সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ পথত জয় শ্বাহ !

সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ পথত জয় শ্বাহ !
Published on
Updated on

ডিজিটেল ডেস্ক : বি চি চি আইৰ শাসনভাৰ এৰি আন্তৰ্জাতিক ক্ৰিকেটৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ দিশে যাত্ৰা কৰিছে জয় শ্বাহে ! বিগত কিছুদিন ধৰি জয় শ্বাহৰ আই চি চি গমন সন্দৰ্ভত বিভিন্ন মহলত চৰ্চা হৈ আছে।

কিয়নো বৰ্তমানৰ আই চি চিৰ চেয়াৰমেন গ্ৰেগ বাৰ্কলেই উক্ত পদত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি দিছে। ফলত আই চি চিয়ে এগৰাকী নতুন চেয়াৰমেন লাভ কৰাটো নিশ্চিত।

জানিব পৰা মতে বিভিন্ন দেশে পৰৱৰ্তী চেয়াৰমেন হিচাপে জয় শ্বাহৰ নাম উচ্চাৰিত কৰিছে। উল্লেখযোগ্য যে বি চি চি আইৰ সচিব পদত থকা জয় শ্বাহৰ কাৰ্যকাল ২০২৫ৰ অক্টোবৰত অন্ত পৰিব।

লোধা কমিটীৰ প্ৰস্তাৱ অনুসৰি এই কাৰ্যকালৰ পিছতে বাধ্যতামূলকভাৱে কুলিং অফত যাব লাগিব জয় শ্বাহ। সেয়ে ভাৰতীয় ব’ৰ্ড এৰাৰ আগেয়েই আই চি চিত যোগ দিয়াৰ মন শ্বাহৰ।

সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ পথত জয় শ্বাহ !
ক্ৰিকেট বিশ্বক স্তম্ভিত কৰি শিখৰ ধাৱনৰ আচম্ভিত অৱসৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in