তীৰ্থ যাত্ৰীসকলৰ বাবে ৰে'ল বিভাগে দিলে ভাল খবৰ

তীৰ্থ যাত্ৰীসকলৰ বাবে ৰে'ল বিভাগে দিলে ভাল খবৰ

অতি কম খৰচতে অযোধ্যা ৰাম মন্দিৰৰ সৈতে বৈষ্ণৱ দেৱী ভ্ৰমণ কৰিব পাৰিব যাত্ৰীসকলে

ডিজিটেল সংবাদ,লামডিংঃ অসমৰ তীৰ্থ যাত্ৰীসকলৰ বাবে ৰে'ল বিভাগে দিলে ভাল খবৰ । ৰে'লৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যলয়ৰ বানিজ্যৰ বিভাগৰ বিষয়াৰ উপস্থিতিত সংবাদ মেলৰ আয়োজন।

সংবাদ মেলত IRCTC Regional head আৰ এন ৰনমুঙয়ে জনায় যে অসমত প্ৰথমবাৰৰ বাবে "ভাৰত গৌৰৱ পৰ্যটক ৰেল" নামেৰে নতুন বিশেষ ৰেল সেৱা মুকলি কৰে । অতি কম খৰচতে অযোধ্যা ৰাম মন্দিৰৰ সৈতে বৈষ্ণৱ দেৱী ভ্ৰমণ কৰিব পাৰিব যাত্ৰীসকলে।

লগতে ৰনমুঙে উল্লেখ কৰে যে উত্তৰ পূব ৰে'লৱে সীমান্ত আৰু আই আৰ চি টি চি উদ্যোগত এই বৃহৎ পৰিকল্পনা হাতত লোৱা হৈছে। অহা ২৭ মে'ত ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি সোণপুৰ জংচন লৈ উক্ত ট্ৰেইনখনে প্ৰথম যাত্ৰা কৰিব। এই যাত্ৰাত মুঠ ৪খন ধৰ্মস্থলী দৰ্শন কৰিব পাৰিব তীৰ্থ যাত্ৰীসকলে ৷

সংবাদ মেলত জনোৱা মতে তীৰ্থযাত্ৰীসকলক কাটৰাৰ মা বৈষ্ণৱদেৱী মন্দিৰ পৰা আৰম্ভ কৰি অযোধ্যাৰ ৰাম জন্মভূমি , হনুমান গিৰি মন্দিৰ প্ৰয়াগৰাজৰ ত্ৰিবেণী সঙ্গম আৰু বাৰাণসীৰ কাশীৰ বিশ্বনাথ মন্দিৰ দৰ্শন কৰোৱাব এই পৰ্যটক ৰে'লখনে ৷

ভাৰত গৌৰৱ পৰ্যটক ৰে'লখনত দৰ্শনাৰ্থীসকলৰ বাবে খোৱাৰ ব্যৱস্থা পৰা আৰম্ভ কৰি , চিকিৎসকৰ দল ,পৰ্যটক নিৰ্দেশিকা এটা দল থকাৰ উপৰিও সা সামগ্ৰী চোৱাৰ বাবে নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা ৰখা হৈছে ৰে'লখনত ৷ ইয়াৰোপৰি হোটেলৰ লগতে যাত্ৰীৰ বাবে ৫লাখ টকাৰ জীৱন বিমাৰ ব্যৱস্থা কৰা হৈছে বুলি জনায় ৷

এই দীৰ্ঘদিনীয়া তীৰ্থ যাত্ৰাৰ বাবে ৰে'ল বিভাগে প্রতিজন যাত্ৰীয়ে টিকটৰ বাবদ ইকোনমী ক্লাছ ২০হাজাৰ ৮শ ৫০টকা আৰু AC থ্রী টায়াৰৰ বাবে ৩১হাজাৰ ১শ ৩৫ টকাৰ পেকেজ ধাৰ্য কৰিছে। ধাৰ্য কৰা পেকেজৰ মূল্যতেই যাত্ৰীসকলে তীৰ্থস্থানসমূহ ভ্ৰমণ কৰিব পাৰিব ৷

লগতে খোৱা বোৱা থকাৰ সুবিধা আৰু চিকিৎসা সেৱাও এই পেকেজতেই ধাৰ্য কৰা হৈছে বুলি জানিব দিয়ে ৷ যাত্ৰী সকলে অনলাইন যোগে IRCTC TOURISM.COM ত যোগাযোগ কৰিব লাগিব বুলি সংবাদ মেলত উল্লেখ ৷

তীৰ্থ যাত্ৰীসকলৰ বাবে ৰে'ল বিভাগে দিলে ভাল খবৰ
কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ আদৰণীয় পদক্ষেপ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in