সংস্কৃতি, শিল্প, বাণিজ্যৰ বৰ্ণাঢ্য সমহাৰেৰে আজিৰে পৰা আৰম্ভ 'নন্দিনী'...

শিল্প, বাণিজ্য, খাদ্য আৰু সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰেৰে আজিৰে পৰা আৰম্ভ হৈছে প্ৰতিদিন ইভেন্টছ আৰু ষ্টয়িক ষ্টুডিঅ'ৰ উদ্যোগত অনুষ্ঠিত হোৱা ব্যতিক্ৰমী বাণিজ্যিক অনুষ্ঠান নন্দিনী। এই অনুষ্ঠানটি আনুষ্ঠানিকভাৱে শুভ

New Update
414d7e88-ad31-4e73-8ccd-9411aa088c49

ডিজিটেল ডেস্কঃ শিল্প, বাণিজ্য, খাদ্য আৰু সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰেৰে আজিৰে পৰা আৰম্ভ হৈছে প্ৰতিদিন ইভেন্টছ আৰু ষ্টয়িক ষ্টুডিঅ'ৰ উদ্যোগত অনুষ্ঠিত হোৱা ব্যতিক্ৰমী বাণিজ্যিক অনুষ্ঠান নন্দিনী। এই অনুষ্ঠানটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কুইন ওজা,  অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ  সভানেত্ৰী মীৰা বৰঠাকুৰ, মাধুৰীমা চৌধুৰীৰ লগতে বহুকেইগৰাকী বিশিষ্টা উদ্যোগী মহিলাই। 

b5f31d2a-a194-428d-be42-93d62b4a9b1f

ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগী মহিলাসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰে প্ৰতিদিন ইনিছিয়েটিভ’- ষ্টয়িক ষ্টুডিঅৰ সহযোগত ২০২৩ বৰ্ষৰ পৰা শিল্প, কলা, বাণিজ্য, খাদ্য, সংস্কৃতিৰ সমাহাৰেৰে ব্যতিক্ৰমী এই নন্দিনী বাণিজ্য মেলা অনুষ্ঠিত কৰি আহিছে।

এই অনুষ্ঠানটোৰ উদ্বোধনৰ পাছতে প্ৰতিদিন টাইমৰ সঞ্চালিকা তথা অনুষ্ঠানটোৰ উদ্যোক্তা স্মিতাক্ষী বি গোস্বামীয়ে এই অনুষ্ঠানলৈ সহযোগিতা আগবঢ়োৱা প্ৰতিজন ব্যক্তি, স্পনছৰ আগবঢ়োৱা অনুষ্ঠানসমূহলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তাৰোপৰি এই বাণিজ্য মেলাত অংশগ্ৰহণ কৰা উদ্যোগী মহিলাসকলক উসাহিত  কৰিবলৈ খানাপাৰ ইণ্ডৰ ষ্টেডিয়ামৰ প্ৰাংগণলৈ সকলো ৰাইজক আহিবলৈ আহ্বান জনায়।

564e9415-ea5d-4f07-b729-087c27586935

উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰৰ মেলত অসমৰ থলুৱা উদ্যোগীসকলক বিশেষভাৱে প্ৰাধান্য প্ৰদান কৰাৰ লগতে থলুৱা উতপাদনসমূহক অধিক অগ্ৰাধিকাৰ দিয়া হ'ব। ১৪নৱেম্বৰ, ২০২৫ৰ পৰা ১৬নৱেম্বৰ, ২০২৫লৈ অনুষ্ঠিত হ'ব এই মেলা। 

আনফালে এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰাক্তন সাংসদ কুইন ওজাই উদ্যোগী মহিলাসকলক উলিয়াই অনাৰ লগতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ এই সুযোগ দিয়াৰ বাবে স্মিতাক্ষী বি গোস্বামীক ধন্যবাদ জ্ঞাপন কৰে।

47dcefa7-bf65-4734-bbed-0337af0cf11d

মীৰা বৰঠাকুৰেও উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰি কয় যে, পূৰ্বেও গৃহিনীসকল সৃষ্টিশীল আছিল যদিও তেওঁলোকে সেইবোৰ প্ৰদৰ্শনৰ বাবে বিশেষ সুযোগ লাভ কৰা নাছিল। এতিয়া প্ৰযুক্তিৰ সমাহাৰৰ বাবে তেওঁলোকে যথেষ্ট সময় লাভ কৰিছে। এই সময়খিনিকে উদ্যোগী মহিলাসকলে সদ ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। 

প্ৰণিধানযোগ্য যে,  বাণিজ্য মেলাৰ উপৰিও নন্দিনীত শিশুসকলৰ বাবেচিত্ৰাংকন প্ৰতিযোগিতা, সকলোৰে বাবে হস্তশিল্পৰ কৰ্মাশালা অনুষ্ঠিত হ’ব। তাৰোপৰি প্ৰতিদিনাই সন্ধিয়া ৫ বজাৰ পৰা আছে সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাজনো শিল্পীৰ লগতে বেণ্ডে সংগীত পৰিবেশন কৰিব। 

0a72b519-1927-49a7-8445-c30f3e14814e

নন্দিনী