দিছপুৰ সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ

দিছপুৰ সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ

গুৱাহাটী, ১৯ জানুৱাৰীঃ কামৰূপ মহানগৰ জিলাৰ দিছপুৰ বিধানসভা সমষ্টিৰ বাছনিভুক্ত হিতাধিকাৰীসকলক নতুন ৰেচন কাৰ্ড বিতৰণৰ আজি শুভাৰম্ভ কৰা হয়৷ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা৷ সমষ্টিটোৰ ১৯,১০০ গৰাকী হিতাধিকাৰীক ৫৯৪৯ খন ৰেচন কাৰ্ড দিয়া হ'ব৷

আজি পাঁচগৰাকী হিতাধিকাৰীক মঞ্চত মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে আনু্ষ্ঠানিকভাৱে ৰেচন কাৰ্ড প্ৰদান কৰে৷ বাকী হিতাধিকাৰীসকলক গুৱাহাটী পৌৰ নিগমৰ ক্ষেত্ৰত স্থানীয় পাৰিষদ আৰু গাঁও পঞ্চায়তৰ ক্ষেত্ৰত পঞ্চায়ত সচিবে ৰেচন কাৰ্ডসমূহ বিতৰণ কৰিব৷ অনুষ্ঠানত উপস্থিত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰী বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপ খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ দিশত এক বলিষ্ঠ পদক্ষেপ বুলি কয়৷ তেওঁ ৰাইজৰ সৰ্বাঙ্গীন উন্নয়ণৰ বাবে অসম চৰকাৰে হাতত লোৱা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে৷

অনুষ্ঠানত বিধায়ক অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰনীয়া, জিলা আয়ুক্ত সুমিত ছাত্তাৱান প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে যোৱা ১৬ জানুৱাৰীত জালুকবাৰী সমষ্টিৰ ২২,৯৯৫ গৰাকী হিতাধিকাৰীক ৭৩৫০ খন ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ অহা ২৪ জানুৱাৰীত গুৱাহাটী চেন্ট্ৰেল, ২৫ জানুৱাৰীত নিউ গুৱাহাটী আৰু ডিমৰীয়া বিধানসভা সমষ্টিৰ নতুন হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব৷

দিছপুৰ সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ
ঢকুৱাখনাত উপস্থিত ৰাহুল গান্ধী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in