চিকিৎসালয়ৰ গাফিলতিত ৰোগীৰ মৃত্যু; ডিব্ৰুগড়ৰ "অপেক্ষা হস্পাতাল"ৰ বিৰুদ্ধে গোচৰ ৰজু...

চিকিৎসক আৰু চিকিৎসালয় কতৃপক্ষৰ বাবেই অকাল মৃত্যুক সাৱটিবলগীয়া হোৱা বুলি গুৰুতৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
চিকিৎসালয়ৰ গাফিলতিত ৰোগীৰ মৃত্যু; ডিব্ৰুগড়ৰ "অপেক্ষা হস্পাতাল"ৰ বিৰুদ্ধে গোচৰ ৰজু...

ডিব্ৰুগড়ৰ "অপেক্ষা হস্পাতাল"ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ..

ডিজিটেল সংবাদ, ঢকুৱাখনা: চিকিৎসক আৰু চিকিৎসালয় কতৃপক্ষৰ বাবেই অকাল মৃত্যুক সাৱটিবলগীয়া হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ডিব্ৰুগড়স্থিত "অপেক্ষা হস্পাতাল" নামৰ ব্যক্তগত খণ্ডৰ চিকিৎসালয় খনৰ বিৰুদ্ধে।

Advertisment

ঢকুৱাখনা মহকুমাৰ মইনাপৰা গাঁও নিবাসী পম্পী শইকীয়া গগৈৰ "অপেক্ষা হস্পাতাল"ত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে। বিশেষকৈ "গ'ল্ড ব্লাডাৰ ষ্টন" ৰোগত আক্ৰান্ত হৈ অস্ত্ৰোপচাৰ কৰাৰ পাছতে পম্পী শইকীয়া গগৈৰ আকস্মিক মৃত্যুৰ অন্তৰালত চিকিৎসালয় আৰু চিকিৎসকৰ গাফিলতি থকাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে।

উল্লেখ্য যে, যোৱা ২ জানুৱাৰীত হস্পাতালত ভৰ্তি কৰোৱা হৈছিল পম্পীক পাছত ৩ জানুৱাৰীত সফলতাৰে সম্পন্ন হৈছিল অস্ত্ৰোপচাৰ। অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয়। চিকিৎসকে অচিৰেই সুস্থ হৈ উঠিব বুলি নিশ্চয়তা প্ৰদান কৰে স্বামী সঞ্জীৱ গগৈক। তাৰ পাছতেই পম্পী শইকীয়া গগৈক ৰহস্যজনকভাৱে চিকিৎসকৰ নিৰ্দেশত আই.চি.ইউত ভৰ্ত্তি কৰোৱা হয় আৰু তাৰ কিছু মহূৰ্ততে পম্পী শইকীয়া গগৈৰ মৃত্যু ঘটা বুলি সঞ্জীৱ গগৈক চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ইতিমধ্যে, সমগ্ৰ ঘটনা সন্দৰ্ভত আত্মীয়ই  শনিবাৰে 'অপেক্ষা হস্পাতাল' কৰ্তৃপক্ষৰ বিৰুদ্ধে ডিব্ৰুগড় জিলাৰ সদৰ থানাত এক গোচৰ ৰুজু কৰে। প্ৰায় ২ বছৰীয়া শিশুক মাতৃ হাৰা কৰি 'অপেক্ষা হাস্পাতাল' কৰ্তৃপক্ষই সংঘটিত কৰা এনে অমানৱীয় কাণ্ডৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে দুৰ্ভুগীয়া পৰিয়ালটোৱে।

আৰু পঢ়ক: ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰত সেৱা ল'লে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই..

assam dibrugarh