/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e893495f-cc89-4f7b-9ab8-fe5a9c0d9a1e/nalbari_08.jpg)
জ্যেষ্ঠ নাগৰিকৰ অধিবেশনঃ ২৫০ টকাৰ ঠাইত ২০০০ টকালৈ পেন্সন বৃদ্ধিৰ দাবী...
ডিজিটেল সংবাদ গুৱাহাটীঃ "পৃথিৱীৰ ক'তো মাহেকত ২৫০ টকা পেন্সনৰ ব্যৱস্থা নাই। কেৱল মাত্ৰ অসমত এনে ব্যৱস্থা চলি আছে। চৰকাৰক এই বিষয়ে জনোৱা হৈছে। কিন্তু আজিলৈ চৰকাৰে একো নকৰাত আমি উদ্বিগ্ন হৈছো। অসমৰ বিভিন্ন প্ৰান্তত ক্ষোভিত হৈছে জ্যেষ্ঠ নাগৰিক।"
অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নলবাৰী জিলা সমিতিৰ ত্ৰয়োদশ বাৰ্ষিক মধ্যকালীন অধিবেশন উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ, পাইকাৰকুছি প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে এনেদৰে কয়। অধিবেশনত নিৰ্দিষ্ট বক্তাৰ ভাষনত বৰঠাকুৰে বিভিন্ন জন প্ৰতিনিধিৰ প্ৰশ্নৰ উত্তৰ দি জ্যেষ্ঠ নাগৰিকৰ প্ৰয়োজনীয় সুবিধাৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰৰ একাধিক বিভাগীয় মন্ত্ৰীৰ লগত জ্যেষ্ঠ নাগৰিকৰ সন্মিলনৰ প্ৰতিনিধিয়ে আলোচনাত মিলিত হোৱা বুলি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/54a75daa-b07f-4ad8-9384-c466a5b345af/04eab45c_55e4_4a3c_89b5_93d5566d11b8.jpg)
মুকলি সভাখন উদ্বোধন কৰে নলবাৰী জিলা আয়ুক্ত বৰ্নালী ডেকাই। জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ড০ প্ৰমোদ হালৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত আন এগৰাকী বক্তা জ্যেষ্ঠ নাগৰিক সন্মিলন অসমৰ ১নং মণ্ডলৰ সভাপতি অতুল বৰুৱাই জ্যেষ্ঠ নাগৰিকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰয়োজনত জ্যেষ্ঠ নাগৰিকসকল ৰাজপথলৈ ওলাই আহিব লগা হলে চৰকাৰেই দায়ী হ'ব বুলি কয়।
সভাত আমন্ত্ৰিত অতিথি হিচাপে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যনিৰ্বাহক সদস্য কেশব ডেকায়ো ভাষণ ৰাখে।একেখন মঞ্চতে ড০ প্ৰমোদ হালৈৰ সঞ্চালনাত জিলাৰ বিভিন্ন প্ৰান্তৰ ৩১ টা শাখা সন্মিলনৰ পৰা অহা দুই শতাধিক প্ৰতিনিধিৰ উপস্হিতিত অনুষ্ঠিত প্ৰতিনিধি সভাখন উদ্বোধন কৰি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰচাৰ আৰু জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/7eaa5f64-5fb7-42b9-911c-16a1af4f9735/517bb87d_dd8f_4c0d_bc11_feadb8289bf8.jpg)
Also Read: মৰুভূমি হৈ যাওঁক অসম ! মোডীক দিয়া কথা মতেই হ'ব লাগিব পাম খেতি...
প্ৰতিনিধি সভাই একোটা সংগঠনৰ ভবিষ্যতৰ দিক্ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত সন্মিলনৰ সংবিধানখনৰ গুৰুত্বপূৰ্ণ ধাৰাবোৰ ব্যাখ্যা কৰি সকলো শাখাকে সংবিধানখন আখৰে আখৰে পালন কৰাৰ আহ্বান জনায়। প্ৰতিনিধি সভাত বিভিন্ন প্ৰান্তৰ শাখাৰ পৰা অহা প্ৰতিনিধি যাদব ডেকা, বিনন্দ হাজৰিকা, দেৱেশ্বৰ শৰ্মা, সুনীল ভূপেন চৌধুৰীকে ধৰি কেবাজনো প্ৰতিনিধিয়ে বিভিন্ন প্ৰশ্ন উত্থাপন কৰি বক্তব্য ৰাখে।
সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক প্ৰিয় নাথ বৰ্মনে। অধিবেশনে দুগৰাকী জ্যেষ্ঠ নাগৰিক নবীন চন্দ্ৰ বৰ্মন (৯২) আৰু ভবেন্দ্ৰ নাথ মেধিৰ(৭৪) গামোচা, মানপত্ৰ ফুলৰ থোপা আদিৰে সম্বৰ্ধনা জনায়। সভাপতি ড০ প্ৰমোদ হালৈয়ে আজিৰ প্ৰেক্ষাপটত সমাজত শান্তি স্থাপনৰ ক্ষেত্ৰত প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকৰ গুৰু দায়িত্ব আছে বুলি কয়। শলাগৰশৰাই আগবঢ়ায় জ্যেষ্ঠ নাগৰিক দক্ষৰাম বৰ্মনে।
Also Read: তিনিচুকীয়া কলেজৰ অধ্যক্ষৰ নাম ব্যৱহাৰ কৰি ফেচবুকত ইতিকিংসূচক পোষ্ট...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us