চৰাবড়ী-বুল্লুট পথৰ দুৰৱস্থা : কাণসাৰ নাই বিধায়িকা সুমন হৰিপ্ৰিয়াৰ !

চৰাবড়ী-বুল্লুট পথৰ দুৰৱস্থা : কাণসাৰ নাই বিধায়িকা সুমন হৰিপ্ৰিয়াৰ !

author-image
Asomiya Pratidin
New Update
চৰাবড়ী-বুল্লুট পথৰ দুৰৱস্থা : কাণসাৰ নাই বিধায়িকা সুমন হৰিপ্ৰিয়াৰ !

ডিজিটেল সংবাদ,হাজো : বিধায়িকা সুমন হৰিপ্ৰিয়াৰ ভূমিকাত অসন্তুষ্ট চৰাবড়ী তথা বুল্লুটবাসী ৰাইজ। জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক। বাৰিষা হ’লেও ৰুদ্ধ হৈ পৰে যাতায়ত।

Advertisment

অভিযোগ অনুসৰি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ অমনোযোগিতা, অদক্ষতা আৰু হেমাহিৰ বাবে আজিও পথ মেৰামতিৰ কাম হৈ উঠা নাই। প্ৰসংগক্ৰমে লোকনিৰ্মাণ বিভাগৰো দৃষ্টিগোচৰ হোৱা নাই পথটি। যাৰ ফলত যমৰ যাতনা ভুগিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ।

উল্লেখযোগ্য যে উক্ত পথছোৱাৰে নলবাৰী সমষ্টিলৈ যাব পাৰি, তেনেক্ষেত্ৰত এনেহেন এটা ব্যস্ত পথৰ মেৰামতি আজিপৰ্যন্ত হৈ নুঠাত আক্ষেপ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

৩বছৰ পূৰ্বে চৰাবড়ী-নলবাৰী সংযোগী পকী পথছোৱা বানপানীয়ে ছিগিছিল। তেতিয়াৰ পৰাই আজিলৈকে জৰাজীৰ্ণ অৱস্থাত আছে ব্যস্ত পথছোৱা।

পৰিতাপৰ বিষয় যে আজিলৈকে পথছোৱাৰ মেৰামতি নকৰিলে হাজোৰ লোক নিৰ্মাণ বিভাগে। উপায়ন্তৰ হৈ গাঁওবাসীয়ে বাঁহৰ সাঁকো এখন সাঁজি চলাচল অব্যাহত ৰাখিছে যদিও সেয়া বিপদসংকুল।

আন এক অভিযোগ অনুসৰি বিধায়িকা সুমন হৰিপ্ৰিয়াই আজিলৈকে উক্ত অঞ্চলটি ভ্ৰমণ কৰা নাই। দুৰ্দশাগ্ৰস্ত ৰাইজৰ খবৰ এটাও লোৱাৰ সময়কণো নাই বিধায়িকা সুমন হৰিপ্ৰিয়াৰ। গতিকে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী ৰাইজে।

Also Read: সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ পথত জয় শ্বাহ !

suman haripriya hajo