/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f23ffb31-9dc6-4546-a604-f80c3ace086e/tea.jpg)
ডিজিটেল সংবাদ,গহপুৰঃ অসম চাহ নিগমৰ অধীনৰ বাগিছাসমূহৰ একাংশ বাগিছা বৰ্তমান বহু সমস্যাৰে চলি আছে। তাৰমাজৰে অন্যতম গহপুৰৰ ভোলাগুৰি চাহ বাগিছা। বাগিছাখন এতিয়া অচলাৱস্থাৰ দৰে হৈ পৰিছে বুলি একাশংৰ আক্ষেপ।
বাগিছাখনৰ এশ এবুৰি সমস্যা। চাহ শ্ৰমিকসকলে প্ৰাপ্য বিচাৰি খাবলগীয়া হৈছে হাবাথুৰি। চাহ শ্ৰমিক ৰাইজক তেওঁলোকৰ সুবিধাসমূহ প্ৰদান কৰাত ব্যৰ্থ ভোলাগুৰি চাহ বাগিছা কৰ্তৃপক্ষ।
একাংশ ভুক্তভোগী শ্ৰমিকে উল্লেখ কৰে যে, ২০৫ টকা হাজিৰা লৈ কাম কৰিছে যদিও সময়ত দিব নোৱাৰে প্ৰাপ্য মজুৰি। যাৰ বাবে তেওঁলোকৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয়। এনে সমস্যাৰে জৰ্জৰিত হৈ থাকিলে অসম চাহ নিগমে এইসমূহ বাগিছা পৰিচালনা কৰিব পাৰিবনে তাকে লৈ চিন্তিত হৈ পৰিছে।
Also Read: গৃহস্থৰ হাত-ভৰি বান্ধি মাজনিশা দুৰ্বৃত্তই লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us