কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ আদৰণীয় পদক্ষেপ

বৰ্তমানলৈকে কেন্দ্ৰটোৰ উদ্যোগত কাজিৰঙাকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰায় ৮ হাজাৰৰো অধিক বন্যপ্ৰাণী
কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ আদৰণীয় পদক্ষেপ

ডিজিটেল সংবাদ,কাজিৰঙাঃ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত দুৰ্গত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন এটা গুৰুত্ব পূৰ্ণ দিশ ৷ প্ৰাকৃতিক দুৰ্যোগ বা আন বিভিন্ন কাৰণত কেতিয়াবা মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰে বন্যজন্তুৰ পোৱালি ৷

কেতিয়াবা দুৰ্ঘটনা বা জন্তু মানুহৰ সংঘাটৰ বাবেও আহত হয় বন্যজন্তু ৷ এনেক্ষেত্ৰত দুৰ্গত বন্যপ্ৰাণীক উদ্ধাৰ কৰি শুশ্ৰুষা প্ৰদানেৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে বহু বন্যজন্তুৰ মৃত্যু হোৱাৰ লগতে প্ৰকৃতিৰ পৰা বিলুপ্তি হৈ যোৱাৰে সম্ভাৱনা অধিক ৷

এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই ২০০০ চনত কাজিৰঙাৰ পানবাৰীত প্ৰতিষ্ঠা কৰে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ চমুকৈ চি ডব্লিউ আৰ চি ৷ বৰ্তমানলৈকে কেন্দ্ৰটোৰ উদ্যোগত কাজিৰঙাকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰায় ৮ হাজাৰৰো অধিক বন্যপ্ৰাণী ৷

চিকিৎসা প্ৰদান কৰি সফলতাৰে পুনৰ সংস্থাপন কৰা হৈছে ইয়াৰে ৭০ শতাংশ ৷ বিশেষভাৱে মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা বন্যজন্তু পোৱালিক শুশ্ৰুষা তথা লালন পালনৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব লগিয়া হয় কেন্দ্ৰটোৰ চিকিৎসক কৰ্মচাৰীয়ে ৷

খাদ্যৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক পৰিবেশৰ লগত খাপ খোৱাকৈ মাতৃ সুলভ আব্দাৰৰ মাজত ডাঙৰ কৰিবলগীয়া হয় পোৱালি বিলাকক ৷ বৰ্তমান কেন্দ্ৰটোত ২বছৰৰ পৰা ২.৫ বছৰ বয়সৰ ২টা গঁড় পোৱালিৰ লগতে এটা ম’হ , হাতীৰ পোৱালিৰ আৰু কেইটামান নাহৰফুটুকী আছে ৷ জানিবলৈ দিয়া মতে সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশৰ মাজত ডাঙৰ দীঘল কৰা হৈছে পোৱালিকেইটাক ৷

কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ আদৰণীয় পদক্ষেপ
ঢকুৱাখনাৰ প্ৰসুতীৰ জীৱনকলৈ নিৰ্মম হেতালি খেলিছে কোনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in