বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অভিৱৰ্তন

বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অভিৱৰ্তন

ডিজিটেল সংবাদ, মেৰাপানীঃ শুকুৰবাৰৰ পৰা মেৰাপানী তেলীশালৰ হিড়িম্বা নগৰত অনুষ্ঠিত হোৱা নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অভিৱৰ্তনৰ শনিবাৰে দ্বিতীয় দিনা পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এবছুৰ সভাপতি দ্বীপনে বড়োয়ে। তেলীশালৰ হিড়িম্বা নগৰ ক্ষেত্ৰত এবছুৰ বিভিন্ন জিলাৰ প্ৰতিনিধি সকলে ৩৩ খনকৈ পতাকা উত্তোলন কৰে।

জনগোষ্ঠীয় পৰম্পৰা অক্ষুন্ন ৰাখি স্বেচ্ছাসৱক সকলৰ অভিবাদন গ্ৰহণ কৰাৰ পাছতে পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ পাছতে এবছুৰ সভাপতি দ্বীপনে বড়োয়ে ভাষণ প্ৰদান কৰি বড়ো সকলৰ ইতিসাহ, এবছুৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ কথা ব্যক্ত কৰি এবছুৰ নেতৃত্বত বড়ো জনগোষ্ঠীটোক শৈক্ষিক, সামাজিক, অৰ্থনৈতিক দিশত আগুৱাই যোৱাৰ বাবে সকলোকে আহ্বান জনায়।

ইফালে এই অধিৱেশন স্থলীত আজি দুখনকৈ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্ত, বড়ো সাহিত্য সভাৰ সম্পাদক নীলকান্ত গয়াৰী, আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা আদিয়ে অংশগ্ৰহণ কৰিব। ইফালে সন্ধ্যালৈ এবছুৰ দ্বিতীয়খন প্ৰতিনিধি সভা আৰু বিভিন্ন জনগোষ্ঠীয়ৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী অনুষ্ঠিত হ'ব।

বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অভিৱৰ্তন
আমগুৰিত পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in