গৃহস্থৰ হাত-ভৰি বান্ধি মাজনিশা দুৰ্বৃত্তই লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী

গৃহস্থৰ হাত-ভৰি বান্ধি মাজনিশা দুৰ্বৃত্তই লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী

নুমলীগড় আৰক্ষীক খবৰ দিয়াৰ পিচতো আৰক্ষীৰ বেহু ফালি ডকাইত আতৰি যোৱা ঘটনাটো সচেতন মহলত ৰহস্যজনক হিচাপে বিবেচিত হৈছে

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ দৈগ্ৰোঙত নিশা ভয়ংকৰ ডকাইতি কাণ্ড ৷ মঙলবাৰে নিশা প্ৰায় ২ বজাত পোৰাবঙলাৰ ব্যবসায়ী চাবৰমল আগৰৱালাৰ বাসগৃহত ৭ জনীয়া ডকাইতৰ দল এটাই কেইবালাখ টকাৰ লগতে আ-অলংকাৰ লুটি লৈ যায় ।

জানিব পৰা মতে, পৰিয়ালৰ সকলোকে হাত ভৰি বান্ধি মাৰণাস্ত্ৰ , পিষ্টল, লাঠি দেখুৱাই ধন সোনৰ লগতে ৭ টা মোবাইল লৈ যায় ডকাইটতৰ দলটোৱে ৷ চাবৰমলৰ পুত্ৰ বসন্ত আগৰৱালাই জানিবলৈ দিয়ে যে, ডকাইতি কাণ্ডত জড়িত দুৰ্বৃত্ত কেইটাই সম্পুৰ্ণ মুখ বান্ধি অহাৰ লগতে মিঞা ভাষাত কথা কোৱা বুলি প্ৰকাশ কৰে ৷

অভিযোগ যে, নুমলীগড় আৰক্ষীৰ নিস্ক্ৰিয়তাৰ বাবেই নুমলীগড়ৰ বৃহত্তৰ অঞ্চলত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ নুমলীগড় শোধনাগাৰ আৰু কাষৰীয়া অঞ্চলত বিভিন্ন নিৰ্মান কাৰ্যত নিয়োজিত সন্দেহজনক নাগৰিকৰে ভৰি পৰিছে ৷

তেনেস্থলত আৰক্ষীয়ে এইক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে। আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ সুযোগ গ্ৰহণ কৰি দুস্কৃতিকাৰীয়ে ডকাইতি কাণ্ড সংঘটিত কৰি নিৰ্বিঘ্নে ওলাই যাবলৈ সক্ষম হৈছে ৷

ডকাইতৰ দলটো ওলাই যোৱাৰ লগে লগেই নুমলীগড় আৰক্ষীক খবৰ দিয়াৰ পিচতো আৰক্ষীৰ বেহু ফালি ডকাইত আতৰি যোৱা ঘটনাটো সচেতন মহলত ৰহস্যজনক হিচাপে বিবেচিত হৈছে ৷

গৃহস্থৰ হাত-ভৰি বান্ধি মাজনিশা দুৰ্বৃত্তই লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী
ৰাজ্যত ২১ খন চাহ বাগিছা বিক্ৰী হ'ল এটা বছৰত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in