
ডিজিটেল সংবাদ তিনিচুকীয়া: তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সূৰ্য চুতীয়াৰ নামফলক ব্যৱহাৰ কৰি Alia vs Papu Jokes নামৰ এক ফেচবুক পেজত যোৱা ৭ আগষ্টত আপলোড কৰা এটা পোষ্টৰ জৰিয়তে চুতীয়া জনগোষ্ঠীক ইতিকিং কৰাৰ লগতে অধ্যক্ষগৰাকীৰ পদমৰ্যদা হানি কৰিবলৈ যত্ন কৰাক কেন্দ্ৰ কৰি তিনিচুকীয়া জিলাত মিশ্রিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে ফেচবুক পোষ্টটোত অধ্যক্ষগৰাকীক ছাত্ৰৰ জৰিয়তে ঠাট্টাসূচক টিপ্পনী দিয়া হৈছে ।
ইতিমধ্যে চুতীয়া জাতীয় গৱেষণা পৰিষদৰ সভাপতিৰ দায়িত্বও গ্ৰহণ কৰি থকা অধ্যক্ষগৰাকীয়ে তেওঁৰ নামফলক অকতৃত্বশীলভাৱে ব্যৱহাৰ কৰি অধ্যক্ষ পদবীৰ মৰ্যদা হানিৰ লগতে চুতীয়া জনগোষ্ঠীক ঘোৰ অপমানেৰে জাতিগত বিদ্বেষপূৰ্ণ ফেচবুক পোষ্টটোৱে সমাজৰ সম্প্ৰীতি বিনষ্ট কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। তেওঁ তিনিচুকীয়া সদৰ থানাত এক এজাহাৰ দাখিল কৰি নিৰ্দিষ্ট ফেচবুক পেজৰ বিৰুদ্ধে আই টি এক্ট তথা ভাৰতীয় দণ্ডবিধি আইনৰ সংশ্লিষ্ট ধাৰাত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।
ইফালে চুতীয়া জনগোষ্ঠীৰ সন্মানীয় অধ্যক্ষগৰাকীৰ জৰিয়তে চুতীয়াসকলকৰ লগতে অধ্যক্ষগৰাকীক এইদৰে ঠাট্টা-মস্কৰা কৰা কাৰ্যক চুতীয়া জাতীয় গৱেষণা পৰিষদৰ সম্পাদক জ্যোতিপ্ৰসাদ চুতীয়া আৰু তিনিচুকীয়া জিলা চুতীয়া সন্মিলনৰ সভাপতি প্ৰাঞ্জল শইকীয়াই তীব্ৰ নিন্দা কৰিছে। তেওঁলোকে নিৰ্দিষ্ট লোকজনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল'বলৈ দাবী জনাইছে ।
তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাইও চুতীয়া জাতিক অপমান কৰা বিতৰ্কিত পোষ্টটোৰ অন্তৰালৰ লোকজনক পোহৰলৈ আনি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ তিনিচুকীয়া আৰক্ষীক আহ্বান জনাইছে । অন্যথা আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব বুলি স্পষ্ট কৰি দিছে ।