/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/afbee448-e25b-46af-a12f-78cebd6029c6/award_15.jpg)
মেৰকুছিত নৰেন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান...
ডিজিটেল সংবাদ বৰমাঃ বাক্সা জিলাৰ অন্তৰ্গত মেৰকুছিৰ আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ৪৬ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আজি আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয় মেৰকুছি কেন্দ্ৰৰ অধীনত ২০২৩ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্ব্বোচ্চ নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থীক নৰেন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ।
আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুনীল কুমাৰ ব্ৰহ্মই সঞ্চালনা কৰা সভাত আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়, মেৰকুছি কেন্দ্ৰৰ অধীনত-২০২৩ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্ব্বোচ্চ নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থীদ্বয় মুৰকুছিয়াপাৰা হাইস্কুলৰ ছাত্ৰ চন্দ্ৰনিল কলিতা আৰু মেৰকুছিৰ আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী গায়ত্ৰী কলিতাক প্ৰদান কৰে।
সভাত নৰেন্দ্ৰ নাথ বৰ্মনৰ পত্নী সবিতা বৰ্মনৰ সৈতে পৰিয়াল বৰ্গ, আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে উপস্থিত থাকে।
Also Read: ধেমাজিত পথ নিৰ্মাণৰ অধিগ্ৰহণৰ নামত ব্যাপক কেলেংকাৰীঃ সহকাৰী কাৰ্যবাহী অভিযন্তাক গ্ৰেপ্তাৰ...