বিটিআৰত পুণৰ জন্ম নতুন উগ্ৰপন্থী সংগঠন , আৰক্ষীৰ গুলীত নিহত…

বিটিআৰত পুণৰ জন্ম নতুন উগ্ৰপন্থী সংগঠন , আৰক্ষীৰ গুলীত নিহত…

author-image
asomiyapratidin
New Update
বিটিআৰত পুণৰ জন্ম নতুন উগ্ৰপন্থী সংগঠন , আৰক্ষীৰ গুলীত নিহত…

ডিজিটেল সংবাদ,কোকৰাঝাৰ:- চিৰাঙৰ আমগুৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ মালিভিটা এলেকাত অচিনাক্ত বন্দুকধাৰীয়ে যোৱা ২৯ মাৰ্চ নিশা সাত বজাৰ পৰা আঠ বজালৈকে শূন্যলৈ গুলীচালনা কৰি গৃহস্থৰ ঘৰত লুন্ঠন চলাই ৫লাখ ৬০ হাজাৰ টকা লুট কৰি নিয়ে। তাৰ পিছত শুকুৰবাৰে আৰক্ষীৰ গুলীত উক্ত ডকাইত দলটোৰ সদস্য এগৰাকী নিহত হৈছ । আৰক্ষীৰ গুলীত নিহত হোৱা ডকাইত দলটোৰ সদস্যজনক গোঁসাইগাঁওৰ কাশিয়াবাৰীৰ সঞ্জুলা ওৱাৰী (২৬) বুলি চিনাক্ত কৰা হৈছে ।

Advertisment

উল্লেখ্য যে ভাৰত-ভুটান সীমান্ত এলেকাৰ মালিভিটা ইন্দ্ৰপুৰ বাসিন্দা কৃষ্ণে লুইটেলৰ ঘৰত ২৯ মাৰ্চৰ নিশা পিষ্টলেৰে শূণ্যলৈ গুলী ফুটাই ডকাইতৰ দলে লুটি নিছে ৩ লাখ ৬০ হাজাৰ টকা আৰু ওচৰৰে জৌমনাগুৰীৰ অবিনাশ মুছাহাৰী নামৰ আন এজন লোকৰ ঘৰত অনুৰূপ ভাবে নগদ দুই লাখ টকা আৰু সোণৰ অলংকাৰ লুটি নিয়ে । একে নিশাই কৃষ্ণে লুইটেলৰ ঘৰত তিনিজাই আৰু অবিনাশ মুছাহাৰীৰ ঘৰত দুইজাঁই শূন্যলৈ গুলীচালনা কৰিছিল ।

উক্ত ঘটনাৰ পিছতে আৰক্ষীয়ে ব্যাপক তদন্ত আৰম্ভ কৰে আৰু সেৰফাংগুৰী এলেকাৰ পৰা ডকাইত দলটোৰ সদস্য তথা প্ৰাক্তন এনএলএফবি সঞ্জুলা ওৱাৰী (২৬)ক আটক কৰে । আৰক্ষীৰ জেৰাত আত্মসমৰ্পন কৰা ১৪ – ১৫ গৰাকী সদস্যক লৈ নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম দিয়া বুলি সঞ্জুলা ওৱাৰীয়ে স্বীকাৰোক্তি দিয়ে ।

নতুনকৈ জন্ম হোৱা উগ্ৰপন্থী দলটোত বাৰ্খাও বসুমতাৰী , কেডাৰ নাৰ্জাৰীকে ধৰি আন ১৫/১৬ জন সদস্য থকা বুলি সদৰি কৰে । দলটোৱে লুট কৰা ধন আৰু সোণৰ অলংকাৰ ভাৰত ভূটান সীমান্তৰ উল্টাপানীত লুকুৱাই থোৱা বুলি আৰক্ষীক অৱগত কৰে সঞ্জুলা ওৱাৰীয়ে ।

বৃহস্পতিবাৰে নিশা লুকুৱাই থোৱা ধন -সোণ উদ্ধাৰ কৰিবলৈ সঞ্জুলা ওৱাৰীক লগত লৈ আৰক্ষীয়ে উল্টাপানীত উপস্থিত হয় ।বন বিভাগৰ পৰিত্যাক্ত ঘৰৰ পিছপিনে লুকুৱাই থোৱা ধন আৰু স্বৰ্ণ অলংকাৰসমুহ সঞ্জুলা ওৱাৰীয়ে দেখুৱাই দিয়ে আৰু ধন -সোণ এপদ এপদ কৈ অনাৰ চলেৰে ধনৰ লগত থকা পিষ্টল লৈ হঠাতে আৰক্ষীক গুলীচালনা কৰে । প্ৰাক্তন উগ্ৰপন্থীজনৰ এটা গুলীয়ে এগৰাকী বিষয়াৰ বুলেটপ্ৰুফ জেকেটত আঘাত কৰে ।

আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰাত সঞ্জুলা ওৱাৰী গুৰুতৰভাৱে আহত হয় আৰু কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাৰ বাবে আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আৰক্ষীয়ে সংঘৰ্ষথলীৰ পৰা ৭.৬৫ এমএম পিষ্টল এটা , ৪ জাঁই সজীৱ গুলী , ৪ জাঁই খালী কাৰ্টিজ, নগদ একলাখ টকা আৰু কিছুমান সোণৰ অলংকাৰ উদ্ধাৰ কৰিছে ।

আৰু পঢ়ক:

সংস্থাপনহীন,দৰিদ্ৰ জনতাৰ কিদৰে চলিব জীৱন? ১-২ নহয় সকলো সামগ্ৰীৰে বৃদ্ধি পালে মূল্য….

পালে নেকি পুৰস্কাৰ ? পুৱাই ৫ AIUDF ৰ বিধায়কৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ…

terrorist kokrajhar btr