দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ হ'ল সৌৰমূৰী কদমতল সত্ৰ

ভক্তি ৰসত ডুব গ'ল হাজোৰ সৌৰামূৰী কদমতল সত্ৰ প্ৰাংগণ। ভকৰ মুখত কৃষ্ণ কৃষ্ণ ধ্বনিৰে মুখৰিত হৈ পৰিল সমগ্ৰ সত্ৰ চৌহদ।

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল সংবাদ, হাজোঃ ভক্তি ৰসত ডুব গ'ল হাজোৰ সৌৰামূৰী কদমতল সত্ৰ প্ৰাংগণ। ভকৰ মুখত কৃষ্ণ কৃষ্ণ ধ্বনিৰে মুখৰিত হৈ পৰিল সমগ্ৰ সত্ৰ চৌহদ। খোল-তাল আৰু ভকতৰ হৰি নামাৰে নিশাৰ ভাগত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ হ'ল সমগ্ৰ অঞ্চল।

Advertisment

প্ৰতিটো পদূলিতে হৰি নাম পৰিৱেশন কৰি যুগ যুগ ধৰি চলি অহা পৰম্পৰা ৰক্ষা কৰিলে সত্ৰবাসীয়ে। পবিত্ৰ মাঘি সভা উপলক্ষে অনুষ্ঠিত হোৱা কাৰ্য্যসূচীৰ শুভাৰম্ভনি কৰে ৰাজ্যিক বি জে পিৰ মেডিকেল চেলৰ সহ আহবয়ক ডঃ বেদব্ৰত পাঠকে।

বন্তি প্ৰজ্বলনৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি জেষ্ট বি জে পি নেতা গৰাকীয়ে নগৰ সংকীৰ্তন অংশ। মহাপুৰুষ জনাৰ অমৰ সৃষ্টিৰাজি নাম ঘোষা পৰিৱেশন কৰি ভকত বান্ধৱৰৰ লগত একাকাৰ হৈ পৰে বি জে পি নেতাগৰাকী। ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পিছতেই সমগ্ৰ দেশত এতিয়া অধ্যত্মিক পৰিৱেশ বিৰাজমান বুলি অভিহিত কৰে ডঃ বেদব্ৰত পাঠকে।।

কদমতল সত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে যিমান পাৰে সহায় কৰিব বুলি উল্লেখ কৰি বাকী থকা কাম খিনি ডঃ বেদব্ৰত পাঠকে নিজেই নিৰ্মাণ কৰি দিব বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰে । সত্ৰ সমূহ নিৰ্মাণ আৰু পুনৰ উদ্ধাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপক ৰাজহুৱাকৈ শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে। মুঠৰ ওপৰত নিশাৰ ভাগত দ্বিতীয় বৈকুণ্ঠপুৰী লৈ ৰূপান্তৰ হোৱা সৌৰমূৰী কদমতল সত্ৰত এক উখল মাখল পৰিবেশ দেখা পোৱা গ'ল।

Also Read: কাজিৰঙাত ২৩টা বাঘ দৰ্শন পশ্চিম বংগৰ ফটোগ্ৰাফাৰ সুমন দাসৰ

hajo kadamtol satra