/asomiyapratidin/media/media_files/2025/11/10/whatsapp-im-2025-11-10-17-41-05.jpeg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ আজি ন্যায়াধীশ সৌমিত্র শইকীয়া আয়োগত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ লগতে দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ আয়োগত সাক্ষ্য প্রদান কৰিবলৈ উপস্থিত হয় দুই নেতা।
ন্যায়িক আয়োগত উপস্থিত হৈ জগদীশ ভূঞাই কয় যে, ‘আমি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তথ্য দিবলৈ অহা নাই কিন্তু আমি মৃত্যুৰ ঘটনাটোৰ ধাৰণা দিব পাৰো। মুখ্যমন্ত্রীয়ে এই ঘটনাক হত্যাকাণ্ড বুলি কৈছে। ইয়াৰ প্রমাণ তেওঁ দিব লাগিব। মৃত্যুৰ ঘটনাৰ ন্যায়ালয়ৰ নিৰীক্ষণত কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্ত কৰাৰ দাবী জনাই জগদীশ ভূঞাই।
আনহাতে লুৰীণজ্যোতি গগৈয়ে কয় যে, ‘জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যিখিনি মানুহ লগত আছিল এছ আই টিয়ে তেওঁলোকৰ পৰা সকলো তথ্য লওঁক। ছিংগাপুৰত য়টট থকা এগৰাকী আজিলৈকে অসমত উপস্থিত নাই হোৱা বুলি উল্লেখ কৰি তেওঁ যিসকল আহিছে সেইসকলক কিয় উভতাই পঠোৱা হ’ল বুলিও প্রশ্ন কৰে। লগতে তদন্তকাৰী বিষয়াগৰাকী কিয় ছিংগাপুৰলৈ নগ'ল সেই কথাবোৰ লিখিতভাৱে ন্যায়িক আয়োগক জনাইছো বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us