিও উল্লেখ কৰে ধানোৱাৰে।

আনহাতে নিৰ্বাচনৰ ফলাফল সম্পৰ্কত সংবাদমেলত ধানোৱাৰে ডিব্ৰুগড় সমষ্টিত তিনিকোণীয়া যুঁজ হৈছে বুলি উল্লেখ কৰে। অধিকাংশ সংবাদ মাধ্যমত বিজেপিৰ সৰ্বানন্দ সোণোৱাল আৰু এজেপিৰ লুৰিণজ্যোতি গগৈৰ মাজত মূল যুঁজ হোৱা বুলি প্ৰচাৰিত হোৱাত আক্ষেপ প্ৰকাশ কৰে। লগতে ৪ জুনত মনোজ ধানোৱাৰ জয়ী হ'ব বুলিও মন্তব্য কৰে।

Also Read: জন্মদাত্ৰীয়ে ডিঙি চেপি হত্যা কৰিলে নিজ সন্তানক!

press meet aap Lahowal aam admi party