পালে নেকি পুৰস্কাৰ ? পুৱাই ৫ AIUDF ৰ বিধায়কৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ…

পালে নেকি পুৰস্কাৰ ? পুৱাই ৫ AIUDF ৰ বিধায়কৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ…

ডিজিটেল ডেস্কঃ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ কথাই সত্য প্ৰমাণ হ'ল! ৰাজ্যসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফে পৰিকল্পিতভাৱে বিজেপিৰ কথামতেই পৰাজিত কৰিলে উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাক। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰাজ্যাসভাৰ নিৰ্বাচনত ৩৫ ভোট লাভ কৰি পৰাজিত হোৱা ৰিপুন বৰাক এ আই ইউ ডি এফৰ বিধায়কে কৰিলে বিশ্বাসঘাটক।

নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতেই শুকুৰবাৰে পুৱা এ আই ইউ ডি এফ মুঠ ৫ গৰাকী বিধায়কে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কবাসগৃহত গৈ সাক্ষাত কৰা ঘটনাই নিৰ্বাচনৰ পূৰ্বৰ ৰাজনৈতিক সমীকৰণক প্ৰমাণ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে যে, অসমৰ ৰাজনীতি কলুষিত কৰা এ আই ইউ ডি এফ নামৰ ৰাজনৈতিক দলটোৱে বৃহস্পতিবাৰে ৰাজ্যসভাৰ নিৰ্বাচনত কৰা বিশ্বাসঘাটকতাৰ পিছত আজি নিচেই পুৱাই দলটোৰে ৫ জন বিধায়কে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰস্থিত চৰকাৰী বাসগৃহলৈ গৈ সাক্ষাৎ কৰিছে।

কংগ্ৰেছে উল্লেখ কৰা মতে, এই ৫ জনীয়া দলটোৱে পুৱা ৮ বজাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা ওলাই আহে। দুখন গাড়ীৰে পুৱা ৬ বজাৰ পিছতে মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ প্ৰায় ৮ বজাত তাৰ পৰা প্ৰস্থান কৰা এ আই ইউ ডি এফৰ বিধায়ক কেইজন ক্ৰমে- সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা, বদৰপুৰৰ বিধায়ক আব্দুল আজিজ, চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন, জণিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু ধিঙৰ বিধায়ক আমিনুল ইছলাম। ইয়াৰ উপৰিও দলটোৰে এগৰাকী জিলা সভাপতিও এই দলটোৰ লগত মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ গৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in