Advertisment

কাজিৰঙাত ২৩টা বাঘ দৰ্শন পশ্চিম বংগৰ ফটোগ্ৰাফাৰ সুমন দাসৰ

৬০ টাকৈ জীপ চাফাৰী কৰি ২৩ বাৰ বাঘ দৰ্শনৰ অনন্য অভিজ্ঞতাৰ সন্মুখীন হৈছে পশ্চিম বংগৰ এজন ফটোগ্ৰাফাৰ।

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত ২৩টা বাঘ দৰ্শন পশ্চিম বংগৰ ফটোগ্ৰাফাৰ সুমন দাসৰ

ডিজিটেল সংবাদ, কাজিৰঙাঃ ৬০ টাকৈ জীপ চাফাৰী কৰি ২৩ বাৰ বাঘ দৰ্শনৰ অনন্য অভিজ্ঞতাৰ সন্মুখীন হৈছে পশ্চিম বংগৰ এজন ফটোগ্ৰাফাৰ। সুমন দাস নামৰ ফটোগ্ৰাফাৰজনে চলিত পৰ্যটন বৰ্ষত ৬০ টা জীপ চাফাৰী কৰি সোণালী বাঘৰ বিৰল স্নেপ কেমেৰাত বন্দী কৰাৰ লগতে বাঘৰ বহু আচৰণ কেমেৰাত বন্দী কৰাৰ সৌভাগ্য হোৱা বুলি প্ৰকাশ কৰে।

Advertisment

ইয়াৰ পূৰ্বেও চাৰিবাৰ কাজিৰঙালৈ আহিছে সুমন দাস। কিন্তু এই পৰ্যটন বৰ্ষ ফটোগ্ৰাফাৰৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। বিশেষকৈ বাঘৰ অনন্য দৃশ্য আৰু ছবি বন্দী কৰাৰ সুযোগ চলিত পৰ্যটন বৰ্ষত সৰ্বাধিক ফটোগ্ৰাফাৰসকলে লাভ কৰা বুলি কয় সুমন দাসে। তেওঁ কয় কাজিৰঙাৰ টুৰিষ্ট গাইডসকলে সমন্বয় ৰক্ষা কৰাৰ বাবেই ই সম্ভৱ হৈছে।

ইফালে কাজিৰঙাৰ টুৰিষ্ট গাইড কাকু শইকীয়াই এইবেলি বাঘ পৰ্যটনে এক অনন্য মাত্ৰা লাভ কৰা বুলি কয়। কেৱল বাঘেই নহয় কাজিৰঙাত এইবেলি বিগ ফাইভ প্ৰায়েই পৰ্যটকে দেখাৰ সৌভাগ্য লাভ কৰিছে বুলি কয় টুৰিষ্ট গাইডজনে‌।

Also Read: চিলাপথাৰত সম্পূৰ্ণ হৈ উঠিছে গকুল শিশু উদ্যান

kaziranga tiger photographer