নামাজ আদায়লৈ যোৱাৰ অৱস্থাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন...

নামাজ আদায়লৈ যোৱাৰ অৱস্থাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন...

author-image
Asomiya Pratidin
New Update
নামাজ আদায়লৈ যোৱাৰ অৱস্থাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন...

নামাজ আদায়লৈ যোৱাৰ অৱস্থাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন...

ডিজিটেল সংবাদ ওৰাংঃ শোণিতপুৰৰ বৰছলাৰ নিছলামাৰী গাঁৱত হস্তী আৰু মানুহৰ সংঘাত ৷ বন্য হস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন ব্যক্তিয়।

Advertisment

শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাত প্ৰাণ হেৰুওৱা লোকজনৰ নাম ৰমজান আলী(৬৭) । উল্লেখ্য যে, শুকুৰবাৰে পুৱাৰ ভাগত নামাজ আদায় কৰিবলৈ গৈ থকা অৱস্থাতে বনৰীয়া হাতীৰ আক্ৰমণৰ সন্মুখীন হয় বৰছলাৰ নিছলামাৰী গাওঁৰ ৰমজান আলী৷

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰী সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ইফালে এই ঘটনাৰ পাছতে নিহত ৰমজান আলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

Also Read: মেৰকুছিত নৰেন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান...

বন্যহস্তীৰ আক্ৰমণ বৰছলা