কাছাৰত ১৮ টা বাৰ্মিজ গৰুসহ ৪ টা ম'হ জব্দ

কাছাৰত ১৮ টা বাৰ্মিজ গৰুসহ ৪ টা ম'হ জব্দ

author-image
Asomiya Pratidin
New Update
কাছাৰত ১৮ টা বাৰ্মিজ গৰুসহ ৪ টা ম'হ জব্দ

ডিজিটেল সংবাদ,শিলচৰ : মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহৰ সময়ত কাছাৰত ১৮ টা বাৰ্মিজ গৰু আৰু ৪ টা ম'হ জব্দ কৰে বি এছ এফে। গোপন তথ্যৰ ভিত্তিত বি এছ এফৰ ১৭০ নম্বৰ বেটেলিয়ন আৰু কাটিগৰা আৰক্ষীয়ে কাটিগৰাৰ বদৰপুৰঘাটত অভিযান চলাই এখন বাৰ চকীয়া ট্ৰাকৰ পৰা জব্দ কৰে বাৰ্মিজ গৰু কেইটা।

Advertisment

উল্লেখ্য যে NL 02Q- 8128 নম্বৰ ট্ৰাকখনৰ পৰা জব্দ কৰা হয় গৰু কেইটা। গৰু সৰবৰাহৰ অভিযোগত ট্ৰাকখনৰ চালক আব্দুল কায়ুমক গ্ৰেপ্তাৰ কৰা হয়।

জানিব পৰা মতে আব্দুল কায়ুমৰ ঘৰ কাটিগৰাৰ দুধপুৰত তৃতীয় খণ্ডত। সমাগত বকৰি ঈদৰ বাবে বাৰ্মিজ গৰু কেইটা মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

ইফালে, মঙলবাৰে কাটিগৰা- বাংলাদেশ সীমান্ত এলেকাত চলোৱা আন এক অভিযানত বিএছ এফে চাৰিটা চোৰাং ম'হ জব্দ কৰিছে। বিএছ এফৰ ১৭০ নম্বৰ বেটেলিয়নে চলোৱা এই অভিযানত জব্দ কৰা ম'হ কেইটা বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল চোৰাং ব্যৱসায়ীয়ে।

Also Read: আলগাত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন

meghalaya police Cachar Police buffaloes cows bangladesh cachar Assam police