ৰঙিয়াত এছএছএছবি জোৱানৰ ইণ্ডো ভূটানৰ শিক্ষামূলক ভ্ৰমণ

ৰঙিয়াত এছএছএছবি জোৱানৰ ইণ্ডো ভূটানৰ শিক্ষামূলক ভ্ৰমণ

ডিজিটেল সংবাদ,ৰঙিয়াঃ সাম্প্ৰতিক সময়ত সীমা সুৰক্ষাৰ সমস্যা সমাধান আদিকে ধৰি কেইবাটাও সমস্যা লৈ কেন্দ্ৰীয় চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে, এই সমস্যাৰ সমাধানৰ বাবে বৰ্তমান কেন্দ্ৰৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদক্ষেপ যথেষ্ট উপকৃত কৰিছে । তাৰ মাজতে সীমা সুৰক্ষা বলৰ এক সাধাৰণ প্ৰচেষ্টা লৈ আজি সীমা সুৰক্ষা বলৰ, ৰঙিয়া ডিভিজনৰ উদ্যোগত আজিৰে পৰা যুৱক -যুৱতীসকলক লৈ এক শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচী শুভাৰম্ভ কৰি এইদৰে কয় ৰঙিয়াৰ সীমা সুৰক্ষা বলৰ ডি আই জি ৰাজীৱ ৰাণাই ।

পুৱা ৯ বজাত সীমা সুৰক্ষা বলৰ ৰঙিয়া মৰাণ জনাৰ ডিভিজনৰ প্ৰাংগনত অনুষ্ঠিত হোৱা শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচীত ডি আই জি গৰাকীয়ে অংশগ্ৰহণ কৰা যুৱক -যুৱতীসকলৰ মাজত মত বিনিময় কৰি আৰ্থিক আৰু পাৰিবাৰিক সমস্যাৰ বাবে বঞ্চিত হোৱা বিদ্যাৰ্থীসকলক লৈ মূলতঃ শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচী লোৱা হয় বুলি ডি আই জি গৰাকীয়ে উল্লেখ কৰে । পিছত মত বিনিময় অনুষ্ঠানৰ সামৰণি শেষত সকলোকে ফ্লেগ অফ কৰি শুভেচ্ছা জনাই যাত্ৰাৰ বাবে বাছখনৰ শুভ যাত্ৰা জ্ঞাপন কৰে ।

উল্লেখ্য যে সীমা সুৰক্ষা বলৰ ২৪ বি বাহিনীৰ ৰঙিয়াৰ (উত্তৰ পূৱ প্ৰান্ত) নাগৰিক কল্যাণ কাৰ্যক্ৰমৰ অধীনৰ এই সীমা ক্ষেত্ৰৰ ভ্ৰমণৰ বাবে ১২ গৰাকী ছাত্ৰ আৰু ১৩ গৰাকী ছাত্ৰীয়ে শিক্ষামূলক ভ্ৰমণৰ বাবে নিৰ্বাচিত কৰা হয়। যাৰ জৰিয়তে বিদ্যাৰ্থীসকলৰ শিক্ষামূলক ভ্ৰমণৰ জৰিয়তে দেশপ্ৰেম, সীমা সুৰক্ষা বলৰ ইতিহাস, সংস্কৃতিৰ আদি প্ৰশিক্ষণ লাভ কৰিব পাৰে ।

এই ভ্ৰমণ কাৰ্যসূচীত শিক্ষামূলক ভ্ৰমণৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰয়োজন হ'ব লগা পেন্ট,টি ছাৰ্ট,জোতা,টুপিকে ধৰি কলম,বহী আৰু স্কুল বেগ আদি সীমা সুৰক্ষা বলৰ জোৱানৰ পৰা যোগান ধৰা হয় । আনহাতে এই শিক্ষামূলক ভ্ৰমণত সীমা সুৰক্ষা বলৰ জোৱানৰ পৰা যোৱা এইসকল বিদ্যাৰ্থীয়ে আজি তেজপুৰৰ সীমা সুৰক্ষা বলৰ মূখ্য কাৰ্যালয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

তাৰপিছত অসম ক্ষেত্ৰৰ শিক্ষামূলক ভ্ৰমণৰ দলটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গুৱাহাটী তাৰকাগৃহৰ,যুদ্ধ স্মাৰক, ৰাজ্যিক চিৰিয়াখানা আদি সামৰি ২২ জানুৱাৰীৰ দিনা গুৱাহাটী সংমণ্ডলৰ মহানিৰীক্ষক আৰ কে ভূমলাৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰি পুনৰ ৰঙিয়ালৈ উভতি আহিব বুলি জনায় ।

আজি এই শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচীত ৰঙিয়াৰ সীমা সুৰক্ষা সেনা জোৱানৰ ২য় কমাণ্ডাৰ ইন চীফ জজবীৰ সিঙে আতঁধৰা অনুষ্ঠানত সীমা সুৰক্ষা বলৰ জোৱানৰ বিষয়া কুমুদ ৰঞ্জন, এছ আই অসীম মণ্ডল, সাংবাদিক নয়নজ্যোতি তালুকদাৰ, জোৱান বিশ্বনাথ মিশ্ৰকে ধৰি কেইবাগৰাকীও সীমা সুৰক্ষা বলৰ জোৱান উপস্থিত থাকে ।

ৰঙিয়াত এছএছএছবি জোৱানৰ ইণ্ডো ভূটানৰ শিক্ষামূলক ভ্ৰমণ
দিছপুৰ সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in