/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/031cdf0a-790e-4791-af4b-9c67405fb182/5.jpg)
ডিজিটেল সংবাদ,চতিয়াঃ আইৰ সমান হ'ব কোন ? নৈৰ সমান ব’ব কোন ? এই আপ্তবাক্যশাৰীৰ যেন আজি অপমৃত্যু ঘটিল চতিয়াত ৷ চতিয়াত পাষাণ মাতৃয়ে নিজ গৰ্ভজাত সন্তানক হত্যা কৰাৰ এক অভিযোগে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, চতিয়াৰ ১ নং আদাভেটিৰ ছফিকুল ইছলামৰ দ্বিতীয় পত্নী মাছিদা খাতুনে নিজৰ এমাহ ২২ দিনীয়া সন্তানক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ আনিছে মহিলা গৰাকীৰ স্বামীৰ লগতে স্থানীয় লোকে ৷
উল্লেখ্য যে পুৱা প্ৰায় ৫ বজাত শিশুটিক মৃত অৱস্থাত পৰি থকা দেখি ছফিকুলে গাঁওৰক্ষী বাহিনীৰ সম্পাদকক ঘটনা সন্দৰ্ভত অৱগত কৰে। পিছত চতিয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে।
লগতে হত্যাৰ অভিযুক্ত মাতৃ মাছিদা খাটুনক আটক কৰে। আৰক্ষীয়ে মৃত শিশুটোৰ পিতৃ ছফিকুল ইচলামকো চতিয়া থানালৈ আনি জেৰা অব্যাহত ৰাখিছে ৷