সংস্থাপনহীন,দৰিদ্ৰ জনতাৰ কিদৰে চলিব জীৱন? ১-২ নহয় সকলো সামগ্ৰীৰে বৃদ্ধি পালে মূল্য….

সংস্থাপনহীন,দৰিদ্ৰ জনতাৰ কিদৰে চলিব জীৱন? ১-২ নহয় সকলো সামগ্ৰীৰে বৃদ্ধি পালে মূল্য….

ডিজিটেল ডেস্কঃ ১ এপ্ৰিল, শুকুৰবাৰৰ পৰা মধ্যবিত্ত অথবা নিম্ন মধ্যবিত্ত নাইবা দৰিদ্ৰই হওক, সকলোৰে দৈনন্দিন জীৱনত পৰিব প্ৰভাৱ। দৈনন্দিন বজাৰৰ হিচাপৰ তালিকাত লাগিব আওল। কিয়নো আজিৰে পৰা দেশত বৃদ্ধি পাব নিত্য প্ৰয়োজনীয় বহু সামগ্ৰীৰ মূল্য। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২২ বৰ্ষৰ বাজেটত উল্লেখ কৰা কেতবোৰ ঘোষণাৰ বাবেই ১ এপ্ৰিলৰ পৰা বহু সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ সংসদৰ বাজেট অধিৱেশনত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট পাঠ কৰাৰ সময়ত কেইবাটাও সামগ্ৰীৰ আমদানি শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। সেই ঘোষণা অনুসৰিয়েই ১ এপ্ৰিলৰ পৰা বৃদ্ধি হৈছে বহু সামগ্ৰীৰ মূল্য। সেই অনুসৰি টিভি, ফ্ৰীজ, মোবাইলকে ধৰি ইলেক্ট্ৰনিক সামগ্ৰী, গৃহ নিৰ্মাণ সামগ্ৰী, ৰাসায়নিক সাৰ, পশু খাদ্য, শিশু খাদ্যৰ লগতে আন বহু কেইবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে।

আনহাতে  ষ্টীলৰ সামগ্ৰীৰো মূল্যবৃদ্ধি হোৱাটো নিশ্চিত হৈছে। সেই অনুসৰি ষ্টীলৰে নিৰ্মিত সকলো সামগ্ৰীসৰে মূল্য বৃদ্ধি হ'ব। যিদৰে মোবাইলৰ মূল্য বৃদ্ধি পাব ঠিক একেদৰে টেলিকম কোম্পানী বোৰে বৃদ্ধি কৰিব মোবাইল ৰিচাৰ্জৰ মূল্য।

ইফালে বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলত অসমত আজিৰে পৰা প্ৰতি ইউনিট বিদ্যুৎৰ মাচুল বৃদ্ধি পাব ৫৯ পইচাকৈ। আনহাতে ৰাজ্যৰ বিভিন্ন ঠাইত থকা টোলগেট সমূহত পূৰ্বৰ তুলনাত অধিক ধন ভৰিব লাগিব সাধাৰণ জনতাই। ১৫ শতাংশকৈ বৃদ্ধি কৰা হৈছে টোল টেক্স। একেদৰে বৃদ্ধি কৰা হৈছে দুচকীয়া আৰু চাৰিচকীয়া বাহনৰো মূল্য।

প্ৰতিদিনে পেট্ৰ'ল, ডিজেলৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পাই অহাৰ ফলত খাদ্য-সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰি অহাৰ সময়তে এইদৰে আন আন সামগ্ৰীৰ মূল্যবৃদ্ধি, টোলে টেক্স বৃদ্ধি আদিয়ে সাধাৰণ জনতাক যে টেটু চেপা দিছে সেইয়া নকলেও সকলোৰে বোধগম্য। ইন্ধনৰ মূল্য বৃদ্ধি আৰু টোল টেক্স বৃদ্ধিয়ে পুনৰ যে বাহনৰ ভাড়াও বৃদ্ধি হ'ব সেই কথাও নিশ্চিত।

একেদৰে প্ৰতি সপ্তাহৰ মূৰে মূৰে বৃদ্ধি পাই আহিছে গেছ চিলিণ্ডাৰৰ মূল্য। বৃদ্ধি কৰা হৈছে ৮০০ বিধ জীৱনা দায়িনী ঔষধৰ মূল্য। এনে পৰিস্থিতিত সাধাৰণ জনতাই কিদৰে দৈনন্দিন জীৱন অতিবাহিত কৰিব সেই কথা প্ৰত্যকজন ব্যক্তিয়েহে জানিব। কৰ্মহীনতা, দৰিদ্ৰতাৰে জুৰুলা হৈ থকা সাধাৰণ লোকে কোৰোনা মহামাৰীৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ হৈ ভালকৈ থিয় হ'বলৈকে সক্ষম নোহোৱাৰ সময়তে মূল্যবৃদ্ধিৰ মাধ্যমেৰে ৰাজহ সংগ্ৰহ কৰাৰ চৰকাৰৰ যি কৌশল সেই কৌশলত সাধাৰণ জনতা অতিষ্ঠ হ'লেও তেওঁলোকে প্ৰতিবাদ কৰিবলৈও হেৰুৱাই পেলাইছে দেহৰ শক্তি। দুই, এক চৰকাৰী আঁচনিৰ সুবিধা লাভৰ আশাত বন্দী সাধাৰণ জনতা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in