ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰত সেৱা ল'লে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই..

ছমৰীয়া সত্ৰৰ গায়ন বায়ন আৰু ভকতসৱে সত্ৰৰ মূল নামঘৰলৈ আদৰিলে বিধায়ক গৰাকীক

author-image
Asomiya Pratidin
New Update
ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰত সেৱা ল'লে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই..

ডিজিটেল সংবাদ,ছমৰীয়া: কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰত শনিবাৰে উপস্থিত হৈ সেৱা ললে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। সত্ৰ চৌহদত উপস্থিত হোৱাৰ লগে লগে ছমৰীয়া সত্ৰৰ গায়ন বায়ন আৰু ভকতসৱে সত্ৰৰ মূল নামঘৰলৈ আদৰি লৈ যায় বিধায়ক গৰাকীক । বিধায়ক হেমাংগ ঠাকুৰীয়াই সেৱা লৈ সত্ৰ দৰ্শন কৰাৰ লগতে ভকতসকলে সত্ৰৰ বহু আপুৰুগীয়া সম্পদবোৰ সৈতে চিনাকি কৰাই দিয়ে বিধায়ক গৰাকীক।

Advertisment

ইয়াৰ পিছতে বিধায়ক গৰাকীয়ে ছমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰী আৰু সত্ৰ পৰিচালনা সমিতিৰ সৈতে অতিথিশালাত সত্ৰ খনৰ উন্নয়নৰ লগতে বিভিন্ন দিশত আলোচনাত মিলিত হয়। বিধায়ক গৰাকীক ছমৰীয়া সত্ৰৰ অতিথিশালাত ছমৰীয়া সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি মদন কলিতাই শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

ছমৰীয়া সত্ৰ দৰ্শনৰ সময়ত বিধায়ক গৰাকীক সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টিৰ বহুকেইজন বিষয়ববীয়া, ছমৰীয়া অঞ্চলৰ বহুকেইজন জ্যেষ্ঠ ব্যক্তিৰ লগতে ছমৰীয়া সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল। ছমৰীয়া সত্ৰ দৰ্শনৰ পিছতে বিধায়ক গৰাকীয়ে বকোৰ বালিজাৰত অনুষ্ঠিত বৰুৱা আঞ্চলিক যুৱক সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত অংশগ্ৰহন কৰে।

আৰু পঢ়ক: "জ্যেষ্ঠ নাগৰিক সকল আদৰ্শ সমাজ গঢ়নৰ খনিকৰ" উলুবাৰীত উত্তৰ-পূব বীমাৰ জ্যেষ্ঠ নাগৰিক সভা

assam kamrup