শিলসাঁকোত পুনৰ অপ্ৰীতিকৰ পৰিস্থিতি : আটকাধীন প্ৰতিবাদকাৰীক মুকলি কৰি দিয়াৰ দাবী

বিগত ৪ বছৰ ধৰি আন্দোলন কৰাৰ পাছত এইবাৰ শিলসাঁকোত ঘৰ নিৰ্মাণ কৰিবলৈ ওলাই আহিছে একাংশ উচ্ছেদিত জনতা। চৰকাৰে পুনৰ সংস্থাপন নিদিয়া কাৰ্যক লৈ ক্ষোভিত হৈ পৰিছে শিলসাঁকোৰ উচ্ছেদিত জনতা।

author-image
Asomiya Pratidin
New Update
new ap web 4 (4)

ডিজিটেল ডেস্ক : বিগত ৪ বছৰ ধৰি আন্দোলন কৰাৰ পাছত এইবাৰ শিলসাঁকোত ঘৰ নিৰ্মাণ কৰিবলৈ ওলাই আহিছে একাংশ উচ্ছেদিত জনতা। চৰকাৰে পুনৰ সংস্থাপন নিদিয়া কাৰ্যক লৈ ক্ষোভিত হৈ পৰিছে শিলসাঁকোৰ উচ্ছেদিত জনতা। জনতাৰ এই কাৰ্যৰ পাছতে বুধবাৰে উক্ত স্থানত আৰক্ষী তথা প্ৰশাসনৰ লোক উপস্থিত হৈ ৫ মিনিটৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰে। 

কিন্তু ইয়াৰ লগে লগে উচ্ছেদিত জনতাৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। তেওঁলোকে কোনো পধ্যেই ঠাই এৰিবলৈ মান্তি নহয়। যাৰ ফলত আৰক্ষী আৰু উচ্ছেদিত জনতাৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়।

শ শ মহিলাই পুনৰ সংস্থাপনৰ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে এঘন্টাৰ ভিতৰত মাটিৰ বিনিময়ত মাটি দিবলৈ দাবী জনায়।  কিন্তু ইয়াৰ পাছতে বৃহৎ আৰক্ষী বাহিনীৰ লোকে অৰ্ধ শতাধিক মহিলাক টানি সেই স্থানৰ পৰা চোঁচৰাই লৈ যায়। 

আৰক্ষী- প্ৰশাসনৰ এনে কাণ্ডৰ পাছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, ডিচিপি মৃণাল ডেকাই শিলসাঁকোৰ নেত্ৰী গায়ত্ৰী বৰাক লাঠিৰে প্ৰহাৰ কৰিছিল।

ইফালে উক্ত ঘটনাৰ পাছতে আৰক্ষীয়ে গায়ত্ৰী বৰা আৰু জিতু দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। লগতে বহু আটকাধীন মহিলাক আৰক্ষীয়ে দিছপুৰ থানালৈ লৈ যায়। 

এনে পৰিস্থিতিত আৰক্ষী- প্ৰশাসনৰ এনে অবিবেচকী কৰ্ম-কাণ্ডৰ দোহাই দি বৃহস্পতিবাৰে পুৱাৰ ভাগত উক্ত স্থানত পুনৰ প্ৰতিবাদ সাৱ্যস্ত কৰে। আৰক্ষীয়ে আটক কৰা লালন ৰয়, ছমেট আলী, চান মহম্মদ, কুৰচী আলী আৰু ফুলবৰ আলীক অতি শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে। 

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ২০২২ আৰু ২০২৩ চনত শিলসাঁকোত উচ্ছেদ অভিযান চলিছিল। সেই দুটা উচ্ছেদ অভিযানত প্ৰায় ১২০০ মানুহক উচ্ছেদ কৰা হৈছিল।

তেতিয়াৰ পৰা বিভিন্ন সময়ত উচ্ছেদিতসকলে পুনৰ সংস্থাপনৰ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই সন্দৰ্ভত ২০২৪ চনৰ ছেপ্টেম্বৰত উচ্ছেদিতসকলৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনাও হৈছিল। সেই আলোচনাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিতসকলক প্ৰতিশ্ৰুতি দিছিল পুনৰ সংস্থাপনৰ। কিন্তু আজি পৰ্যন্ত তেওঁলোকক পুনৰ সংস্থাপন দিয়া নহ’ল।

শিলসাঁকো