সকলোয়ে একেমুখে শলাগ ল’লে স্মিতাক্ষী বি গোস্বামীৰ

মহিলাৰ শক্তি সূৰ্যৰ নিচিনা শক্তি, যিয়ে পোহৰ দিয়ে আৰু চন্দ্ৰৰ নিচিনা শীতল মন লৈ কাম কৰিব লাগে। মহিলাসকল নিজেই নিজৰ শক্তি, নিজৰ শক্তি দি নিজে ভালপোৱা কামবোৰ নিষ্ঠাৰে কৰিলে সফলতা অনিবাৰ্য।

author-image
সংগীতা দাস
New Update
NANDINI AP

ডিজিটেল ডেস্ক:‘মহিলাৰ শক্তি সূৰ্যৰ নিচিনা, যিয়ে পোহৰ দিয়ে আৰু চন্দ্ৰৰ নিচিনা শীতল মন লৈ কাম কৰিব লাগে। মহিলাসকল নিজেই নিজৰ শক্তি, নিজৰ শক্তি দি নিজে ভালপোৱা কামবোৰ নিষ্ঠাৰে কৰিলে সফলতা অনিবাৰ্য। উদ্যোগী মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত প্ৰতিদিন গোষ্ঠীয়ে যথেষ্ট ভাল কাম কৰি আছে। প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে খুব কম বয়সতে সমাজৰ বাবে কাম কৰিবলৈ ওলাই আহিছে। বিদেশত পঢ়া-শুনা কৰিও অসমলৈ ঘূৰি আহি অসমীয়া কাকত পঢ়ি-পঢ়ি তেওঁ অসমীয়া ভাষাত যি দখল অৰ্জন কৰিছে, অসমীয়া সমাজৰ বাবে যি কৰি আছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।’ এই মন্তব্য প্ৰাক্তন সাংসদ কুইন ওজাৰ। প্ৰতিদিন ইভেণ্টছ আৰু ষ্টইক ষ্টুডিঅ’ৰ উদ্যোগত খানাপানাৰ গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত নন্দিনী শীৰ্ষক অনুষ্ঠানটো উদ্ধোধন কৰি এই মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে।

এই উদ্ধোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে। ভাষণ প্ৰসংগত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, 'যিকোনো সামগ্ৰী উৎপাদন কৰাটো ডাঙৰ কথা নহয়, কিন্তু উপাদিত সামগ্ৰীসমূহে ভাল এখন বজাৰ পোৱাটোহে ডাঙৰ কথা। আমাৰ অসমীয়া শিপিনীয়ে গামোচা বয়। কিন্তু তেওঁলোকৰ এই উৎপাদনে উচিত বজাৰ লাভ নকৰে। মহাত্মা গান্ধীয়ে তেতিয়াই কৈছিল, অসমীয়া মানুহে তাঁতত সপোন ৰচে, এই সপোন আন্ত:ৰাষ্টীয় পৰ্যায় পাবলৈ চৰকাৰে পদক্ষেপ ল’ব লাগিব। মহিলাসকলে পথাৰ, বজাৰত যাতে দখল লাভ কৰে, তাৰ বাবে চৰকাৰে নিজাববীয়া প্ৰচেষ্টা ল’ব লাগিব। এগৰাকী সফল মহিলাৰ অন্তৰালত থাকে তেওঁক প্ৰতিটো খোজত সহায়-সমৰ্থন কৰা তেওঁৰ পৰিয়াল। অসমৰ বিভিন্ন প্ৰান্তৰ উদ্যোগী মহিলাসকলক একগোট কৰি নন্দিনীয়ে এখন বজাৰ দিবলৈ চেষ্টা কৰিছে। যি প্ৰতিদিন গোষ্ঠীৰ খুব ভাল উদ্যোগ।'

a4a8e5f0-2ead-4c9b-8456-db183524da4b

আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত নন্দিনীৰ উদ্ধোধনী অনুষ্ঠানত অংশ লৈ এন ই এইচ এইচ ডি চিৰ উপদেষ্টা ড°শ্ৰীপৰ্ণা বৰুৱাই কয় যে, প্ৰতিদিনৰ এই প্ৰচেষ্টাই মহিলাসকলক আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিছে। ফুড ক্ৰিটিক তথা লেখিকা জ্যোতি দাসে কয়, স্মিতাক্ষী বি গোস্বামীৰ প্ৰচেষ্টাত নন্দিনীয়ে মহিলাসকলক সবলীকৰণৰ বাবে এখন মঞ্চ দিছে। বিভিন্ন বয়সৰ, বিভিন্ন পৰিবেশৰ অহা মহিলাই এগৰাকীয়ে আনগৰাকীক জনাৰ সুবিধা দিছে।

এই অনুষ্ঠানত অভিনেত্ৰী মাধুৰীমা চৌধুৰী, শিশু ৰোগ বিশেষজ্ঞ গৰিমা শইকীয়া, ডায়েটিচিয়ান স্বেতা হিম্মতসিংকাও উপস্থিত থাকি সকলো উদ্যোগী মহিলাক এই সুবিধা দিয়াৰ বাবে প্ৰতিদিন গোষ্ঠী ধন্যবাদ জ্ঞাপন কৰে। আনহাতে, আজি শিশু দিৱস উপলক্ষ্যে আধ্যাশ্রী উপাধ্যায় আছিল এই অনুষ্ঠানৰ মুখ্য অতিথি। ছুপাৰ ডাঞ্চাৰ চেপটাৰ ৫ৰ বিজয়ী আধ্যাশ্ৰীয়ে অনুষ্ঠানত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এটা নৃত্য প্ৰদৰ্শন কৰে।

মাধু

উন্মোচন কৰা হয় স্মৃতিগ্ৰন্থ

উল্লেখ্য যে, সকলো বিশিষ্ট অতিথিৰ উপস্থিতিত নন্দিনীৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়। প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে ধন্যবাদসূচক মন্তব্য কৰে অনুষ্ঠানৰ সামৰণি মাৰে।

Also Read:সংস্কৃতি, শিল্প, বাণিজ্যৰ বৰ্ণাঢ্য সমহাৰেৰে আজিৰে পৰা আৰম্ভ 'নন্দিনী'...