/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2ce1b0d1-5f58-4d29-8399-495f3b62982c/384.jpg)
ডিজিটেল সংবাদ,মানকাচৰ : মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী বৰাইৰ আলগা গাঁও পঞ্চায়ত কাৰ্যালয়ত বুধবাৰে শিশু শ্ৰমিক বিৰোধী দিৱস কাৰ্যসূচী ৰূপায়ন কৰা হয়। ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে অসম ৰাজ্যিত শিশু সুৰক্ষা আয়োগৰ সহযোগত যৌথভাৱে হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন কৰে।
এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ প্ৰতিনিধি আনুজ শালীয়া, অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ তিনি গৰাকী সদস্য ক্ৰমে অজয় কুমাৰ দত্ত, মৌচমী ব্ৰহ্মা আৰু বৰ্দনা ছাছনীৰ উপস্থিত থাকে। লগতে হাটশিঙিমাৰী জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ উপৰিও জিলা প্ৰশাসনৰ পৰা কেইবাগৰাকী বিষয়া উপস্থিত থাকে।
বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে বিভিন্ন বিভাগৰ মুৰব্বী আৰু বিষয়াসকলক লৈ গুৰুত্বপূৰ্ণ সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। তদুপৰি শিশুৰ অধিকাৰ উলংঘন বিষয়ৰ ওপৰত অভিযোগ আৰু নিস্পত্তিৰ বাবে এখন শিবিৰ অনুষ্ঠিত কৰা হয়।
এই শিবিৰৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকাৰ লগতে জিলাখনৰ সহস্ৰাধিক লোকৰ পৰা বিভিন্ন অভাৱ অভিযোগ গ্ৰহন কৰি নিস্পত্তিৰ ব্যৱস্থা গ্ৰহন কৰা হয়। সজাগতামূলক সভাখনৰ জৰিয়তে দক্ষিণ শালমাৰা-মানকাচৰ জিলাখন শিশু শ্ৰমিক মুক্ত জিলা গঠনৰ সংকল্প লোৱা হয়।
Also Read: এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ...