/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/54bc0265-764b-441a-8d65-de9e198b947b/web_ap_01.jpg)
ডিজিটেল ডেস্কঃ ৰে'ল যাত্ৰাত সুৰক্ষা বিচাৰি নেদাৰলেণ্ডৰ পৰা পত্ৰ প্ৰেৰণ অসমীয়া যুৱকৰ। প্রধানমন্ত্রীৰ কাৰ্যালয়, ৰে'ল মন্ত্রণালয়ৰ লগতে নেডাৰলেণ্ডস্থিত ভাৰতীয় দূতাবাসলৈ পত্ৰ প্ৰেৰণ কৰিছে নামতিদল বাইলুং গাঁওৰ যুৱক তথা বৰ্তমানৰ নেডাৰলেণ্ডৰ নিবাসী ঋতুপর্ণ শইকীয়াই । সম্প্ৰতি নেডাৰলেণ্ডৰ নিবাসী ঋতুপর্ণ শইকীয়াই ৰাজধানী এক্সপ্ৰেছত যাত্ৰীৰ যাতায়াতত সুৰক্ষা নিশ্চিত কৰা আৰু পিতৃৰ মৃত্যুৰ ন্যায়ৰ বাবে লিখিতভাৱে পত্ৰ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে ২০২৩ চনৰ ২৫ ডিচেম্বৰত ঋতুপর্ণ শইকীয়াৰ পিতৃ বেনুধৰ শইকীয়াই ৰাজধানী এক্সপ্ৰেছত হত্যাৰ বলি হৈছিল । ৰহস্যজনকভাৱে জাগীৰোড বৰাহু ৰে'ল ষ্টেছনৰ সমীপত ৰে'লপথৰ কাষত উদ্ধাৰ হৈছিল পিতৃৰ মৃতদেহ ।
উল্লেখ্য যে যোৱা ২৪ ডিচেম্বৰৰ বিয়লি শিমলুগুৰিৰ পৰা ৰাজধানী এক্সপ্ৰেছত বেনুধৰ শইকীয়া গুৱাহাটীলৈ ৰাওনা হৈছিল। কিন্তু ২৫ ডিচেম্বৰৰ পুৱা বেনুধৰ শইকীয়া ৰাজধানী এক্সপ্ৰেছৰ বি-৯ নম্বৰ কম্পার্টমেন্টৰ পৰা নিৰুদ্দেশ হয়। পৰৱর্তী সময়ত লোকজনৰ মৃতদেহ জাগীৰোডৰ বৰাহু ৰে'ল ষ্টেছনৰ সমীপত ৰে'লপথৰ কাষত উদ্ধাৰ কৰা হৈছিল। এই ঘটনা এক হত্যাকাণ্ড বুলি অভিযোগ তুলি মৃত বেনুধৰ শইকীয়াৰ পুত্র ঋতুপর্ণ শইকীয়াই যোৱা ২ জানুবাৰীত গুৱাহাটীৰ ৰে'লৱে আৰক্ষীক এক এজাহাৰ দাখিল কৰিছে।
ঋতুপর্ণ শইকীয়াৰ লিখিত পত্ৰত ৰাজধানী এক্সপ্ৰেছত যাত্ৰীৰ যাতায়াত ব্যৱস্থাত কিমান নিৰাপদ সেইয়া স্পষ্টকৈ ফুটি উঠিছে।
Also Read: বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অভিৱৰ্তন